ETV Bharat / bharat

ৰাৱণ মাহী: কেৱল জ্বলি থকা চাবলৈয়ে অসুৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে এইগৰাকী মহিলাই

৪০ বছৰ ধৰি শোভাৰণী মহপাত্ৰই ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আহিছে, যাতে দুষ্টৰ ওপৰত সন্তৰ জয় হিচাপে সেইবোৰ ধ্বংস কৰিব পৰা যায় ।

Ravana Mausi Odisha
ৰাৱণ মাহী : কেৱল জ্বলি থকা চাবলৈয়ে অসুৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে এইগৰাকী মহিলাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 8:20 PM IST

7 Min Read
Choose ETV Bharat

ভুৱনেশ্বৰ : ভুৱনেশ্বৰৰ পৰা কিছু দূৰৈৰ এটা অঞ্চল বাংকুৱাল । তাৰ চৌপাশ এতিয়া বাঁহ আৰু আঠাৰ গোন্ধে মলমলাই আছে । তাত এতিয়া এগৰাকী ৬৫ বছৰীয়া মহিলা ‘ৰাৱণ মাহী’য়ে অৰ্ধনিৰ্মিত ৰাৱণৰ প্ৰতিমূৰ্তিৰ মূৰৰ জোখ লোৱাত ব্যস্ত । শোভাৰাণী মহাপাত্ৰ নামৰ মহিলাগৰাকী এতিয়া কাগজবোৰ আঠাৰ পাত্ৰত ডুবাই বাঁহৰ ফ্ৰেমবোৰৰ ওপৰত লগাই মসৃণ কৰা কামত ব্যস্ত ।

তেওঁৰ আঙুলিবোৰে নিখুঁতভাৱে গতি কৰে আৰু দহমূৰীয়া ৰাৱণৰ প্ৰতিকৃতি সম্পূৰ্ণ নোহোৱালৈকে তেওঁ ইখনৰ পিছত সিখন কাগজ আঠা লগাই থাকে। তেওঁৰ কৰ্মশালাত এনে বহুতো ৰাৱণ পৰি আছে । তাৰে কিছুমান সম্পূৰ্ণ আৰু আন কিছুমান অৰ্ধসম্পূৰ্ণ । ঠিক ১০ দিনৰ পাছত চকু কপালত উঠিবলগা জনসমুদ্ৰৰ সন্মুখত ধোঁৱা আৰু ছাইত পৰিণত হোৱাৰ পূৰ্বে এই প্ৰতিমূৰ্তিবোৰ পেণ্ডেলৰ ওপৰত টাৱাৰৰ দৰে হৈ উঠিব ।

চাৰি দশকৰো অধিক সময় ধৰি শোভাৰাণীয়ে দশমীৰ পৰম্পৰাৰ বাবে ওড়িশাৰ বিখ্যাত ৰাৱণ তৈয়াৰ কৰি আহিছে । প্ৰতিটো বিজয়া দশমীত তেওঁ ১৫-২০ টা প্ৰতিমূৰ্তি নিৰ্মাণ কৰে । তাৰে কিছুমান ৮০ ফুট পৰ্যন্ত ওখ । সেইবোৰ সাধাৰণতে ভুৱনেশ্বৰ, জাতনি, আংগুল আৰু তালচেৰৰ পূজা মণ্ডপবোৰে অৰ্ডাৰ দিয়ে ।

Ravana Mausi Odisha
ৰাৱণ মাহী : কেৱল জ্বলি থকা চাবলৈয়ে অসুৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে এইগৰাকী মহিলাই (ETV Bharat)

চেলাউৰিৰ পৰা ঘাম মচি মচি তেওঁ কয়, "এই কামটো মই ৪০ বছৰ ধৰি কৰি আহিছোঁ । মোৰ বয়স বাঢ়ি অহাৰ লগে লগে মই বনোৱা প্ৰতিমূৰ্তিৰ সংখ্যা কমি আহিছে । ইমানবোৰ বনাব পৰাটো সদায় সম্ভৱ নহয় ।"

কিছু বছৰ আগলৈকে তেওঁ প্ৰতিটো ছিজনতে ২০ টাতকৈও অধিক নিৰ্মাণ কৰিছিল । কিন্তু বৰ্তমানো তেওঁ সৃষ্টি কৰা ৰাৱণ অবিহনে প্ৰায়বোৰ পূজা পেণ্ডেলে দশমী আধৰুৱা অনুভৱ কৰে ।

তেওঁ কেনেকৈ এই ৰাৱণৰ প্ৰতিমূৰ্তি বনোৱা কাম আৰম্ভ কৰিছিল ? তেওঁ কয়, “আকস্মিকভাৱে ।” শোভাৰাণীয়ে স্মৰণ কৰি কয় যে এবাৰ স্থানীয় ল’ৰাৰ এটা দলে তেওঁক তেওঁলোকৰ চুবুৰীৰ পূজাৰ বাবে সৰু ৰাৱণৰ প্ৰতিমূৰ্তি বনাবলৈ কৈছিল । যিহেতু তেওঁ কেতিয়াও এই শিল্পত হাত দিয়াৰ চেষ্টা কৰা নাছিল, সেয়েহে বাঁহ, কাপোৰ আৰু ঘৰতে বনোৱা আঠাৰে পাঁচ ফুটৰ মূৰ্তি এটা সৃষ্টি কৰিছিল । প্ৰতিমূৰ্তি জ্বলোৱা সেই মুহূৰ্তটোৱেই তেওঁৰ জীৱনৰ উদ্দেশ্যক পুনৰ সংজ্ঞায়িত কৰিছিল । তাৰ পিছত তেওঁ ডাঙৰ ডাঙৰ প্ৰতিমূৰ্তি বনাবলৈ ধৰে আৰু বছৰৰ পিছত বছৰ ধৰি অৰ্ডাৰবোৰ বাঢ়ি আহিবলৈ ধৰে ।

ইফালে তেওঁৰ কঠোৰ পৰিশ্ৰম দেখি স্বামী ৰাজকিশোৰ আৰু ল’ৰা-ছোৱালীয়েও ইয়াত সহযোগ কৰে । বৰ্তমান বোৱাৰী ইতিশ্ৰীয়েও এই কামত হাত দিছে, ব্যৱসায়ৰ কৌশল শিকিছে । শোভাৰাণীয়ে কয়, "জীৱনৰ আধা সময় মই ৰাৱণ নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছোঁ । কিন্তু মই সুখী যে মোৰ বোৱাৰীয়ে এই কলা শিকিছে আৰু ইয়াক আগুৱাই লৈ যাব ।"

Ravana Mausi Odisha
ৰাৱণ মাহীয়ে সাজি থকা ৰাৱণ (ETV Bharat)

এটা ৰাৱণৰ প্ৰতিমূৰ্তি সম্পূৰ্ণ কৰিবলৈ তেওঁৰ ১৫ দিন সময় লাগে । বাঁহৰ খুঁটাবোৰে মূল ফ্ৰেম গঠন কৰাৰ বিপৰীতে ইয়াক সহায়ৰ বাবে শক্তিশালী পটাৰ ৰছীৰে বান্ধি থোৱা হয় । পুৰণি শাৰীকে ধৰি কাপোৰৰ স্তৰ আৰু পুনঃব্যৱহৃত কাগজ আঠাৰে লগাই দিয়া হয় । এই আঠা চাউলৰ পৰা তৈয়াৰ কৰা হয় ।

তাৰ পিছত প্ৰতিমূৰ্তিটোৰ ওপৰত প্ৰাকৃতিক ৰং প্ৰয়োগ কৰি সঠিক ছালৰ ৰং সৃষ্টি কৰা হয় । আনহাতে, পিঠাগুৰিৰ সহায়ত গোঁফ, দাঁত আৰু উগ্ৰ চকুৰ দৰে সবিশেষ ভাস্কৰ্যশিল্প কৰা হয়, যিবোৰ দানৱ ৰজাৰ মুখ্য বৈশিষ্ট্য । একেবাৰে শেষত শেষৰ অংশটোত পৰশ দিয়া হয় । ৰাৱণৰ মুকুট, কৱচ আৰু শেষত ফটকা সংলগ্ন কৰা হয় । প্ৰক্ৰিয়াটো বুজাই শোভাৰাণীয়ে কয় ।

"উচ্চতা আৰু ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰে প্ৰতিটোৰে দাম ৩০ হাজাৰৰ পৰা ৮০ হাজাৰ টকালৈকে ভিন্ন হয় । এইটো কেৱল এক কলায়ে নহয়, ইয়াৰ সৃষ্টিত ধৈৰ্য গুৰুত্বপূৰ্ণ । কাৰণ আমি জানো যে অৱশেষত ই জ্বলি যাব । তথাপিও আমি ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰোঁ ।" তেওঁ কয় ।

শোভাৰাণীৰ বাবে অহংকাৰ, লোভ, অন্যায়ৰ প্ৰতিচ্ছবি বনাই তাৰ পিছত সেইটো মিনিটৰ ভিতৰতে ছিন্নভিন্ন হোৱাটো প্ৰত্যক্ষ কৰাটোৱে তেওঁৰ জীৱনত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলায় । "ই নম্ৰতা শিকায় । ইয়াৰ উপৰি এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যে অহংকাৰে বিপৰ্যয় মাতে ।" তেওঁ দৃঢ়তাৰে কয় ।

তথাপি কিন্তু সৃষ্টিকৰ্তা হিচাপে তেওঁ আৱেগিক হৈ পৰে । শোভাৰাণীয়ে লগতে কয়, “কেতিয়াবা মোৰ বেয়া লাগে । কাৰণ সপ্তাহৰ পিছত সপ্তাহৰ প্ৰচেষ্টা মুহূৰ্ততে বন্ধ হৈ যায় । কিন্তু বেয়াৰ অন্ত পৰিব লাগে আৰু সেয়াই সন্তুষ্টিদায়ক ।”

আনহাতে দশেৰাৰ পৰিৱৰ্তিত চৰিত্ৰৰ কথা উল্লেখ কৰে স্বামী ৰাজকীশোৰে । "আগতে কথাবোৰ এতিয়াৰ দৰে বিশাল নাছিল । আগতে পেণ্ডেল কম আছিল আৰু অৰ্ডাৰ কম আছিল । এতিয়া মানুহে ৰাৱণৰ ডাঙৰ আকাৰৰ প্ৰতিমূৰ্তি বিচাৰে । কেতিয়াবা পেণ্ডেলে ১০০ ফুট ওখ প্ৰতিমূৰ্তিৰ অৰ্ডাৰ দিয়ে, যিটো প্ৰদৰ্শনৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয় । আৰু ই এক ধন খৰচৰো প্ৰতিযোগিতা ।" তেওঁ কয় ।

Ravana Mausi Odisha
কামত ব্যস্ত ৰাৱণ মাহী (ETV Bharat)

উল্লেখ্য যে প্ৰতিমূৰ্তি জ্বলোৱাৰ অনুমতি নথকা ওড়িশাৰ কিছুমান ঠাইত তেওঁলোকে বেয়াৰ ধ্বংস দেখুৱাবলৈ লেজাৰ লাইট শ্ব’ কৰে ।

শোভাৰাণীৰ বোৱাৰী ইতিশ্ৰীয়ে কয়, "এই উত্তৰাধিকাৰৰ অংশ হ’বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ । মই এই কামটো কৰি ভালপাওঁ, কাৰণ মই আমাৰ পৰিয়ালৰ পৰিচয়ক আগুৱাই লৈ গৈছোঁ ।”

পুৰণি চহৰ অঞ্চলৰ অন্তৰ্গত শোভাৰাণীয়ে নিজৰ চোতালতে ৰাৱণৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিছিল । কিন্তু এতিয়া যিহেতু ৰাৱণৰ মডেলৰ আকাৰ বাঢ়িছে, গতিকে ঘৰতে বনোৱাটো সম্ভৱ নহয় । শোভাৰাণীয়ে বুজাই দিয়ে, “আমাক কৰ্মশালাৰ বাবে এক বিশাল স্থানৰ ব্যৱস্থা কৰি দিছে একাংশ লোকে । কেতিয়াবা আমি শৰীৰৰ টুকুৰাবোৰ পৃথককৈ ৰাখোঁ আৰু ইয়াৰ ফিনিশ্বিং টুকুৰা যেনে মুকুট আৰু কৱচ কেৱল জ্বলোৱা স্থানত সংযোগ কৰোঁ ।”

দশেৰাৰ নিশা জনসমুদ্ৰ হ'ব । আকাশৰ মাজেৰে অগ্নিবাণ নিক্ষেপ কৰা হ’ব আৰু ৰাৱণৰ উচ্চ প্ৰতিমূৰ্তিবোৰে জুইৰ শিখা হৈ গৰ্জন কৰিব । তেওঁৰ শৰীৰৰ টুকুৰাবোৰ ছিন্নভিন্ন হৈ পৰাৰ সময়ত মানুহে উচ্ছ্বসিত হৈ পৰে ।

কিন্তু কেতিয়াবা কোনো প্ৰতিমূৰ্তি জ্বলোৱাৰ সাক্ষী হৈছে নেকি বুলি সোধাত তেওঁ কয়, “হয়, বহুবাৰ হৈছোঁ । কিন্তু বেৰিকেডৰ আঁৰৰ পৰা । সেই মুহূৰ্তত মই অনুভৱ কৰোঁ যে দশেৰা সম্পূৰ্ণ হৈছে । ৰাৱণ অবিহনে ৰামক কোনেও বুজিব নোৱাৰে । সীতা মাতা আছিল এগৰাকী নাৰী, যিয়ে মনে মনে বেয়াৰ সৈতে যুঁজিছিল । মই অসুৰক এনেদৰে সৃষ্টি কৰোঁ যাতে তেওঁক হত্যা কৰা হয়, বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে ।”

লগতে পঢ়ক :এতিয়ালৈকে ১৪০ গৰাকী অনাথ লোকৰ মৃতদেহ দাহ কৰা এজন ব্যক্তি
লগতে পঢ়ক :জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ চানেকি হৈ পৰিল অন্তিম শয়নৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি থলি