ETV Bharat / bharat

চিনেমা চিনেমা যেন লগা এটা সঁচা কাহিনী: ২৯ বছৰ পিছত গুগল মেপে ঘৰ পোৱালেহি - AMBALA BOY REUNITED

৯ বছৰতেই হৈছিল সন্ধানহীন । বিচ্ছিন্ন হৈছিল পৰিয়ালৰ পৰা । এজন যুৱকৰ এক মনোৰম কাহিনী ।

Sanjay reunited with his family in Ambala
পৰিয়ালৰ সৈতে ২৯ বছৰ পিছত পুনৰ মিলন সঞ্জয়ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 11:31 AM IST

4 Min Read

আম্বালা: বিশ্বাস কৰিবলৈ অলপ টান যেন লাগিলেও সত্য ৷ সঞ্জয় নামৰ এটি শিশু ৷ বয়স সেই সময়ত খুব বেছি ৯ বছৰ ৷ হঠাৎ ঘৰৰ পৰা হেৰাই গৈছিল এই কণমানি শিশুটি ৷ হুৱাদুৱা লাগিছিল গোটেই ঘৰখনত ৷ কেউদিশে বিচাৰ-খোচাৰ কৰাৰ পিছতো ক'তো সন্ধান পোৱা হোৱা নাছিল সঞ্জয়ৰ ৷

সেয়া আছিল ১৯৯৬ চনৰ কথা ৷ ৯ বছৰীয়া সেই শিশুটি ক'লৈ গ'ল ক'ত হেৰাল তাৰ কোনো অনুমানেই কৰিব পৰা নাছিল পৰিয়ালটোৱে ৷ ঘটনাটো ঘটিছিল হাৰিয়ানাৰ আম্বালা কেণ্টৰ কবীৰ নগৰত ৷ সঞ্জয় অবিহনেই পৰিয়ালটোৰ দৈনন্দিন জীৱন চলি গৈ আছিল; কিন্তু গুগল মেপে সলনি কৰিলে সকলো দৃশ্য়পট ।

যেন এখন চিনেমাৰহে কাহিনী । ২৯ বছৰ পিছত গুগল মেপে সঞ্জয়ক দিলে ঘৰলৈ উভতি অহাৰ পথ । আম্বালাৰ সঞ্জয় কেনেকৈ হেৰাই গৈছিল আৰু কেনেকৈ দীঘল সময়ৰ পিছত তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলৰ মনত বিশ্বাস জন্মাবলৈ সক্ষম হৈছে সেয়া এক মনোৰম কাহিনী ।

আম্বালাৰ কেণ্টৰ কবীৰ নগৰৰ বাসিন্দা সঞ্জয় ৯ বছৰ বয়সতেই নিৰুদ্দেশ হৈছিল । এসপ্তাহ পূৰ্বে যেতিয়া সঞ্জয়ে নিজৰ ঘৰত উপস্থিত হৈছিল তেতিয়া তেওঁৰ পৰিয়ালৰ কোনো সদস্য়ই আনকি পিতৃ-মাতৃয়েও বিশ্বাস কৰিব পৰা নাছিল । তেওঁলোকে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল । অৱশ্য়ে যেতিয়া তেওঁ শৈশৱৰ কাহিনী আৰু হেৰাই যোৱাৰ পিছৰ দীঘলীয়া যাত্ৰাৰ ঘটনা ব্য়াখ্য়া কৰিলে তেতিয়া পৰিয়ালৰ লোক নিশ্চিত হয় যে এইজনেই ৯ বছৰত নিৰুদ্দেশ হোৱা সঞ্জয় । তেওঁৰ শৈশৱৰ স্মৃতি শুনাৰ পাছত মাতৃয়ে বিশ্বাস কৰাত দুচকুৰে নিগৰি আহে চকুলো । এয়া যেন এক অলৌকিক কাহিনীহে ।

কেনেকৈ হৈছিল নিৰুদ্দেশ ?

সেইদিনা সঞ্জয়ে মন্দিৰলৈ গৈছিল । মন্দিৰত গৈ খেলি আছিল আৰু তাৰ পিছতেই চবজি মাণ্ডীলৈ যায় । তাৰ পৰা সঞ্জয়ে আম্বালা কেন্ট ৰে'লৱে ষ্টেচনত উপস্থিত হয় । খেলনাৰে ভৰি থকা দবা এটাত উঠাৰ পিছত তাতেই টোপনিত লালকাল দিয়ে । সেই সময়তেই ৰে'লখনে উকি মাৰি গুছি যায় । টোপনিৰ পৰা সাৰ পাই সঞ্জয়ে নিজকে উদ্ধাৰ কৰিলে উত্তৰ প্ৰদেশৰ আগ্ৰাত । সঞ্জয়ে নিজৰ ঘৰৰ ঠিকনা মনত পেলাব পৰা নাছিল ।

আগ্ৰাৰ পৰা ৪২৬ কিলোমিটাৰ দূৰত অৱস্থিত আম্বালা । কেনেকৈ ঘৰলৈ যাব এই কথা ভাবি থাকোতেই এখন ধাবাৰ মালিক ইন্দ্রজিৎ আৰু তেওঁৰ পত্নী গীতাই আশ্ৰয় দিয়ে সঞ্জয়ক । ইয়াৰ পিছৰে পৰাই তেওঁ ধাবা মালিকৰ পৰিয়ালৰ সৈতে বাস কৰিবলৈ ধৰে । ধাবা মালিকৰ কোনো সন্তান নাছিল । পাছত তেওঁৰ ৩টা সন্তান জন্মে । ধাবা মালিকৰ পৰিয়াল ২০০২ চনত মীৰাটলৈ যায় । ২০০৪ চনত তেওঁলোক তাৰ পৰা ঋষিকেশলৈ যায় । এই সমগ্ৰ সময়ছোৱাত সঞ্জয়ে নিজৰ ঘৰৰ কথা মনত পেলাই আছিল । এবাৰ সঞ্জয়ে ঋষিকেশত ৰাধিকাক লগ পায় । দুয়োগৰাকীয়েই এক ফেক্টৰীত কাম কৰিছিল । ২০০৯ চনত সঞ্জয়ে ৰাধিকাক বিয়া কৰায় আৰু তেওঁলোকৰ ৩টা সন্তান জন্মে ।

গুগলত বিচাৰিলে ঠিকনা :

সঞ্জয়ৰ মনত পৰিল যে আম্বালাত তেওঁৰ ঘৰৰ কাষত এখন আৰক্ষী থানা আছে । লগে লগে তেওঁ গুগলত ছাৰ্চ কৰিল । গুগলত মহেশনগৰ আৰক্ষী ষ্টেচনত অম্বালাৰ অৱস্থান লাভ কৰিলে । তাৰ পিছত তেওঁ গুগল মেপৰ জৰিয়তে আম্বালাত উপস্থিত হয় আৰু ইয়াতে তেওঁ নিজৰ পৰিয়ালৰ সন্ধান কৰিলে ।

সঞ্জয়ে তাত গৈ নিজৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে বীণা নামৰ এগৰাকী মহিলাক সোধে । সেইগৰাকী তেওঁৰ মাতৃ আছিল যদিও চিনিব পৰা নাছিল । সেয়েহে সঞ্জয়ে কয় যে তেওঁৰ পিতাৰ নাম কৰ্মপাল আৰু মাতৃৰ নাম বীণা । বীণাই তেওঁৰ কথাত বিশ্বাস নকৰিলে যদিও তেওঁৰ ম’বাইল নম্বৰটো সংগ্ৰহ কৰে । যোৱা সপ্তাহত বীণাই সঞ্জয়ক ফোন কৰি যোগাযোগ কৰে আৰু তেওঁক আম্বালালৈ আহিবলৈ কয় । তেওঁ অহাৰ পিছত তেওঁৰ ভগ্নী আৰু মাতৃয়ে শৈশৱৰ কিছু স্মৃতিৰ বিষয়ে সোধে । তেওঁলোকৰ সকলো কথাৰ উত্তৰ সঞ্জয়ে সঠিকভাৱে দিয়াত মাতৃ পতিয়ান যায় যে ৯ বছৰতেই নিৰুদ্দেশ হোৱা সেই শিশুটিয়েই আজি তেওঁৰ সন্মুখত থিয় দিছে । এনেদৰেই যেন অন্ত পৰিল চিনেমা চিনেমা যেন লগা এটা সঁচা কাহিনীৰ ।

লগতে পঢ়ক:৯০ বছৰীয়া যুৱক; মুখ্যমন্ত্ৰী চন্দ্ৰবাবুক আপ্লুত কৰা এগৰাকী চিকিৎসকৰ এক অনুকৰণীয় কাহিনী - DR GOSHALA CHITTIPANTULU

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.