ETV Bharat / bharat

পাৰাস্তম্ভ উঠিল ৪৯.৪ ডিগ্ৰী চেলছিয়াছলৈকে: শুকুৰবাৰে বছৰটোৰ সৰ্বোচ্চ তাপমাত্ৰা সহিলে দেশবাসীয়ে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিলে চাঞ্চল্যকৰ তথ্য । দেশত তাপমাত্ৰাই সৃষ্টি কৰিলে অভিলেখ । ২০২৫ ৰ আটাইকৈ বেছি গৰমৰ দিন ।

Hottest Day In India This Year
বছৰটোৰ সৰ্বোচ্চ তাপমাত্ৰা সহিলে দেশবাসীয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 14, 2025 at 8:56 AM IST

2 Min Read
Choose ETV Bharat

জয়পুৰ: মধ্য আৰু উত্তৰ-পশ্চিম ভাৰতক দহিছে উৎকট গৰমে । এনে সময়তে শুকুৰবাৰে তাপমাত্ৰাই অভিলেখ গঢ়াৰ কথা উল্লেখ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । ৰাজস্থানৰ গংগানগৰত শুকুৰবাৰে সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৯.৪ ডিগ্ৰী চেলছিয়াছ । যি এই বৰ্ষটোৰ সৰ্বাধিক তাপমাত্ৰা বুলি বিবেচিত হৈছে ।

বতৰ বিজ্ঞান বিভাগে জনাই, "শ্ৰী গংগানগৰত তাপমাত্ৰা ৪৯.৪ ডিগ্ৰী চেলছিয়াছ হৈছেগৈ । এইটো ভাৰতত ২০২৫ বছৰটোত সকলো ঠাইৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা ।"

শুকুৰবাৰে পূব ৰাজস্থান, জম্মু ডিভিজন, হাৰিয়ানা আৰু মধ্য প্ৰদেশৰ বিভিন্ন স্থানত গৰমৰ প্ৰভাৱ সামান্যভাৱে পৰে যদিও, ৰাজস্থানৰ কিছু স্থানত প্ৰচণ্ড গৰমে মানুহক প্ৰায় দেই-পুৰি নিয়ে ৷ ৰাজস্থানৰ গংগানগৰ জিলাত এই বৰ্ষৰ সৰ্বাধিক তাপমাত্ৰা হয়, যিটো আছিল ৪৯.৪ ডিগ্ৰী চেলছিয়াছ ।

অত্যধিক গৰমে ৰাজ্যখনৰ অন্যান্য প্ৰান্তসমূহকো প্ৰভাৱিত কৰিছে । য'ত চুৰুত ৪৭.৬ ডিগ্ৰী চেলছিয়াছ, জেইছলমেৰত ৪৬.৯ ডিগ্ৰী চেলছিয়াছ, যোধপুৰত ৪৬.৩ ডিগ্ৰী চেলছিয়াছ আৰু বাড়মেৰত ৪৬.২ ডিগ্ৰী চেলছিয়াছলৈকে পাৰাস্তম্ভ উঠে শুকুৰবাৰৰ দিনটোত ৷ IMD এ প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ প্ৰায় ২২ টা স্থানত অধিকতম তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ হৈছিল ।

উত্তৰ প্ৰদেশত আগ্ৰাত ৪৫ ডিগ্ৰী চেলছিয়াছ তাপমান ৰেকৰ্ড হয় । ইয়াৰ পিছত ঝাঁচীত ৪৪.৯ ডিগ্ৰী চেলছিয়াছ আৰু বান্দাত ৪৪.৬ ডিগ্ৰী চেলছিয়াছ তাপমান ৰেকৰ্ড কৰা হয় । হাৰিয়ানাৰ সিৰসাত তাপমান ৪৭.৬ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে ভাথিণ্ডাত ৪৬ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হয় । একেদৰে মধ্যপ্ৰদেশতো সৰ্বাধিক তাপমান দেখা যায় ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰকাশিত পূৰ্বানুমানৰ অনুসৰি, ভাৰতৰ মধ্য আৰু পূব প্ৰান্তত আৰু উত্তৰ-পশ্চিম প্ৰান্তৰ কিছু কিছু অঞ্চলত ১৮ জুনলৈকে গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব । ১৯ জুনৰ পৰা ২৫ জুনৰ ভিতৰত তাপমান আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: পানী খাবলৈ লওতেই ঢলি পৰিল মাটিত: উৎকট গৰমে প্ৰাণ ল’লে এজনৰ - HEAT STROKE DEATH

গৰমত নেমু চৰবত খোৱাৰ আছে অনেক উপকাৰিতা...সেয়া নো কি জানো আহক - LEMON WATER BENEFITS