ETV Bharat / bharat

ৱেভছ ছামিট ২০২৫ত ৰামোজী গ্ৰুপৰ ষ্টলে আকৰ্ষিত কৰিছে ৰাইজক, উপস্থিত CMD চেৰুকুৰি কিৰণো

মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত আয়োজিত ৱেভছ শীৰ্ষ সন্মিলন 2025ত ৰামোজী গ্ৰুপৰ ষ্টল ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

WAVE SUMMIT 2025
ৱেভছ শীৰ্ষ সন্মিলনখনত ৰামোজী গ্ৰুপৰ ষ্টল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 1, 2025 at 10:21 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত ৱেভছ শীৰ্ষ সন্মিলন (WAVE Summit 2025)ৰ আয়োজন কৰা হৈছে । এই সন্মিলন ১ মে’ৰ পৰা ৪ মে’লৈ চলিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে উদ্বোধন কৰে এই ৱেভছ শীৰ্ষ সন্মিলনখন ।

এই সন্মিলনৰ প্ৰথম দিনটোত ভাৰত আৰু বিদেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । এই ৱেভছ শীৰ্ষ সন্মিলনৰ বাবে বান্দ্ৰা অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা মোতায়ন কৰা হয় ।

এই শীৰ্ষ সন্মিলনৰ মূল আকৰ্ষণ হৈছে ‘‘ৰামোজী গ্ৰুপ’’ৰ ষ্টল, যি অন্যতকৈ বহু পৃথক । মানুহ ইয়ালৈ শিকিবলৈ আৰু তথ্য আহৰণ কৰিবলৈ আহি আছে, যাৰ বাবে ‘ৰামোজী ফিল্ম চিটি’ৰ ষ্টলটো ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

WAVE SUMMIT 2025
ৱেভছ শীৰ্ষ সন্মিলনখনত ৰামোজী গ্ৰুপৰ ষ্টল (ETV Bharat)

ৰামোজী গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (CMD) চেৰুকুৰি কিৰণ নিজেই ষ্টলটোত উপস্থিত হৈ ষ্টলটো পৰিদৰ্শন কৰা বিশিষ্ট ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁৰ সৈতে ইটিভি নেটৱৰ্কৰ CEO কে বাপিনীডু (K Bapineedu)ও ষ্টলত উপস্থিত থাকে ।

ৱেভছ ছামিটত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্প, সংগীত, প্ৰযুক্তি, সংস্কৃতি, খাদ্য আদিৰ বিভিন্ন ষ্টল স্থাপন কৰা হৈছে । আমোদজনক কথাটো হ’ল ৰামোজী গ্ৰুপৰ ষ্টলটো বজাৰৰ একেবাৰে মাজত । এই ষ্টলৰ মূল আকৰ্ষণ হৈছে বিগত ত্ৰিশ বছৰ ধৰি চলচ্চিত্ৰ নিৰ্মাণ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত ৰামোজী গোটৰ অবিৰত সাফল্য ।

WAVE SUMMIT 2025
ৰামোজী গ্ৰুপৰ ষ্টল (ETV Bharat)

ইয়াৰ উপৰিও এই ষ্টলত এতিয়া বাতৰি, সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ নিৰ্মাণৰ তথ্য প্ৰদান কৰা এটা ষ্টলও আছে । ৰামোজী ফিল্ম চিটি কি, কেনেকৈ কাম কৰে... আৰু এতিয়া ছ’চিয়েল মিডিয়াৰ যুগত..., AI ৰ যুগত, ই কেনে কাম কৰে, নতুন প্ৰযুক্তিৰ লগত খোজ মিলাই জানিবলৈ মানুহ আহিছে ষ্টললৈ ।

WAVE SUMMIT 2025
ৱেভছ শীৰ্ষ সন্মিলন (ETV Bharat)
  • ৩৫০০ তকৈ অধিক ছবিৰ শ্বুটিং

আনহাতে তেলুগু নিউজ চেনেল ETV ১, ETV ২, ETV প্লাছ, ETV ওম লাইফ আদিৰ তথ্য এই ষ্টলত প্ৰদান কৰা হৈছে আৰু বিভিন্ন ভাষাৰ নিউজ চেনেল আৰু ডিজিটেল মাধ্যমে কেনেদৰে কাম কৰে সেই বিষয়ে তথ্য প্ৰদান কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ ‘ৰামোজী ফিল্ম চিটি’ৰ ত্ৰিশ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভতো সম্পূৰ্ণ তথ্য দিয়া হৈছে ।

WAVE SUMMIT 2025
ৰামোজী গ্ৰুপৰ ষ্টল (ETV Bharat)

আনহাতে, ৰামোজী ফিল্ম চিটিত চাড়ে তিনি হাজাৰতকৈও অধিক ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে বাহুবলী, পুষ্পা, কল্কী, আৰ আৰ আৰ, সূৰ্যবংশী আদি ছুপাৰহিট ছবি । ইয়াৰ লগতে ETV নেটৱৰ্ক, ETV বাল ভাৰত, ETV ভাৰত, উষা কিৰণ চিনেমা, এফ এম ইনাডু আদি টিভি চেনেল আৰু বাতৰি কাকত ৰামোজী গ্ৰুপৰ অধীনলৈ আহে । এই সন্দৰ্ভত তথ্যও ষ্টলত দিয়া হয় ।

WAVE SUMMIT 2025
ৰামোজী গ্ৰুপৰ ষ্টল (ETV Bharat)
  • শীৰ্ষ সন্মিলনত বৈচিত্ৰ্যৰ আভাস

ইফালে ৱেভছ সন্মিলনত দেশৰ কলা, সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা হৈছে । চাৰিদিনীয়া এই সন্মিলনত প্ৰযুক্তি, কলা, সংগীত, নাট্য, সংবাদ মাধ্যম, বিজ্ঞাপন আদি বিভিন্ন ক্ষেত্ৰৰ সংগঠনসমূহে নিজৰ পৰিচয়, সংগঠনৰ কাম-কাজৰ বিষয়ে বুজাই দিয়া আৰু সংগঠনৰ প্ৰচাৰৰ বাবে ষ্টল স্থাপন কৰিছে ।

WAVE SUMMIT 2025
WAVE SUMMIT মূল আকৰ্ষণ হৈছে ‘‘ৰামোজী গ্ৰুপ’’ৰ ষ্টল (ETV Bharat)

লগতে পঢ়ক : বড়ো চুক্তিৰ ৯৬ শতাংশ ৰূপায়ণ কৰিছে কেন্দ্ৰীয় চৰকাৰে: বডোফালৈ শ্ৰদ্ধা নিবেদন কৰি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে

লগতে পঢ়ক : গাখীৰ খাবনে ? ১ মে'ৰ পৰা দাম বাঢ়িল আমুল গাখীৰৰ