কেৱল মনোৰঞ্জনৰে নহয়, শিক্ষামূলক ভ্ৰমণৰ ক্ষেত্ৰতো মন পছন্দৰ স্থান ৰামোজী ফিল্ম চিটি
কলকাতাৰ ভ্ৰমণ আৰু পৰ্যটন মেলাত ৰামোজী ফিল্ম চিটিৰ ষ্টলত ব্যাপক জনসমাগম ৷

Published : July 11, 2025 at 10:13 PM IST
কলকাতা: কেৱল হায়দৰাবাদতে নহয়, সমগ্ৰ বিশ্বতে এক আশ্চৰ্য হিচাপে পৰিগণিত হৈছে ৰামোজী ফিল্ম চিটি । বছৰৰ যিকোনো সময়তে পৰ্যটকৰে ভৰপূৰ হৈ থাকে সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ’টো ৷
কিন্তু কেৱল ভ্ৰমণৰ বাবেই নহয়, শিক্ষামূলক ভ্ৰমণৰ বাবেও আহে বহুজন । সেইবাবেই কলকাতাৰ ভ্ৰমণ আৰু পৰ্যটন মেলাত অধিকাংশ লোকে ৰামোজী ফিল্ম চিটিৰ ষ্টল পৰিদৰ্শন কৰে ৷ ভাৰতৰ অন্যতম আগশাৰীৰ চহৰখনত অনুষ্ঠিত শিক্ষামেলাৰ দ্বিতীয় দিনটোত এই ষ্টলত দেখা যায় দৰ্শকৰ চমকপ্ৰদ সঁহাৰি ৷

শিক্ষামূলক ভ্ৰমণত ৰামোজী ফিল্ম চিটিলৈ গ’লে কি শিকিব পাৰি ?
এই সন্দৰ্ভত ৰামোজী ফিল্ম চিটিৰ ভ্ৰমণ আৰু পৰ্যটনৰ জেনেৰেল মেনেজাৰ সুৰজ সিনহাই কয়, ‘‘ৰামোজী ফিল্ম চিটি শিক্ষামূলক ভ্ৰমণৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান । য’ত বিদ্যালয়-মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সুযোগ আছে । আমাৰ হাতত ৫ টা পেকেজ আছে ।’’
শিক্ষামূলক ভ্ৰমণৰ পেকেজবোৰ কি কি ?
পেকেজ ১:
ছবিৰ ছেট আৰু আকৰ্ষণীয় ঠাই, শিশুৰ বাবে খেলা ঠাইৰ উপৰিও আছে গাইডৰ সহায়ত বাছেৰে কৰা ভ্ৰমণ । আছে চৰাই আৰু পখিলাৰ উদ্যান আৰু জনপ্ৰিয় ছবি বাহুবলীৰ ছেট প্ৰত্যক্ষ কৰাৰ সুযোগ । ইয়াৰোপৰি বিভিন্ন ধৰণৰ খেল আৰু দুঃসাহসিক কাৰ্যকলাপৰ অভিজ্ঞতা লাভ কৰিব পাৰি । ‘মোচন কেপচাৰ এণ্ড ভাৰ্চুৱেল শ্বুট’ ছেটত আধুনিক চিনেমাৰ আঁৰৰ প্ৰযুক্তিৰ আভাস পোৱা যাব । ম্যালোকত ছেট ডিজাইনৰ আঁৰৰ যাদু অনুভৱ কৰাৰ এক বিৰল সুযোগো থাকিব ।

পেকেজ ২:
এটা আকৰ্ষণীয় ষ্টুডিঅ’ ভ্ৰমণ । বিভিন্ন ধৰণৰ আনন্দ, আকৰ্ষণৰ লগতে চৰাই আৰু পখিলাৰ বাগিচা আদিও প্ৰত্যক্ষ কৰিব পাৰি । ইয়াৰ লগতে থাকিব ৰামোজী এডভেঞ্চাৰ অভিজ্ঞতা । য’ত জিপ লাইন, মাউণ্টেন বাইকিং, নেট কোৰ্চ আৰু বহুতো সুবিধা অন্তৰ্ভুক্ত আছে ।
পেকেজ ৩:
এক কৌতুহলপূৰ্ণ ষ্টুডিঅ’ ভ্ৰমণ আৰু বহুভাষিক (১২টা ভাষাত) ডিজিটেল নিউজ মিডিয়া ইটিভি ভাৰতৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ সুযোগ । ছাত্ৰ-ছাত্ৰীসকলক দেখুৱাই দিয়া হয় যে কেনেকৈ বাতৰি গ্ৰহণ কৰা হয় আৰু ডিজিটেলি তাক উপস্থাপন কৰা হয় ।

পেকেজ ৪ আৰু ৫:
এই দুটা পেকেজ দুদিনীয়া । চাৰি নম্বৰ পেকেজত এদিন মনোমোহা ষ্টুডিঅ’ ভ্ৰমণ আৰু আনদিনা ইণ্টাৰেক্টিভ চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা সন্নিৱিষ্ট আছে । পেকেজ ৫ ত এটা আকৰ্ষণীয় ষ্টুডিঅ’ ভ্ৰমণ আৰু ভাৰ্চুৱেল প্ৰযুক্তিৰ জৰিয়তে চিনেমাৰ জগতখন কেনেকৈ সৃষ্টি হয় তাৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলে শিকিব যে কেনেকৈ মোচন কেপচাৰে শিল্পীৰ গতিবিধিক জীৱন্ত ডিজিটেল চৰিত্ৰলৈ ৰূপান্তৰিত কৰে আৰু ভাৰ্চুৱেল শ্বুটসমূহে কেনেকৈ বাস্তৱ সময়ত কম্পিউটাৰৰ দ্বাৰা সৃষ্টি হোৱা পৰিৱেশৰ সৈতে বাস্তৱ চিত্ৰগ্ৰহণৰ সংমিশ্ৰণেৰে এক নতুন চিনেমাৰ অভিজ্ঞতা সৃষ্টি কৰে ।

ইয়াৰে কিছুমান পেকেজৰ বাবে প্ৰমাণপত্ৰ প্ৰদানৰো ব্যৱস্থা আছে । যিয়ে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীক যথেষ্ট উপকৃত কৰিব । ইয়াৰোপৰি প্ৰতিটো পেকেজৰ বিপৰীতে বিনামূলীয়া খাদ্যৰ সুবিধা আছে । আনকি দুদিনীয়া পেকেজৰ বাবদ ৰামোজী ফিল্ম চিটিত থকাৰ ব্যৱস্থাও আছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব বাংলা মেলা কমপ্লেক্স (মিলান মেলা)ত পৰ্যটন মেলা । 'ই-৪৫০' নম্বৰৰ কোঠাটোত আছে ৰামোজী ফিল্ম চিটিৰ ষ্টল । এই পৰ্যটন মেলাৰ প্ৰথম দিনাই ২৬০০ ৰো অধিক লোকে ষ্টলখন পৰিদৰ্শন কৰে । আনহাতে, দ্বিতীয় দিনা এই সংখ্যা প্ৰায় তিনি হাজাৰলৈ বৃদ্ধি পায় ।
লগতে পঢ়ক: অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰামোজী ৰাও

