ETV Bharat / bharat

আন এক পহলগামৰ পৰিকল্পনা ! চাৰে চাৰি কিলো আৰ ডি এক্সসহ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ - RDX RECOVERED FROM BORDER

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰ পৰা দেশৰ জনতা ক্ৰোধান্বিত হৈ আছে । তাৰ মাজতে ভাৰত-পাকিস্তান সীমান্তত আৰ ডি এক্স উদ্ধাৰ কৰা হয় ।

RDX RECOVERED FROM BORDER
ভাৰত-পাক সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 9:02 AM IST

2 Min Read

অমৃতসৰ : আন এক পহলগামসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা ! এইবাৰ ঘটনাৰ স্থান পঞ্জাবৰ ভাৰত-পাক সীমান্ত । এক ভয়ংকৰ কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা ব্যৰ্থ কৰিলে বি এছ এফে ।

পঞ্জাবত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে সন্দেহজনক সন্ত্ৰাসবাদীৰ এক বৃহৎ ষড়যন্ত্র প্ৰতিহত কৰে । প্ৰাপ্ত খবৰ অনুযায়ী, পঞ্জাবত ভাৰত-পাকিস্তান সীমান্তত বি এছ এফ আৰু পঞ্জাব আৰক্ষীয়ে এক যৌথ অভিযান চলায় । এই অভিযানত অমৃতসৰ জিলাৰ সাহোৱাল গাঁৱৰ কাষৰ খেতিপথাৰত বৃহৎ মাত্ৰাত আৰ ডি এক্স, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় ।

ভাৰত-পাক সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ (ETV Bharat)

কৃষকসকলে নিজৰ খেতিপথাৰত ঘেঁহু চপাই থকাৰ সময়ত এই বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ হয় । খেতিপথাৰত কৃষকসকলে ডাঙৰ ডাঙৰ সন্দেহযুক্ত কিছুমান পেকেট প্ৰত্যক্ষ কৰে । লগে লগে এই বিষয়ে প্ৰশাসনক অৱগত কৰোৱা হয় । ইফালে এই খবৰ পোৱা মাত্ৰকে বি এছ এফ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপনীত হয় আৰু সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে ।

আনহাতে, সুৰক্ষাকৰ্মীয়ে পেকেটবোৰ খোলাৰ লগে লগে আচৰিত হৈ পৰে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আৰক্ষী বিষয়া মুখ্তিয়াৰ সিঙে জনায়, "অজনালাৰ অন্তৰ্গত গাঁও চকৱালাৰ কাষত যেতিয়া এগৰাকী কৃষকে নিজৰ খেতি চপাই আছিল সেই সময়ত তাৰ পৰা কিছুমান সামগ্ৰী উদ্ধাৰ কৰা হয় ।"

আৰক্ষীয়ে লগতে জনায়, "উদ্ধাৰ হোৱা দুটা পেকেটৰ ভিতৰৰ পৰা ৪.৫ কিলোগ্ৰাম আৰ ডি এক্স, ৫ টা গ্ৰেনেড, ৫ টা পিষ্টল, ৮ টা মেগজিন, ২২০ টা সজীৱ কাৰ্টিজ, ২ টা বেটাৰী, এটা ৰিম'ট কণ্ট্ৰ'ল যন্ত্ৰ উদ্ধাৰ কৰা হৈছে ।" আৰক্ষীয়ে ইতিমধ্যে এই সামগ্ৰীবোৰ নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে । তেওঁলোকে জনায় যে বি এছ এফৰ সহায়ত ওচৰ-পাজৰৰ অঞ্চলবোৰত অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক :পাকিস্তানক সমৰ্থন ! ৰাজ্যজুৰি ৭ দেশবিৰোধীক গ্ৰেপ্তাৰ - POLICE ARRESTED PAK SUPPORTERS
লগতে পঢ়ক :''পাকিস্তানলৈ এটোপাল পানীও যাব নোৱাৰিব...''; অমিত শ্বাহৰ সৈতে জলমন্ত্ৰীৰ বৈঠক - INDUS WATERS TREATY ABEYANCE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.