ৰাছিয়ান সেনাৰ সুৰক্ষা জোতা তৈয়াৰ হয় ভাৰতত: বিহাৰৰ হাজীপুৰত আছে কাৰখানা - Bihar Shoes International Entry
Bihar Shoes International Entry : হাজীপুৰস্থিত কম্পিটেন্স এক্সপোৰ্টছ প্ৰাইভেট লিমিটেডে ৰাছিয়ান সেনাৰ বাবে সুৰক্ষা জোতা আৰু ইউৰোপীয় বজাৰৰ বাবে ফেশ্বন জোতা প্ৰস্তুত কৰি আন্তৰ্জাতিক বজাৰত প্ৰৱেশ কৰিছে ।

Published : July 10, 2024 at 5:09 PM IST
বিশেষ প্ৰতিবেদন, ১০ জুলাই : এই কথা সকলোৱে জানো যে তেল আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ ওপৰত ভাৰত ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল । বিশেষকৈ আমি ৰাছিয়াৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ তথা গোলাবাৰুদ ক্ৰয় কৰো । কিন্তু এই কথা জানি আচৰিত হ'ব যে নিজৰ সামৰিক বাহিনীৰ সুৰক্ষাকৱচৰ বাবে ৰাছিয়াও ভাৰতৰ ওপৰত নিৰ্ভৰশীল ।
ৰাছিয়াৰ সামৰিক বাহিনীয়েও ভাৰতৰ পৰা বহু অত্যাৱশ্যকীয় সামৰিক সামগ্ৰী আমদানি কৰে । তাৰে ভিতৰত এটা হৈছে দেশখনৰ সেন্যবাহিনীৰ বাবে প্ৰয়োজনীয় সুৰক্ষা বুট । এই জোতা প্ৰস্তুত হয় বিহাৰৰ হাজীপুৰত । হয়, বিহাৰৰ জোতা হৈছে ৰাছিয়ান সেনাৰ বাবে প্ৰথম পছন্দ । যুদ্ধক্ষেত্ৰতে হওক বা বৰফৰ ভূমি, ৰাছিয়ান সেনাই হাজীপুৰৰ বিশেষ জোতাৰ ওপৰত বিশ্বাস ৰাখে । আনকি হিমশীতল ঠাণ্ডাতো ৰাছিয়ান সেনাই নিজৰ ভৰি সুৰক্ষিত কৰি ৰাখিবলৈ এই জোতা ব্যৱহাৰ কৰে । কম্পিটেন্স এক্সপোৰ্টছ প্ৰাইভেট লিমিটেড (Competence Exports Private Limited) নামৰ এই কোম্পানীটো হাজীপুৰৰ ঔদ্যোগিক এলেকাত অৱস্থিত ।
হাজীপুৰত প্ৰস্তুত হয় ৰাছিয়ান সেনাৰ সুৰক্ষা বুট
"আমি ২০১৮ চনত হাজীপুৰত আমাৰ এই কাম আৰম্ভ কৰিছিলোঁ আৰু আমাৰ মুখ্য উদ্দেশ্য হৈছে স্থানীয় নিযুক্তি সৃষ্টি কৰা ।" কম্পিটেন্সি এক্সপোৰ্টছ প্ৰাইভেট লিমিটেডৰ জেনেৰেল মেনেজাৰ শিৱ কুমাৰ ৰয়ে কয় । তেওঁ লগতে কয়, "হাজীপুৰত আমি প্ৰস্তুত কৰা সুৰক্ষা জোতাবোৰ ৰাছিয়ালৈ ৰপ্তানি হয় । মুঠ ৰপ্তানি ৰাছিয়ালৈ হয় যদিও আমি ক্ৰমান্বয়ে ইউৰোপীয় বজাৰৰ ফালেও আগবাঢ়িছোঁ আৰু সোনকালেই ঘৰুৱা বজাৰতো আত্মপ্ৰকাশ কৰিম ।"
"ৰাছিয়ান সামৰিক বাহিনীৰ প্ৰয়োজন হৈছে পাতল কিন্তু পিছলবিৰোধী বুট, যিবোৰ -40 ডিগ্ৰী চেলচিয়াছৰ দৰে অত্যধিক ঠাণ্ডা বতৰৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সক্ষম হ'ব লাগিব । উক্ত পৰিস্থিতি অনুযায়ী আমি সুৰক্ষা জোতা তৈয়াৰ কৰোঁ । কেৱল হাজীপুৰতে নহয়, আমি ৰাছিয়ালৈ ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা আৰু আমি আশাকৰোঁ যে এই সংখ্যা দিনক দিনে বৃদ্ধি পাব ।" তেওঁ কয় ।
কোটি টকা মূল্যৰ ৰপ্তানি
"আমি মহিলাসকলক সৰ্বাধিক নিযুক্তি দিয়াৰ বাবে যথাসাধ্য চেষ্টা কৰি আছোঁ আৰু 300 গৰাকী কৰ্মচাৰীৰ ভিতৰত 70% মহিলা । আমি যোৱা বছৰ 1.5 নিযুত যোৰা জোতা ৰপ্তানি কৰিছোঁ । ইয়াৰ মূল্য প্ৰায় 100 কোটি টকা । আনহাতে, আগন্তুক বছৰত ইয়াৰ পৰিমাণ 50 শতাংশ বৃদ্ধিৰে অধিক সম্প্ৰসাৰিত হ'ব বুলি আশা কৰিছোঁ ।" শিৱ কুমাৰ ৰায়ে কয় ।
ইউৰোপত ফেশ্বনেবল জোতাৰ চাহিদা
কম্পিটেন্সি এক্সপোৰ্টছ প্ৰাইভেট লিমিটেডৰ ফেশ্বন ডেভেলপমেণ্ট এণ্ড মাৰ্কেটিঙৰ মুৰব্বী মাজহাৰ পাললুমাইয়াই কয়, "বজাৰত আমাৰ মুখ্য শক্তি হৈছে ফ্ৰান্স, ইটালী, স্পেইন আৰু ব্ৰিটেইন । আমাৰ লক্ষ্য হৈছে আন্তৰ্জাতিক ব্ৰেণ্ডৰ বাবে উচ্চ স্তৰৰ জোতা প্ৰস্তুত কৰা । আমি অলপতে বেলজিয়ামৰ এটা কোম্পানীৰ সৈতে আলোচনা আৰম্ভ কৰিছোঁ । প্ৰথমতে বিদেশী কোম্পানীবোৰৰ কিছু সন্দেহ আছিল । কিন্তু যেতিয়া তেওঁলোকে ইয়াৰ নমুনা লাভ কৰে, তাৰ পিচত তেওঁলোক নিশ্চিত হয় ।"
"আমি আশা কৰিছোঁ যে আন কিছু কোম্পানীয়ে অহা মাহত কাৰখানাটো পৰিদৰ্শন কৰিব । বিহাৰত, বিশেষকৈ হাজীপুৰত ফেশ্বন উদ্যোগ আৰম্ভ কৰাটো এক প্ৰত্যাহ্বান । কিন্তু প্ৰচাৰৰ দূৰদৰ্শিতা আৰু চৰকাৰী সমৰ্থনে আমাক এই দিশত আগবাঢ়িযাবলৈ সক্ষম কৰিছে ।" এই বিভাগৰ মুৰব্বী মাজহাৰ পাললুমাইয়াই লগতে কয় ।

