ETV Bharat / bharat

ভয়ংকৰ: বিহাৰত পথ দুৰ্ঘটনা ৯ জনৰ মৃত্যু, বাইকত খুন্দা মাৰি ট্ৰাকৰ সৈতে সংঘৰ্ষ স্কৰ্পিঅ'ৰ

Road Accident in Bihar : আৰক্ষীৰ সূত্ৰ অনুসৰি বিহাৰৰ কাইমুৰ জিলাৰ দেৱকালী গাঁৱত এখন চাৰিচকীয়া বাহন আৰু বাইকৰ সংঘৰ্ষত দুয়োখন বাহন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ডিভাইডাৰ পাৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সিটো পাৰে কন্টেইনাৰ ট্ৰাকত খুন্দা মাৰে। এই দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হয়। ​

Road Accident in Bihar
ভয়ংকৰ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 10:24 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী : বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ কাইমুৰ জিলাত ৰাষ্ট্ৰীয় ঘাইপথ 2 ৰ মহনীয়া অঞ্চলৰ দেৱকালী গাঁৱৰ সমীপত সংঘটিত হোৱা পথ দুৰ্ঘটনাত কমেও 9 জন লোকৰ থিতাতে কৰুণ মৃত্যু হৈছে ৷ এই ভয়ানক ঘটনাৰ পিছত ঘাইপথছোৱাত বৃহৎ যান-জঁটৰ সৃষ্টি হয় ৷ ঘটনাৰ তথ্য লাভ কৰি আৰক্ষী আৰু এন এইচ এ আইৰ দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহবোৰ উদ্ধাৰ কৰি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷

তথ্য অনুসৰি চাচাৰামৰ পৰা বাৰাণসী অভিমুখে এখন স্ক’ৰপিঅ’ বাহন গৈ আছিল ৷ দেৱকালী গাঁও পোৱাৰ লগে লগে বাইকৰ সৈতে সংঘৰ্ষ হয়, যাৰ ফলত দুয়োখন বাহন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ডিভাইডাৰ জঁপিয়াই ঘাইপথৰ সিটো পাৰে খুন্দা মাৰে ৷ পথৰ সিপাৰে পুনৰ কণ্টেইনাৰ ট্ৰাকৰ সৈতে বহুবাৰ সংঘৰ্ষ হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ঘটনাত স্ক’ৰপিঅ’ বাহনখনৰ আৰোহী আৰু বাইক আৰোহীকে ধৰি মুঠ 9 জন লোকৰ থিতাতে কৰুণ মৃত্যু হয় ৷ মৃত লোক সকলৰ চিনাক্তকৰণৰ কামত নিয়োজিত হৈ আছে আৰক্ষী ৷ মৃতদেহ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ভভুৱা সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ মোহনিয়াৰ এছ ডি পি অ’ দিলীপ কুমাৰে জানিবলৈ দিয়া মতে, স্ক’ৰপিঅ’ বাহনখন চাচাৰামৰ দিশৰ পৰা, মোহনিয়া হৈ উত্তৰ প্ৰদেশ অভিমুখে গৈ আছিল স্ক’ৰপিঅ’খন ৷ তিনিওখন বাহনৰ মাজত একাধিক সংঘৰ্ষ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে ৷

নিহত 9 জন লোকৰ ভিতৰত 8 জন লোক স্ক’ৰপিঅ’ত যাত্ৰা কৰা লোক আছিল ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি মৃতকৰ পৰিয়াললৈ তথ্য প্ৰেৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; সাতজন শ্ৰমিকৰ থিতাতে মৃত্যু