ETV Bharat / bharat

এসময়ত আছিল পাকিস্তানী;আজি ভাৰতৰ হৈ সীমান্তত যুঁজিবলৈ সাজু

বিকানেৰৰ সীমান্তৱৰ্তী গাঁও পুগালত বাস কৰা পাকিস্তানী শৰণাৰ্থীসকল আজি দেহে প্ৰাণে ভাৰতীয় । ভাৰতৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈও সাজু ।

India Pakistan Tensions
এসময়ত আছিল পাকিস্তানী;আজি ভাৰতৰ হৈ সীমান্তত যুঁজিবলৈ সাজু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 6:48 PM IST

3 Min Read
Choose ETV Bharat

বিকানেৰ : ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাময় পৰিৱেশ অব্যাহত আছে । দুয়োখন দেশৰে সীমান্তত নিৰাপত্তা বাহিনী সম্পূৰ্ণ সতৰ্কতাৰে দায়িত্ব পালন কৰিছে । এই পৰিস্থিতিৰ মাজতে ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত ৰাজস্থানৰ বিকানেৰত । বিকানেৰ জিলাৰ সীমান্তৱৰ্তী গাঁও পুগালত উপস্থিত হয় সাংবাদিকৰ দলটো । য'ত বহু সংখ্যক পাকিস্তানৰ পৰা স্থানান্তৰিত লোক আছে ।

তেওঁলোকে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল । সেই সময়ত এই লোকসকলক শৰণার্থী হিচাপে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু পাছত তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় ।

হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল ভাৰতলৈ :

এই স্থানান্তৰিত লোকসকলৰ বেদনা এতিয়াও তেওঁৰ হৃদয়ত সজীৱ হৈ আছে । সেই লোকসকলৰ ভিতৰত আছিল ভীখ সিং । ১৯৭১ চনত তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ । তেতিয়াৰ অভিজ্ঞতাৰ বৰ্ণনা কৰি ভীখ সিঙে কয় যে তেওঁ পাকিস্তানত অষ্টম শ্ৰেণীত পঢ়ি আছিল । যুদ্ধৰ সময়ত যেতিয়া ভাৰতলৈ অহাৰ সুযোগ আহিল, লগে লগে তেওঁৰ পৰিয়ালে ভাৰতলৈ অহাৰ সিদ্ধান্ত ল'লে ।

তেওঁ কয় যে পাকিস্তানত তেওঁক ধৰ্মৰ ভিত্তিত অত্যাচাৰ কৰা হৈছিল । সেয়েহে সুযোগ পোৱাৰ লগে লগে সকলো এৰি তেওঁলোক ভাৰতলৈ আহিল ।

ইয়াত সকলো শান্তিপূৰ্ণ :

India Pakistan Tensions
১৯৭১ চনত পাকিস্তানৰ পৰা আহি ভাৰতত আশ্ৰয় লোৱা একাংশ (ETV Bharat)

৯ বছৰ বয়সত ভাৰতলৈ অহা তেজমাল সিঙে কয় যে পাকিস্তানে কেতিয়াও জনসাধাৰণৰ সৈতে ন্যায় কৰা নাই । এনে পৰিস্থিতিত ভাৰতে সুৰক্ষাৰ স্বাৰ্থত কঠোৰ পদক্ষেপ লোৱাটো প্ৰয়োজনীয় । তেওঁ 'অপাৰেশ্যন সেন্দূৰ'ক পাকিস্তানৰ কুকৰ্মৰ উপযুক্ত প্ৰত্যুত্তৰ বুলি অভিহিত কৰে । তেওঁ লগতে কয়, "ভাৰতত আমি সন্মান, নিৰাপত্তা পাইছো আৰু এতিয়া আমি এই দেশৰ বাবে জীয়াই আছো ।"

আনহাতে অতি কম বয়সতে ভাৰতলৈ অহা আন এগৰাকী লোকে কয় যে তেওঁলোকৰ বয়োজ্যেষ্ঠসকলে পাকিস্তানত ভয়ংকৰ অত্যাচাৰৰ সন্মুখীন হৈছিল । তাৰ চৰকাৰ, সেনা আৰু তাত থকা প্ৰশাসনে হেঁচা প্ৰয়োগ কৰিছিল । কিন্তু ভাৰতত তেওঁলোকে এনে অনুভৱ কৰা নাই । তেওঁৰ মতে ইয়াত সকলো শান্তিপূৰ্ণ আৰু নিৰাপদ ।

ইফালে পাকিস্তানৰ পৰা স্থানান্তৰিত আন এগৰাকী ব্যক্তি ভীমদান দেউলে কয় যে আজিও ৰাজস্থান আৰু গুজৰাটৰ সীমান্তৱৰ্তী অঞ্চলত হাজাৰ হাজাৰ পাকিস্তানৰ পৰা স্থানান্তৰিত লোকে বসতি স্থাপন কৰি আছে । যেতিয়া তেওঁলোক ভাৰতলৈ আহিছিল তেতিয়া বহু বছৰ শৰণাৰ্থী শিবিৰত আছিল । কিন্তু এতিয়া তেওঁলোক চৰকাৰী চাকৰি আৰু ব্যৱসায়ত নিয়োজিত । তেওঁ লগতে কয় যে প্ৰয়োজনত তেওঁলোকে সীমান্তলৈ গৈ সেনাক সমৰ্থন কৰিবলৈ সাজু আছে ।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত এই পাকিস্তানী শৰণাৰ্থীসকলৰ কাহিনীয়ে এই কথা সূচাইছে যে পাকিস্তানৰ পৰা স্থানান্তৰিক এইসকল লোকে ভাৰতত কেৱল নিজৰ বাবে এক নিৰাপদ জীৱন বিচাৰি পোৱাই নহয়, এতিয়া এই দেশখনেই তেওঁলোকৰ বাবে সকলো আৰু তেওঁলোকে ইয়াক ৰক্ষা কৰিবলৈ সদায় সাজু ।

লগতে পঢ়ক :যুদ্ধবিৰতি ঘোষণা; উভতি আহিছে সীমান্তৰ গাঁৱৰ বাসিন্দাসকল - LOC RESIDENTS RETURN HOME