ETV Bharat / bharat

ইউক্ৰেইনত ভাৰতীয় প্ৰতিষ্ঠানত ৰাছিয়াৰ মিছাইল আক্ৰমণ - RUSSIA UKRAINE WAR

কুসুম নামৰ ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীৰ গুদামত ৰাছিয়াই মিছাইল আক্ৰমণ কৰে । যথেষ্ট পৰিমাণৰ ঔষধৰ সামগ্ৰী ভস্মীভূত হয় ।

Russia Ukraine war
ইউক্ৰেইনত ভাৰতীয় প্ৰতিষ্ঠানত ৰাছিয়াৰ মিছাইল আক্ৰমণ (X@MartinHarrisOBE)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 12:51 PM IST

3 Min Read

নতুন দিল্লী : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । ইউক্ৰেইনৰ বিভিন্ন অংশত ৰাছিয়াই মিছাইল আক্ৰমণ চলাই আছে । এইবাৰ ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীৰ এটা গুদামত ৰাছিয়াৰ মিছাইল আক্ৰমণ । ভাৰতত থকা ইউক্ৰেইনৰ দূতাবাসে কয় যে শনিবাৰে ইউক্ৰেইনৰ ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীটোৰ গুদামত ৰাছিয়াই মিছাইল আক্ৰমণ কৰে ।

সামাজিক মাধ্যমৰ এটা পোষ্টত দূতাবাসে অভিযোগ কৰে যে ভাৰতৰ সৈতে বিশেষ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে যদিও ৰাছিয়াই ইচ্ছাকৃতভাৱে ইউক্ৰেইনত থক ভাৰতীয় প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে ।

ইউক্ৰেইনৰ দূতাবাসে কয়, "আজি ইউক্ৰেইনৰ ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী কুসুমৰ গুদামত ৰাছিয়াৰ এটা মিছাইলে আঘাত কৰিছে । ভাৰতৰ সৈতে বিশেষ বন্ধুত্ব দাবী কৰাৰ সময়তে মস্কোৱে ইচ্ছাকৃতভাৱে ভাৰতীয় ব্যৱসায়ক লক্ষ্য কৰি লৈছে- শিশু আৰু বৃদ্ধসকলৰ বাবে নিৰ্ধাৰিত ঔষধ ধ্বংস কৰিছে ।"

অৱশ্যে আক্ৰমণ সন্দৰ্ভত তাৎক্ষণিকভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । ইয়াৰ পূৰ্বে ইউক্ৰেইনত ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত মাৰ্টিন হেৰিছে কৈছিল যে ৰাছিয়াৰ আক্ৰমণে কিয়েভৰ এক মুখ্য ফাৰ্মাচিউটিকেল ৱেৰহাউচ ধ্বংস কৰিছে ।

তেওঁ কয় যে আক্ৰমণটো ৰাছিয়ান ড্ৰোণৰ দ্বাৰা কৰা হৈছিল । হেৰিছে এক্সৰ এটা পোষ্টত লিখিছে, "আজি পুৱা ৰাছিয়াৰ ড্ৰোণে কিয়েভৰ এটা মুখ্য ফাৰ্মাচিউটিকেল ৱেৰহাউচ সম্পূৰ্ণৰূপে ধ্বংস কৰে, যাৰ ফলত বৃদ্ধ আৰু শিশুসকলৰ বাবে প্ৰয়োজনীয় ঔষধৰ সামগ্ৰী ভস্মীভূত হয় । ইউক্ৰেইনৰ নাগৰিকৰ বিৰুদ্ধে ৰাছিয়াৰ ভয়ংকৰ অভিযান অব্যাহত আছে ।"

কুসুম হেল্থকেয়াৰে নিজৰ ৱেবছাইটত কৈছে যে ইউক্ৰেইন, মলদোভা, উজবেকিস্তান, কাজাখস্তান কেনিয়া, আইভৰী কোষ্ট, বেনিন, বুৰ্কিনা ফাছো, ইথিওপিয়া, নাইজাৰ, কেমেৰুন, মালি আৰু তাঞ্জানিয়াকে ধৰি ২৯ খন দেশত তেওঁলোকৰ প্ৰতিষ্ঠান আছে । যোৱা কেইদিনমানত ৰাছিয়াই ইউক্ৰেইনত কেইবাটাও আক্ৰমণ কৰিছে । আনকি আমেৰিকাই কিয়েভ আৰু মস্কোৰ মাজত যুদ্ধবিৰতিৰ বাবেও জোৰ দি আহিছে ।

আমেৰিকাৰ দূত ষ্টিভ ৱিটকফে শুকুৰবাৰে ছেইণ্ট পিটাৰ্ছবাৰ্গত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰি ইউক্ৰেইনত যুদ্ধবিৰতিৰ বিষয়ে আলোচনা কৰে । ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী এন্দ্ৰি চিবিহাই অভিযোগ কৰিছে যে ৰাছিয়া হৈছে শান্তিৰ একমাত্ৰ বাধা । চিবিহাই জেদ্দাত শান্তিৰ বাবে আমেৰিকাৰ মধ্যস্থতাত হোৱা আলোচনাৰ কথা উল্লেখ কৰি কয় যে ইউক্ৰেইন যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মত হৈছে ।

তেওঁ কয়, "ৰাছিয়াই সন্মত হ'বলৈ অস্বীকাৰ কৰিছে, তাৰ পৰিৱৰ্তে চৰ্ত আৰু দাবী আগবঢ়াইছে ।" তেওঁ কয় যে ১১ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈ ৰাছিয়াই ইউক্ৰেইনত বিভিন্ন ধৰণৰ প্ৰায় ৭০ টা মিছাইল, ২,২০০ তকৈও অধিক শ্বাহেদ ড্ৰোণ আৰু ৬,০০০ তকৈও অধিক আকাশী বোমা নিক্ষেপ কৰিছে । এইবোৰ শান্তি প্ৰস্তাৱৰ প্ৰতি ৰাছিয়াৰ সঁহাৰি আছিল বুলিও মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে ।

লগতে পঢ়ক :মুৰ্ছিদাবাদৰ হিংসাত ৩ জনৰ মৃত্যু...১৩৮ জনক গ্ৰেপ্তাৰ, কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ - WAQF AMENDMENT ACT PROTESTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.