ETV Bharat / bharat

ৰাহুলৰ দাবী অস্বীকাৰ ভাৰতীয় সেনাৰ : অগ্নিবীৰ অজয়ৰ পৰিয়ালক দিয়া হৈছে ক্ষতিপূৰণ - Agniveer compensation case

Agniveer compensation case: শেহতীয়াকৈ কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুৱাইছিল অগ্নিবীৰ অজয় কুমাৰে । কিন্তু শ্বহীদ জোৱানজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হোৱা নাই বুলি ৰাহুল গান্ধীয়ে দাবী কৰাৰ পিচতে বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰিছে । ভাৰতীয় সেনাই স্পষ্টীকৰণত উল্লেখ কৰিছে তেওঁৰ পৰিয়ালক ইতিমধ্যে ক্ষতিপূৰণ হিচাপে ৯৮.৩৯ লাখ টকা দিয়া হৈছে ।

Agniveer compensation case
ৰাহুলৰ দাবী অস্বীকাৰ ভাৰতীয় সেনাৰ (X@RahulGandhi)
author img

By ETV Bharat Assamese Team

Published : July 4, 2024 at 11:26 AM IST

|

Updated : July 4, 2024 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,৪ জুলাই : কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা অগ্নিবীৰ অজয় কুমাৰৰ পৰিয়ালক ক্ষতিপূৰণ নিদিয়াৰ দাবী অস্বীকাৰ কৰিলে ভাৰতীয় সেনাই । ভাৰতীয় সেনাই বুধবাৰে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে জোৱানজনৰ পৰিয়ালক ইতিমধ্যে নিৰ্ধাৰিত পৰিমাণৰ ভিতৰত ৯৮.৩৯ লাখ টকা দিয়া হৈছে । শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক্সত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত শ্বহীদ জোৱানজনৰ পিতৃৰ মন্তব্য আছিল । সেই পোষ্টটোৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই স্পষ্টীকৰণ দিয়ে আৰু কয় যে জোৱানজনে ক্ষতিপূৰণ হিচাপে লাভ কৰিব প্ৰায় ১.৬৫ কোটি টকা ।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে অজয়ৰ গোচৰৰ উদ্ধৃতি দি অভিযোগ কৰিছিল যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্বহীদ অগ্নিবীৰৰ পৰিয়ালক ক্ষতিপূৰণৰ বিষয়টো সম্পৰ্কে সংসদত 'মিছা' কথা কৈছে আৰু ইয়াৰ বাবে ক্ষমা বিচাৰিব লাগে ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ বিতৰ্কত ভাষণ দি থকা সময়ত সিঙে সোমবাৰে কৈছিল যে কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা এজন অগ্নিবীৰে ১ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰে ।

আনহাতে ৰাহুল গান্ধীয়ে অগ্নিপথ আঁচনিৰ সমালোচনা কৰি কয় যে চৰকাৰে আনকি অগ্নিবীৰসকলক 'শ্বহীদ'ৰ মৰ্যাদা নিদিয়ে আৰু যদি তেওঁলোক কৰ্তব্যৰ সময়ত নিহত হয় তেন্তে তেওঁলোকৰ পৰিয়ালক কোনো ক্ষতিপূৰণ প্ৰদান কৰা নহয় ।

অৱশ্যে এই সকলো বিতৰ্কৰ অন্তত সেনাৰ অতিৰিক্ত ৰাজহুৱা তথ্য সঞ্চালকালয়ে বুধবাৰে কয় যে ভাৰতীয় সেনাই 'অগ্নিবীৰ অজয় কুমাৰে কৰা সৰ্বোচ্চ ত্যাগক অভিবাদন জনাইছে' আৰু কয় যে অগ্নিবীৰকে ধৰি এগৰাকী নায়কৰ পৰিয়ালক দ্ৰুততাৰে ক্ষতিপূৰণ দিয়া হয় । পোষ্টটোত উল্লেখ কৰা হয় যে অন্তিম সংস্কাৰ সম্পূৰ্ণ সামৰিক সন্মানেৰে সম্পন্ন কৰা হৈছিল । লগতে ক্ষতিপূৰণৰ অংশ হিচাপে অগ্নিবীৰ অজয়ৰ পৰিয়ালক ইতিমধ্যে ৯৮.৩৯ লাখ টকা পৰিশোধ কৰা হৈছে ।

আনহাতে অগ্নিবীৰ আঁচনিৰ ব্যৱস্থা অনুসৰি প্ৰযোজ্য প্ৰায় ৬৭ লাখ টকাৰ অনুদান আৰু অন্যান্য লাভালাভ, আৰক্ষীৰ প্ৰমাণীকৰণৰ পিচত অতি সোনকালেই চূড়ান্ত একাউণ্টত পৰিশোধ কৰা হ'ব ।

বিষয়াসকলৰ মতে পৰিশোধ কৰিব লগা মুঠ ধনৰ ভিতৰত আছে ভাৰত চৰকাৰৰ পৰা বীমা হিচাপে ৪৮ লাখ টকা; বুজাবুজি চুক্তিৰ অধীনত বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা বীমা হিচাপে ৫০ লাখ টকা আৰু ৩৯,০০০ টকা অতিৰিক্ত ।

লগতে পঢ়ক :কোটি কোটি ভাৰতীয়ৰ আস্থা আৰু বিশ্বাসত আঘাত হানিছে ৰাহুল গান্ধীয়ে: মনোজ বৰুৱা - Rahul Gandhi Hindu remark
Last Updated : July 4, 2024 at 2:57 PM IST