ETV Bharat / bharat

কোনে চুটকেছত ভৰাই পেলাই থৈ গ'ল কংগ্ৰেছ নেত্ৰী হিমানীৰ মৃতদেহ ?

মহিলা কংগ্ৰেছ কৰ্মীক হত্যা ৷ ভুক্তভোগীৰ মাতৃয়ে দলৰ বিৰুদ্ধেই টোৱাইছে আঙুলি ৷ পঢ়ক বিতং খবৰ...

Rohtak Murder
ৰোহটক হিমানী নৰৱালৰ হত্যাকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 5:53 PM IST

|

Updated : March 2, 2025 at 6:43 PM IST

6 Min Read
Choose ETV Bharat

ৰোহটক: শনিবাৰে হাৰিয়ানাৰ ছাম্পলা বাছষ্টেণ্ডৰ সমীপত ৰোহটক-দিল্লী পথৰ কাষত এটা ছুটকেছৰ ভিতৰত উদ্ধাৰ হৈছিল কংগ্ৰেছ কৰ্মী হিমানী নৰৱালৰ মৃতদেহ । এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে আতংক । কংগ্ৰেছে এই সন্দৰ্ভত দাবী কৰিছে উচ্চ পৰ্যায়ৰ তদন্ত । আৰক্ষীৰ মতে, মহিলা নেত্ৰীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে ।

ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ আছিল হিমানী নৰৱাল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল নেত্ৰীগৰাকীয়ে ৷ নৰৱালৰ মাতৃয়ে দলটোৰ একাংশ কৰ্মীকে এই হত্যাৰ ক্ষেত্ৰত দোষী বুলি উত্থাপন কৰিছে অভিযোগ ।

হিমানীৰ মাতৃৰ অভিযোগ দলৰ বিৰুদ্ধে

মৃত হিমানী নৰৱালৰ মাতৃ সবিতাই কন্যাৰ হত্যাকাণ্ডৰ বাবে দল আৰু নিৰ্বাচনক জগৰীয়া কৰিছে । তেওঁ কয়, "নিৰ্বাচন আৰু দলে মোৰ ছোৱালীৰ প্ৰাণ কাঢ়ি লৈ ​​গ'ল । দলীয় কাম-কাজৰ বাবেই তাইৰ বিৰুদ্ধে একাংশ লোকে শত্ৰুতা পুহি ৰাখিছিল ৷"

"এইসকল (অপৰাধী) দলৰ হ’ব পাৰে, তাইৰ বন্ধুও হ’ব পাৰে । ২৮ ফেব্ৰুৱাৰীত তাই ঘৰত আছিল । আমালৈ থানাৰ পৰা ফোন আহিছিল (ঘটনাটোৰ বিষয়ে) । মোৰ ছোৱালীজনী ভূপিন্দৰ সিং হুদাৰ পত্নী আশা হুদাৰ অতি ঘনিষ্ঠ আছিল, ন্যায় নোপোৱালৈকে মই শেষ ৰীতি-নীতি সম্পন্ন নকৰো" বুলিও হিমানীৰ মাতৃয়ে মন্তব্য কৰে ।

লগতে তেওঁ কয়, "হয়, আমাৰ পাৰিবাৰিক বিবাদ হৈছিল, আমি অলপ ভয়ৰ মাজতে জীয়াই আছিলো । মই ইয়াৰ পৰা মোৰ ল'ৰাটোক বি এছ এফ কেম্পলৈ লৈ গৈছিলো । মোৰ ডাঙৰ ল'ৰাটোক ২০১১ চনত হত্যা কৰা হৈছিল । আমি কেতিয়াও ন্যায় নাপালো । গতিকে, আনজন ল'ৰাক বি এছ এফ কেম্পলৈ লৈ গৈছিলো তাৰ জীৱন বচাবলৈ । মোৰ ছোৱালীজনী নিৰ্বাচনৰ পিছত দলটোক লৈ অলপ হতাশ হৈছিল ৷"

"পৰৱৰ্তী সময়ত চাকৰিৰ প্ৰয়োজনৰ বাবেই তাই দলৰ হৈ অধিক কাম কৰিব বিচৰা নাছিল ৷ যোৱা ১০ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল হিমানী । তায়ো বিয়া পাতিবলৈ মান্তি লৈছিল ৷ পুৱা আশা হুদালৈ ফোন কৰিলো, কিন্তু মোৰ ফোন ৰিচিভ নকৰিলে ৷" হিমানী নৰৱালৰ মাতৃয়ে ক্ষোভেৰে ক'লে ৷

ৰাহুল গান্ধীৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল হিমানীয়ে

একে সময়তে মৃতকৰ ভাতৃ যতীনে কয়, "মোৰ ভগ্নীয়ে ৰাহুল গান্ধীৰ সৈতে পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল ৷" এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ঝজ্জাৰৰ কংগ্ৰেছ বিধায়িকা গীতা ভুক্কলে কয়, "এয়া অতি বেদনাদায়ক ঘটনা । ই অমানৱীয়, হিমানীক যি ধৰণে হত্যা কৰা হৈছে, সেয়া চিন্তাৰ বিষয় । আমাৰ ৰাজ্য, আমাৰ সমাজখন ক'লৈ গৈ আছে ? ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে । হিমানী নৰৱাল আছিল দলৰ অতি সক্ৰিয় কৰ্মী । ইয়াৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব লাগে ৷"

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

গোটেই বিষয়টো প্ৰত্যক্ষ কৰা এগৰাকী মহিলাই এনেদৰে ক’লে, "মই ৰাজস্থানৰ পৰা আহিছিলো, ইয়াত ভিৰ দেখিছিলো । এইজনী ২০-২২ বছৰীয়া ছোৱালী হ’ব । তেওঁৰ মৃতদেহটো কম্বলত মেৰিয়াই ছুটকেছত ৰাখিছিল ৷ যুৱতীগৰাকীৰ চূৰ্ণীখন সেই ঠাইতে পৰি আছিল ৷"

ইফালে মৃতদেহটো পোৱা ঠাইত উপস্থিত থকা এজন ৰাজপথৰ ব্যৱসায়ীয়ে কৈছিল এনেদৰে, "মোৰ দোকানখন ১৫ দিন বন্ধ আছিল আৰু মই গাঁৱলৈ গৈছিলো । পুৱা প্ৰায় ১১ বজাত এটা ছুটকেছত এগৰাকী ছোৱালীৰ মৃতদেহ দেখা পালো । ইয়াত বহু লোক গোট খাইছিল ৷ ইয়ালৈ আৰক্ষীও আহিছিল । মৃতদেহটো উলিয়াই অনাৰ পিছত তাৰ পৰা মোক যোৱাৰ নিৰ্দেশ দিয়াত মই সেই স্থান পৰিত্যাগ কৰো ৷"

এছ আই টি গঠনৰ দাবী

কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্ৰাই হিমানী নৰৱালৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ এছ আই টি গঠন কৰাৰ দাবী উত্থাপন কৰে ৷ যাৰ জৰিয়তে অতি সোনকালে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা যায় ৷ মহিলা কংগ্ৰেছ কৰ্মী হিমানীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুদাৰ । অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে হত্যাৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ মতে, শনিবাৰে পুৱা প্ৰায় ১১ বজাত ৯ নং ছাম্পলা বাইপাছ ৰাষ্ট্ৰীয় ঘাইপথৰ বাছষ্টেণ্ডৰ কাষতে থকা বেৰৰ সমীপত এটা নতুন ক’লা ছুটকেছত মৃতদেহটো উদ্ধাৰ হয় । এই ঘটনাৰ পিছত কংগ্ৰেছে নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত বিজেপিক লৈ অহৰহ প্ৰশ্ন উত্থাপন কৰি আহিছে ।

"মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত এফ এছ এলৰ দলটোক মাতি অনাৰ পিছতে তেওঁলোকে সেই স্থানৰ পৰাই প্ৰয়োজনীয় সকলো প্ৰমাণ সংগ্ৰহ কৰে । মৃতদেহটো চিনাক্ত কৰা হৈছে । মৰণোত্তৰ পৰীক্ষা কৰা হ'ব । আমাৰ হাতত থকা প্ৰমাণ আৰু আহিবলগীয়া প্ৰতিবেদনৰ ভিত্তিত দুয়োটা তথ্য নিশ্চিত কৰাৰ পিছত আমি অধিক ব্যৱস্থা গ্ৰহণ কৰিম ৷" আৰক্ষীৰ ভাষ্য এয়া ৷

"আমি প্ৰাথমিক তদন্তৰ অন্তত যি দেখিলো, তাৰ ওপৰত ভিত্তি কৰি হত্যাৰ গোচৰ ৰুজু কৰিছো । মৃতকৰ পৰিয়ালৰ লোকে আমাক জনাইছে যে তেওঁ এগৰাকী কংগ্ৰেছ কৰ্মী আছিল আৰু আইন অধ্যয়ন কৰি আছিল । আমি গোচৰটো একাধিক কোণৰ পৰা চাইছো, কিন্তু আমি প্ৰমাণ আৰু প্ৰতিবেদন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম ৷" এইদৰে কয় ৰোহটক আৰক্ষীৰ তদন্তকাৰী বিষয়া নৰেন্দ্ৰই ৷

পাঁচটাকৈ দল গঠন আৰক্ষীৰ

কংগ্ৰেছৰ মহিলা কৰ্মী হিমানী নৰৱালৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ৫ টা দল গঠন কৰিছে । হিমানীৰ ঘৰত আৰু আশে-পাশে স্থাপন কৰা চি চি টিভি কেমেৰাৰ ফুটেজ তন্ন-তন্নকৈ তদন্ত কৰি আছে, যাতে কিছু সূত্ৰৰ সন্ধান পোৱা যায় ।

ইয়াৰ সমান্তৰালকৈ দলটোৱে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত কোনো সন্দেহজনক যোগাযোগ বা শেহতীয়া কার্যকলাপৰ বিষয়ে জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে ছুটকেছটো পোৱা ঠাইত নাই কোনো চি চি টিভি কেমেৰা ৷ যাৰ বাবে তদন্তকাৰী দলটো কিছু সমস্যাৰ সন্মুখীন হৈছে । অৱশ্যে বিষয়টোৰ তদন্তত দলটোৱে অহৰহ সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: উত্তৰাখণ্ডত হিমস্খলনত সন্ধানহীন ৪ শ্ৰমিকক বিচাৰি তৃতীয় দিনাও অব্যাহত অভিযান - GLACIER BURST IN UTTARAKHAND

Last Updated : March 2, 2025 at 6:43 PM IST