ETV Bharat / bharat

প্ৰকৃততে কাৰ প্ৰেমিকা আছিল সোনম ? পোহৰলৈ আহিছে চাৰি যুৱকৰ পৰিচয়

ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য ৷ প্ৰথমবাৰৰ বাবে ৰাজ কুশৱাহাৰ মাতৃ-ভগ্নীয়ে কেমেৰাৰ সন্মুখত খুলিলে মুখ ৷

SHILLONG COUPLE TRUTH REVEALED
সোনম, ৰাজ কুশৱাহা আৰু মৃত ৰাজা ৰঘুবংশীৰ ফাইল ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 7:29 PM IST

4 Min Read
Choose ETV Bharat

ইন্দোৰ: সময় যোৱাৰ লগে লগে পোহৰলৈ আহিব ধৰিছে ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুৰ নতুন নতুন তথ্য় ৷ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুত অন্যতম অভিযুক্ত হিচাপে গণ্য কৰা ৰাজ কুশৱাহাৰ পৰিয়ালৰ লোকে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷ ৰাজৰ মাতৃ-ভগ্নীয়ে তেওঁক নিৰ্দোষী বুলি দাবী কৰাৰ বিপৰীতে আৰক্ষীয়ে ৰাজৰ লগতে অন্যান্য অভিযুক্তৰ বাসগৃহত তদন্ত আৰম্ভ কৰিছে ৷

আৰক্ষীৰ তদন্তৰ পিছতে ৰাজৰ মাতৃ-ভগ্নী সমন্বিতে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি হাতযোৰ কৰি ৰাজ নিৰ্দোষী বুলি দাবী কৰে ৷ ৰাজৰ পৰিয়ালৰ লোকে কয় ‘‘ৰাজৰ দেউতাকৰ মৃত্যুৰ পিছত তেওঁৱেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী, গতিকে তেওঁ এই কাম কৰিব নোৱাৰে ।’’

দিন বাগৰিছে, নতুন নতুন তথ্যও ওলাইছে (ETV Bharat)

ৰাজৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত ওচৰ-চুবুৰীয়াই কি কয় ?

পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুত জড়িত থকাৰ সন্দেহত আটক হোৱা ৰাজ কুশৱাহা আৰু তেওঁৰ অন্যান্য বন্ধুসকল ক্ৰমে বিশাল, আকাশ আৰু আনন্দৰ ঘৰ ইন্দোৰস্থিত সোনমৰ ঘৰৰ সমীপত । ৰাজ কুশৱাহা শুভম পেলেচ কলনীত থকাৰ বিপৰীতে তেওঁৰ বন্ধু বিশাল, আনন্দ আৰু আকাশ থাকে নন্দবাগত ।

এই ঘটনাৰ পিছৰে পৰা বিশাল, আকাশ আৰু আনন্দৰ পৰিয়ালৰ লোকে ঘৰত তলা মাৰি পলাতক হৈ আছে ৷ আনহাতে, পলোৱাৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি ৰাজ কুশৱাহা নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: গুৱাহাটী অভিমুখে সোনম ৰঘুবংশী, অচিৰে পোহৰলৈ আহিব কাহিনীৰ আঁৰৰ কাহিনী

সোনম-ৰাজৰ প্ৰেমক লৈ কি ক’লে পৰিয়ালটোৱে ?

পিতৃৰ মৃত্যুৰ পিছত মাতৃ আৰু দুগৰাকী ভগ্নীৰে সৈতে বাস কৰি আহিছিল ৰাজে । পিছে সৰু পৰিয়ালটোৰ এই সুখত অকস্মাতে লাগিল কেনা ৷ কৰ’ণাৰ সংহাৰৰ সময়ত ৰাজৰ পিতৃৰ মৃত্যু ঘটে ৷ তাৰ পিছৰে পৰা ৰাজেই হৈছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী । ভগ্নী-মাতৃ দুয়োজনেই তেওঁৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও ঘটনাৰ পিছৰ পৰাই তেওঁলোকো দুখী হৈ পৰিছে ।

ৰাজ-সোনমৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ত ৰাজৰ মাতৃয়ে কয়- ‘‘আমাৰ হাতত তেনে কোনো তথ্য নাই ৷ সোনম ৰাজৰ মালিকনী আছিল আৰু ৰাজে তেওঁক ভগ্নীৰ দৰে ব্যৱহাৰ কৰিছিল ৷’’

আমি ন্যায় বিচাৰো: ভগ্নী

ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুত নাম সাঙোৰ খোৱাৰ পিছত সোনম ৰঘুবংশীৰ কথিত প্ৰেমিক ৰাজ কুশৱাহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ৰাজৰ ভনীয়েকে এই সন্দৰ্ভত কয়- ‘‘আমাৰ হাতত এই ঘটনাৰ কোনো তথ্য নাই । সোনমৰ প্ৰেমৰ খবৰ সন্দৰ্ভত কি চলি আছে, সেই বিষয়ে আমি অৱগত নহয় । আমি বাৰে বাৰে একেটা কথাকে অনুৰোধ কৰি আছো যে আমি ন্যায় বিচাৰো । আমাৰ ভাইটিয়ে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে ।’’

প্ৰকৃততে কাৰ মালিকনী আছিল সোনম ?

উল্লেখ্য যে, পেছাদাৰী হত্যাকাৰীৰ জৰিয়তে স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ইন্দোৰৰ সোনম ৰঘুবংশীৰ বিৰুদ্ধে । এই কাণ্ডত সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনিজন যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আটাইকেইজন ইন্দোৰৰ বাসিন্দা । সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা ইন্দোৰত থকাৰ উপৰিও সোনমৰ পিতৃৰ প্লাইউড কোম্পানীত কৰ্মৰত আছিল । যিটো কোম্পানীৰ মালিকৰ আসনত আছিল সোনম ৰঘুবংশী ।

ভগ্নীয়ে খোদ সোনমক ৰাজৰ মালিকনী বুলি দাবী কৰিছে । ইয়াৰোপৰি বিশাল সিং, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুত নামৰ আন তিনিজন যুৱকক ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ চুপাৰী দিয়া হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: মেঘালয় আৰু মেঘালয়ৰ মানুহক অপমান কৰিলে কিয় ? সোনম-ৰাজাৰ পৰিয়ালে ক্ষমা খোজক - SONAM RAJA CASE