ETV Bharat / bharat

উজনি মুৱা ট্ৰেইনত ডকাইতিকাণ্ড; চলন্ত ৰে’লৰ পৰাই দলিয়াই যুৱতীক হত্যা - ROBBERY IN MOVING TRAIN

উজনি মুৱা কামাখ্যা ধাম এক্সপ্ৰেছ ট্ৰেইনত ডকাইতিকাণ্ড । চলন্ত ৰে’লৰ পৰাই দলিয়াই দিয়া হ’ল যুৱতীক ।

ROBBERY IN MOVING TRAIN
চলন্ত ৰে’লৰ পৰাই দলিয়াই দিয়া হ’ল যুৱতীক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2025 at 10:28 PM IST

3 Min Read

ভাগলপুৰ : চলন্ত ৰে’লত ডকাইতিকাণ্ড । এইবাৰ উজনি মুৱা কামাখ্যা ধাম এক্সপ্ৰেছ ট্ৰেইনত সংঘটিত হৈছে এই ঘটনাটো ।

তথ্য অনুসৰি, বিহাৰৰ ভাগলপুৰত সংঘটিত এই দুৰ্ঘটনাটো । চলন্ত ৰে’লত এজনী ছোৱালীক ডকাইতিৰ চেষ্টা কৰা হৈছিল । যেতিয়া ছোৱালীজনীয়ে হুলস্থূল কৰে তেতিয়াই তেওঁক চলন্ত ৰে’লৰ পৰা দলিয়াই পেলাই দিয়া হয় । পৰৱৰ্তী সময়ত স্থানীয় লোকে তেওঁক চিকিৎসাৰ বাবে ভাগলপুৰ মায়াগঞ্জ হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

  • ভাগলপুৰৰ এখন চলন্ত ৰে’লত ডকাইতি :

ঘটনা সন্দৰ্ভত মঙলবাৰে পুৱা মালদা সংমণ্ডলৰ সাহিবগঞ্জ ভাগলপুৰ ৰে’ল শাখাৰ মাজত উজনি মুৱা কামাখ্যা ধাম এক্সপ্ৰেছ ৰে’ল (১৫৬২০)ত দুষ্কৃতিকাৰীয়ে লুটপাত কৰাৰ খবৰ পোৱা গৈছে ।

ROBBERY IN MOVING TRAIN
চলন্ত ৰে’লৰ পৰাই দলিয়াই দিয়া হ’ল যুৱতীক (ETV Bharat)

চলন্ত ৰে’লৰ পৰা বাহিৰলৈ পেলাই দিয়া হয় এগৰাকী ছোৱালীক । এই ঘটনাটো সংঘটিত হৈছে ছাবৌ ৰে’ল ষ্টেচনৰ সমীপত ।

  • ছাবৌৰ ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে ঘটনাটো :

নিহত যুৱতীগৰাকী খগড়িয়া নিবাসী সুনীল কুমাৰৰ কন্যা কাজল কুমাৰী বুলি চিনাক্ত কৰা হৈছে । কাজলে পৰিয়ালৰ সৈতে এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ আছিল । তেনেতে দুষ্কৃতিকাৰীয়ে ছাবৌৰ ৰে’ল ষ্টেচনৰ সমীপত এই ঘটনা সংঘটিত কৰে ।

  • ডকাইতিৰ সময়তে কিশোৰীগৰাকীক ৰে’লৰ পৰা বাহিৰলৈ দলিয়াই দিয়া হয় :

লাভ কৰা তথ্য অনুসৰি ৰে’লখন ছাবৌৰ ষ্টেচন পোৱাৰ লগে লগে কাজলৰ বেগৰ পৰা মোবাইল আৰু ধন কাঢ়ি নিবলৈ চেষ্টা কৰে দুজন দুষ্কৃতিকাৰীয়ে । কাজলে প্ৰতিবাদ কৰাত দুষ্কৃতিকাৰীয়ে তেওঁক চলন্ত ৰে’লখনৰ পৰা দলিয়াই পেলাই দিয়া হয় ।

  • ‘‘আহত কাজলক কোনেও সহায় নকৰিলে’’ :

এই ঘটনা সংঘটিত হোৱাৰ পাচতে কাজলৰ পৰিয়ালৰ লোকে ৰেলৰ শিকলি টানি ৰেলখন ৰখাই দিয়ে । ইয়াৰ পিছত প্ৰায় ১৫ মিনিট সময় কাজল আঘাতপ্ৰাপ্ত অৱস্থাত ছাবৌ ষ্টেচনৰ সমীপতে পৰি থাকিল । কোনো এজন আৰ পি এফ আৰু জি আৰ পি জোৱানে ধৰণৰ সহায় আগবঢ়োৱা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ।

ইফালে পৰিয়ালটোৱে কোনোমতে আহত কাজলক এখন অট’ত লৈ মায়াগঞ্জ হাস্পতাললৈ লৈ যায় । কিন্তু চিকিৎসাধীন অৱস্থাতে কাজলৰ মৃত্যু হয় ।

"আমি ৰেলৱে আৰক্ষীৰ পৰা সহায় বিচাৰিছিলো, কিন্তু কোনেও সহায় কৰা নাছিল । সময়মতে সহায় পোৱা হ'লে আজি তাই জীয়াই থাকিলহেঁতেন ।" মৃতকৰ ভাতৃ জয় কুমাৰে কয় ।

  • ‘‘অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে’’ :

এই ঘটনা সন্দৰ্ভত কাজলৰ কনিষ্ঠ ভগ্নী জয়াই অভিযুক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । লগতে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত আবেদন জনাইছে পৰিয়ালটোৱে ।

নিহত যুৱতীগৰকীৰ পৰিয়ালৰ লোকে ৰে’ল প্ৰশাসনৰ গাফিলতিৰ পলতে এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : ভূটানলৈ ৰে'লেৰে যাব নেকি ? দুদিনমান অপেক্ষা কৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.