জয়পুৰ: মধ্য আৰু উত্তৰ-পশ্চিম ভাৰতক দহিছে উৎকট গৰমে । এনে সময়তে শুকুৰবাৰে তাপমাত্ৰাই অভিলেখ গঢ়াৰ কথা উল্লেখ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । ৰাজস্থানৰ গংগানগৰত শুকুৰবাৰে সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৯.৪ ডিগ্ৰী চেলছিয়াছ । যি এই বৰ্ষটোৰ সৰ্বাধিক তাপমাত্ৰা বুলি বিবেচিত হৈছে ।
বতৰ বিজ্ঞান বিভাগে জনাই, "শ্ৰী গংগানগৰত তাপমাত্ৰা ৪৯.৪ ডিগ্ৰী চেলছিয়াছ হৈছেগৈ । এইটো ভাৰতত ২০২৫ বছৰটোত সকলো ঠাইৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা ।"
Shri Ganganagar has reported a maximum temperature of 49.4°C on today, the 13th June 2025. This is the season’s highest maximum temperature reported by any station for the year 2025 over India. @ndmaindia @airnewsalerts @DDNewslive @WMO
— India Meteorological Department (@Indiametdept) June 13, 2025
শুকুৰবাৰে পূব ৰাজস্থান, জম্মু ডিভিজন, হাৰিয়ানা আৰু মধ্য প্ৰদেশৰ বিভিন্ন স্থানত গৰমৰ প্ৰভাৱ সামান্যভাৱে পৰে যদিও, ৰাজস্থানৰ কিছু স্থানত প্ৰচণ্ড গৰমে মানুহক প্ৰায় দেই-পুৰি নিয়ে ৷ ৰাজস্থানৰ গংগানগৰ জিলাত এই বৰ্ষৰ সৰ্বাধিক তাপমাত্ৰা হয়, যিটো আছিল ৪৯.৪ ডিগ্ৰী চেলছিয়াছ ।
অত্যধিক গৰমে ৰাজ্যখনৰ অন্যান্য প্ৰান্তসমূহকো প্ৰভাৱিত কৰিছে । য'ত চুৰুত ৪৭.৬ ডিগ্ৰী চেলছিয়াছ, জেইছলমেৰত ৪৬.৯ ডিগ্ৰী চেলছিয়াছ, যোধপুৰত ৪৬.৩ ডিগ্ৰী চেলছিয়াছ আৰু বাড়মেৰত ৪৬.২ ডিগ্ৰী চেলছিয়াছলৈকে পাৰাস্তম্ভ উঠে শুকুৰবাৰৰ দিনটোত ৷ IMD এ প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ প্ৰায় ২২ টা স্থানত অধিকতম তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ হৈছিল ।
Today, Heat wave conditions prevailed at many places with severe heat wave conditions at isolated places over West Rajasthan; Heat wave conditions prevailed at isolated places over East Rajasthan, Jammu division, Haryana and Madhya Pradesh.#IMD #Weatherupdate #mausam #Heatwave… pic.twitter.com/BrGnTp98o8
— India Meteorological Department (@Indiametdept) June 13, 2025
উত্তৰ প্ৰদেশত আগ্ৰাত ৪৫ ডিগ্ৰী চেলছিয়াছ তাপমান ৰেকৰ্ড হয় । ইয়াৰ পিছত ঝাঁচীত ৪৪.৯ ডিগ্ৰী চেলছিয়াছ আৰু বান্দাত ৪৪.৬ ডিগ্ৰী চেলছিয়াছ তাপমান ৰেকৰ্ড কৰা হয় । হাৰিয়ানাৰ সিৰসাত তাপমান ৪৭.৬ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে ভাথিণ্ডাত ৪৬ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হয় । একেদৰে মধ্যপ্ৰদেশতো সৰ্বাধিক তাপমান দেখা যায় ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰকাশিত পূৰ্বানুমানৰ অনুসৰি, ভাৰতৰ মধ্য আৰু পূব প্ৰান্তত আৰু উত্তৰ-পশ্চিম প্ৰান্তৰ কিছু কিছু অঞ্চলত ১৮ জুনলৈকে গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব । ১৯ জুনৰ পৰা ২৫ জুনৰ ভিতৰত তাপমান আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।