উত্তৰাখণ্ডত হিমস্খলনত সন্ধানহীন ৪ শ্ৰমিকক বিচাৰি তৃতীয় দিনাও অব্যাহত অভিযান
উত্তৰাখণ্ডত মানাত হিমস্খলনৰ পাছৰে পৰা বৰ্তমানো সন্ধানহীন ৪ শ্ৰমিক ৷ ইফালে হিমস্খলনত সন্ধানহীন হোৱা বুলি সন্দেহ কৰা এজন শ্ৰমিক উপস্থিত হৈছে নিজৰ বাসগৃহত ৷

Published : March 2, 2025 at 12:09 PM IST
চামোলী (উত্তৰাখণ্ড): ভাৰতৰ অন্তিমখন গাঁও মানাত শুকুৰবাৰে হিমস্খলনে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে ৷ এই হিমস্খলনত ৫৫ জন শ্ৰমিক আবদ্ধ হৈ পৰিছিল আৰু তেওঁলোকক উদ্ধাৰ বাবে অভিযান আৰম্ভ কৰা হয় । সাহায্য আৰু উদ্ধাৰকাৰী দলে বৰ্তমানলৈ ৫০ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । উদ্ধাৰ কৰা ৫০ জন শ্ৰমিকৰ ৪ জনৰ মৃত্যু হৈছে আৰু ২৩ জন শ্ৰমিক বৰ্তমান চিকিৎসাধীন হৈ আছে ।
আনহাতে আজি অৰ্থাৎ হিমস্খলনৰ তৃতীয় দিনা হিমবাহৰ ধ্বংসাৱশেষৰ তলত পোত যোৱা ৪ জন শ্ৰমিকৰ সন্ধানত অভিযান আৰম্ভ কৰা হয় ৷ আৱদ্ধ হৈ পৰা বুলি সন্দেহ কৰা ৫৫ জন শ্ৰমিকৰ এজনে কাকো খবৰ নিদিয়াকৈ ঘৰলৈ গৈছিল । শ্ৰমিকজনৰ পৰিয়ালৰ লোকে তেওঁ ঘৰলৈ যোৱাৰ কথা নিশ্চিত কৰিছে । নিৰুদ্দেশ হোৱা শ্ৰমিকসকলক বিচাৰিবলৈ সহস্ৰধৰাৰ পৰা হেলিকপ্টাৰেৰে ঘটনাস্থলীলৈ ভিক্টিম লকেটিং কেমেৰা (ভিএলচি) আৰু থাৰ্মেল ইমেজ কেমেৰাৰে সজ্জিত এছ ডি আৰ এফৰ এটা বিশেষজ্ঞ দল ৰাওনা হয় । এই যন্ত্ৰসমূহৰ সহায়ত (ভিক্টিম লোকেটিং কেমেৰা (ভিএলচি) আৰু থাৰ্মেল ইমেজ কেমেৰা) অনুসন্ধান অভিযান চলোৱা হ’ব ।
কাকো খবৰ নিদিয়াকৈ এজন শ্ৰমিক ঘৰলৈ যায়: হিমস্খলনত সন্ধানহীন হৈ থকা পাঁচজন শ্ৰমিক বিচাৰি শনিবাৰে উদ্ধাৰ অভিযান চলোৱা হৈছিল যদিও হিমাচলৰ এজন শ্ৰমিক কাকো খবৰ নিদিয়াকৈ ঘৰলৈ যোৱা বুলি জানিব পৰা হৈছে । সুনীল কুমাৰ নামৰ শ্ৰমিকজন হিমাচল কংৰাৰ বাসিন্দা ৷ তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাত তেওঁ ঘৰ গৈ পোৱা বুলি পৰিয়ালৰ লোকে নিশ্চিত কৰে । ইয়াৰ পিছত আজি ৪ জন শ্ৰমিকৰ উদ্ধাৰ অভিযান চলোৱা হয় । শনিবাৰে মুখ্যমন্ত্ৰী ধামীয়ে ক্ষতিগ্ৰস্ত অঞ্চল মানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ বাবেও নিৰ্দেশ দিয়ে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও সাহায্য আৰু উদ্ধাৰ অভিযানৰ ওপৰত দৃষ্টি ৰাখিছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানাত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উলিয়াবলৈ চলোৱা উদ্ধাৰ অভিযানৰ বুজ লয় ।
স্নিফাৰ ডগৰো সহায় লোৱা হ’ব: নিৰুদ্দেশ হোৱা চাৰিজন কৰ্মচাৰীৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নিয়োজিত হ’বলৈ ভাৰতীয় বায়ুসেনা যুদ্ধ ভিত্তিত নিয়োজিত হৈছে । ড্ৰোন ভিত্তিক বুদ্ধিমত্তাসম্পন্ন পুতি থোৱা বস্তু ধৰা পেলোৱা ব্যৱস্থাটো উদ্ধাৰৰ বাবে আকাশমাৰ্গেৰে প্ৰেৰণ কৰা হ’ব । ইয়াৰ উপৰিও সেনাৰ জি পি এছ ৰাডাৰ, গ্ৰাউণ্ড পেনেট্ৰেচন ৰাডাৰ আহ্বান কৰা হৈছে আৰু সেনাবাহিনীৰ স্নিফাৰ ডগৰো সহায় লৈ কণ্টেইনাৰ বিচাৰি উলিওৱা হ’ব । হিমস্খলন প্ৰভাৱিত অঞ্চলটোত উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে আই টি বি পিৰ কৰ্মীসকল ।
হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান: হিমস্খলনৰ বাবে পথটো বন্ধ হৈ পৰাৰ পিছত উদ্ধাৰৰ বাবে হেলিকপ্টাৰৰ সহায় লোৱা হৈছে । উদ্ধাৰৰ বাবে নিয়োগ কৰা হৈছে ৬ খন হেলিকপ্টাৰ । য'ত ভাৰতীয় সেনা বিমান পৰিবহণৰ ৩খন চিতা হেলিকপ্টাৰ, ভাৰতীয় বায়ুসেনাৰ ২খন চিতা হেলিকপ্টাৰ আৰু ভাৰতীয় সেনাই ভাৰাত লোৱা এখন অসামৰিক হেলিকপ্টাৰ অন্তৰ্ভুক্ত ।

