ETV Bharat / bharat

আঞ্চলিক গতিশীলতাক নতুন দিশ প্ৰদান ৰে'লৱেৰ; গেলেফু-কোকৰাঝাৰ ৰে'ল প্ৰকল্পই উপকৃত কৰিব উত্তৰ-পূৰ্বাঞ্চলক

ভাৰতৰ নতুন ভূটান ৰে'ল সংযোগে উত্তৰ-পূবৰ সংযোগ বৃদ্ধি কৰিব । ই চীনত মহম্মদ ইউনুছৰ মন্তব্যৰ ফলত উদ্ভৱ হোৱা বাংলাদেশৰ সামুদ্ৰিক সুবিধাৰ মোকাবিলা কৰিব ।

Gelephu Kokrajhar rail link
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 8:48 PM IST

9 Min Read
Choose ETV Bharat

নতুন দিল্লী : এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰচেষ্টা হিচাপে ভূটানৰ গেলেফু আৰু অসমৰ কোকৰাঝাৰৰ মাজত ৰে'ল সংযোগে ভাৰতৰ উত্তৰ-পূবৰ অৰ্থনৈতিক আৰু কৌশলগত দৃশ্যপট সলনি কৰিবলৈ সাজু হৈছে । এই প্ৰকল্পটো ভাৰতৰ সম্পদ সমৃদ্ধ কিন্তু দৰ্শনগতভাৱে প্ৰত্যাহ্বানপূৰ্ণ সাতভনী ৰাজ্য অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশক ৰাষ্ট্ৰীয় গ্ৰিড আৰু আঞ্চলিক বাণিজ্য বৰ্তনীত একত্ৰিত কৰাৰ বাবে কেন্দ্ৰীভূত ।

ইয়াৰ তাৎপৰ্য ভূ-ৰাজনৈতিক মন্তব্যৰ দ্বাৰা অধিক বৃদ্ধি কৰা হৈছে, বিশেষকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ মন্তব্যৰ পৰা । ইউনুছে শেহতীয়াভাৱে চীনত অঞ্চলটোৰ স্থলবেষ্টিত স্থিতি আৰু বাংলাদেশৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰশীলতাৰ বিষয়ে মন্তব্য কৰিছিল । তেনে পটভূমিত নতুন ৰে'ল কৰিড'ৰে কেৱল বৰ্ধিত সংযোগৰ প্ৰতিশ্ৰুতি বহন কৰাই নহয়, লগতে এক কৌশলগত প্ৰতিৰোধ হিচাপেও কাম কৰিব । ই সামুদ্ৰিক পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু সম্ভাৱ্য আঞ্চলিক বাণিজ্যৰ গতিশীলতাক পুনৰ সন্তুলিত কৰিব ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত ইউনুছে যোৱা মাহত চীন ভ্ৰমণৰ সময়ত এক অৰ্থনৈতিক সন্মিলনত এইদৰে কোৱা পৰিলক্ষিত হৈছিল, "ভাৰতৰ সাতখন ৰাজ্য, ভাৰতৰ পূব প্ৰান্ত, সাতভনী বুলি কোৱা হয় । সেইকেইখন ভাৰতৰ চাৰিওফালৰ পৰা স্থলবেষ্টিত এক অঞ্চল । ৰাজ্যকেইখনৰ সমুদ্ৰলৈ যোৱাৰ কোনো পথ নাই ।"

তেওঁ বাংলাদেশক ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে 'মহাসাগৰৰ অভিভাৱক' বুলি উল্লেখ কৰে । ইউনুছৰ এই মন্তব্যৰ ফলত ভাৰতত ক্ষোভৰ উদ্গীৰণ হয় আৰু ৰাজনৈতিক মতাদৰ্শ অতিক্ৰম কৰি সৰ্বত্ৰে সমালোচনা হয় ।

১ এপ্ৰিলত নিজৰ এক্স হেণ্ডেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউনুছে দিয়া বিবৃতিটো "আক্ৰমণাত্মক আৰু তীব্ৰ গৰিহণাৰ যোগ্য" ।

মুখ্যমন্ত্ৰীয়ে কয়, "এই মন্তব্যই ভাৰতৰ কৌশলগত 'চিকেন নেক' কৰিড'ৰৰ সৈতে সম্পৰ্কিত নিৰন্তৰ দুৰ্বলতাক অংকিত কৰে ।" তাৰ পিছত চলিত মাহৰ আৰম্ভণিতে ভাৰতে বাংলাদেশক প্ৰদান কৰা বাণিজ্যিক বন্দৰ ব্যৱহাৰৰ সুবিধা প্ৰত্যাহাৰ কৰে, যাৰ জৰিয়তে ভাৰতৰ পূব প্ৰান্তৰ চুবুৰীয়া দেশখনৰ পৰা সামগ্ৰীবোৰ ভাৰতীয় ভূখণ্ডৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় বন্দৰলৈ যাব পাৰিছিল ।

এই সুবিধা এসময়ত নেপাল, ভূটান আৰু তাৰ বাহিৰেও অন্য গন্তব্যস্থানলৈ দ্ৰুত ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশৰ বাবে জীৱনৰেখা স্বৰূপ আছিল । কিন্তু সেই সুবিধা কৰ্তন কৰাৰ ফলত ৰপ্তানিকৰ্তাসকলে তেওঁলোকৰ সামগ্ৰী প্ৰেৰণৰ বাবে নতুন পথৰ সন্ধান কৰিবলগা হয় আৰু ইয়াৰ বৰ্ধিত পৰিবহণ ব্যয়ৰ বাবে সমস্যাত পৰে । বিশ্বজনীন ক্ৰেতাসকলে সময়মতে বিতৰণ আৰু প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণৰ দাবীৰ সৈতে বাংলাদেশৰ পোছাক নিৰ্মাতাসকলে সম্ভাৱ্য অৰ্ডাৰৰ লোকচান আৰু লাভৰ মাৰ্জিন হ্ৰাস হোৱাৰ বাবে চিন্তা ব্যক্ত কৰি আহিছে ।

ভাৰতে 2020 চনৰ 29 জুনত এক আদেশৰ জৰিয়তে এই ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰৱৰ্তন কৰিছিল । ইয়াৰ ফলত বাংলাদেশী সামগ্ৰী ভাৰতীয় ভূখণ্ড ব্যৱহাৰ কৰি তৃতীয় দেশলৈ পৰিবহণ কৰিব পাৰে । 2024 চনৰ জানুৱাৰী মাহৰ পৰা 2025 চনৰ মাহলৈকে এই 15 মাহৰ ব্যৱধানত বাংলাদেশে ভাৰতীয় পথ পৰিবহণ ব্যৱহাৰ কৰি 36 খন দেশলৈ প্ৰায় 462 নিযুত ডলাৰ মূল্যৰ পোছাক ৰপ্তানি কৰিছিল । অৱশ্যে ভাৰতীয় কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে 8 এপ্ৰিলত এই আদেশ বাতিল কৰে । যাৰ ফলত এনেধৰণৰ পৰিবহণ বন্ধ হৈ পৰে ।

এই আদেশ প্ৰত্যাহাৰৰ ফলত প্ৰতিষ্ঠিত বাণিজ্য পথসমূহ ব্যাহত হৈছে, যাৰ ফলত বাংলাদেশী ৰপ্তানিকৰ্তাসকলে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হৈছে । কিন্তু সেইবোৰ প্ৰায়ে অধিক ব্যয়বহুল পথ । ৰপ্তানিকৰ্তাসকলে এতিয়া উচ্চ বিমান পৰিবহণ হাৰ আৰু দীঘলীয়া পৰিবহণ সময়ৰ সন্মুখীন হৈছে । যাৰ ফলত বিশ্ববজাৰত তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা প্ৰভাৱিত হৈছে । ভাৰতৰ এই আকস্মিক পদক্ষেপে বাংলাদেশৰ পৰা মধ্যপ্ৰাচ্য আৰু পশ্চিমীয়া বজাৰলৈ জৰুৰী ৰপ্তানিৰ বাবে এটা মুখ্য পৰিবহণ বিকল্প অৱৰোধ কৰিছে ।

আৰু বৰ্তমান এক উল্লেখযোগ্য ঘটনাক্ৰমত ভাৰতে অসমত কোকৰাঝাৰ ষ্টেচনৰ সৈতে গেলেফুক সংযোগ কৰাৰ বহু প্ৰতীক্ষিত 69.04 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৱৰ্তী ৰে'ল প্ৰকল্পটো হিমালয়ান ৰাষ্ট্ৰৰ গেলেফু মাইণ্ডফুলনেছ চিটি (জি এম চি) প্ৰকল্পৰ উন্নয়নৰ ব্লুপ্ৰিণ্টত একত্ৰিত কৰা হৈছে ।

জি এম চি কৰ্তৃপক্ষই ভূটানৰ ৰাজকীয় চৰকাৰ আৰু ভাৰত চৰকাৰ দুয়োৰে সৈতে সমন্বয় ৰক্ষা কৰি আছে, যাতে ৰে'ল প্ৰকল্পটো চহৰখনৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক পৰিকল্পনাৰ সৈতে মিলাব পৰা হয় ।

ভূটানৰ সংবাদ পৰ্টেল কুৱেনছেলে জি এম চিৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি কয়, "জি এম চিৰ আন্তঃগাঁথনি আৰু লজিষ্টিক পৰিকল্পনাক সমৰ্থন কৰাৰ বাবে ৰে'ল প্ৰকল্পটোৰ পৰ্যালোচনা কৰা হৈছে, চহৰখনৰ বাণিজ্য আৰু অৰ্থনৈতিক পৰিস্থিতিতন্ত্ৰৰ সৈতে ইয়াৰ একত্ৰীকৰণ নিশ্চিত কৰা হৈছে ।"

জি এম চি প্ৰকল্পত ভূটানৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া তথা বংগোপসাগৰ অঞ্চলৰ সৈতে সংযোগৰ পৰিকল্পনা কৰা হৈছে । ২০২৩ চনৰ ডিচেম্বৰত দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে ভাষণ প্ৰদানৰ সময়ত ভূটানৰ ৰজা জিগমে খেছাৰ নামগাইল ৱাংচুকে এই প্ৰকল্পটো ঘোষণা কৰিছিল, যিটো কোকৰাঝাৰক গেলেফুৰ সৈতে সংযোগ কৰা ৰে'লপথৰ শেহতীয়া বিকাশৰ সৈতে মিল খাইছে । ৩৫ বিলিয়ন টকাৰ এই প্ৰকল্পটো সেই বছৰৰ আৰম্ভণিতে ৰজা ৱাংচুকৰ দিল্লী ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা আলোচনাৰ ফল । যিটো হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত ৰে'ল যোগাযোগৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি ।

কুৱেনছেলৰ প্ৰতিবেদনত জি এম চি বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে, "জি এম চিৰ মাধ্যমেৰে দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগৰ বাবে ৰে'লৱে এক গুৰুত্বপূৰ্ণ সমন্বয়ক হ'ব ।"

গেলেফু-কোকৰাঝাৰ ৰে'ললাইন প্ৰকল্পটোৱে কেৱল আঞ্চলিক অৰ্থনীতিক একত্ৰীকৰণ বৃদ্ধি আৰু সামগ্ৰী পৰিবহণ উন্নত কৰাই নহয়, ই উত্তৰ-পূব ভাৰতৰ কৌশলগত দৃশ্যপটো পুনৰ বিন্যাস কৰিব । নতুন ৰে'ল লাইনটো বাহ্যিক সামুদ্ৰিক প্ৰৱেশদ্বাৰসমূহৰ ওপৰত আঞ্চলিক নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত এক সক্ৰিয় পদক্ষেপ, যাৰ দ্বাৰা অৰ্থনৈতিক সম্ভাৱনা আৰু কৌশলগত আত্মনিৰ্ভৰশীলতা দুয়োটায়ে বৃদ্ধি পাব ।

উত্তৰ-পূব ভাৰতে দীৰ্ঘদিন ধৰি ভৌগোলিক বিচ্ছিন্নতাত ভুগি আহিছে । কাৰণ ইয়াৰ ভূমিভাগ ভাৰতৰ বাকী অংশৰ সৈতে এক সংকীৰ্ণ কৰিড'ৰৰ দ্বাৰা সংযোজিত হৈ আছে, যাক শিলিগুৰি কৰিড'ৰ বা চিকেন নেক বুলি জনা যায় । এই বিচ্ছিন্নতাই অৰ্থনৈতিক বিকাশত বাধা দিছে আৰু অঞ্চলটোক বাণিজ্য আৰু গতিশীলতাৰ বাবে কেইটামান নিৰ্দিষ্ট পৰিবহণ পথৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল কৰি তুলিছে ।

গেলেফু-কোকৰাঝাৰ ৰে'ল সংযোগে এক কাৰ্যকৰী বৈকল্পিক কৰিড'ৰ প্ৰদান কৰি এই সমস্যাটো পোনপটীয়াকৈ সমাধান কৰিব । ই অঞ্চলটোৰ পৰিবহণ নেটৱৰ্কক চুবুৰীয়া ভূটান আৰু সম্প্ৰসাৰণৰ দ্বাৰা ভাৰতক বিস্তৃত ৰাষ্ট্ৰীয় গ্ৰিডৰ সৈতে একত্ৰিত কৰিব । এই উন্নত সংযোগে কেৱল সামগ্ৰী আৰু মানুহৰ সুগম চলাচল বৃদ্ধি কৰাই নহয়, প্ৰাকৃতিক সম্পদ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চল এটাৰ অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাত সহায় কৰিব ।

নতুন দিল্লীস্থিত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ গৱেষণা আৰু তথ্য ব্যৱস্থাৰ (আৰ আই এছ) থিংক টেংকৰ অধ্যাপক প্ৰবীৰ দে'য়ে ইটিভি ভাৰতক কয়, "ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ একমাত্ৰ লাভ হৈছে নতুন দিল্লী আৰু ঢাকাৰ মাজত স্বাক্ষৰিত এক চুক্তিৰ জৰিয়তে উত্তৰ-পূব ভাৰতলৈ সামগ্ৰী ৰপ্তানিৰ বাবে ইয়াৰ চিটাগং আৰু মাটাৰবাৰী বন্দৰৰ ব্যৱহাৰ ।"

তেওঁ কয়, "চিটাগং বন্দৰটোৱে অতিমাত্ৰা বালিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । আনহাতে, মাটাৰবাৰী বন্দৰটো জাপানৰ সহায়ত বিকাশৰ অধীনত আছে ।"

দে'ৰ মতে, গেলেফু-কোকৰাঝাৰ ৰে'ল সংযোগে গুৰুত্ব বহন কৰাৰ কাৰণ হ'ল, ই ভূটানৰ পৰা কলকাতা আৰু হালদিয়া বন্দৰলৈ সামগ্ৰী দ্ৰুতগতিত পৰিবহণ কৰাত সহায় কৰিব ।

"বাংলাদেশৰ তুলনাত ভাৰতৰ আন্তঃগাঁথনি যথেষ্ট ভাল ।" দে'য়ে কয় । তেওঁ লগতে কয়, "বাংলাদেশৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে ভূটানৰ পৰা স্থানান্তৰিত সামগ্ৰীবোৰ দেশখনৰ বংগোপসাগৰৰ কাষৰ বন্দৰসমূহত উপস্থিত হ'বলৈ অধিক সময় লাগিব ।"

সংক্ষেপতে ক'বলৈ হ'লে, গেলেফু-কোকৰাঝাৰ ৰে'লৱে সংযোগে এই দুৰ্বলতাৰ পোনপটীয়া প্ৰতিৰোধ হিচাপে কাম কৰিব । এক শক্তিশালী ভূমি-ভিত্তিক সংযোগ কৰিড'ৰ সৃষ্টি কৰি ভাৰতে বাংলাদেশৰ সামুদ্ৰিক সুবিধাসমূহৰ মাজেৰে পাৰ হ'ব পৰা বা নিৰ্ভৰ কৰিব পৰা চুবুৰীয়া পৰিবহণ পথৰ ওপৰত নিৰ্ভৰশীলতা কাৰ্যকৰীভাৱে হ্ৰাস কৰি আছে ।

সামগ্ৰী পৰিবহণৰ এই বৈচিত্ৰ্যকৰণে কেৱল বাণিজ্যকে শক্তিশালী নকৰে, কিন্তু যিকোনো বাহ্যিক শক্তিৰ দ্বাৰা শোষণ কৰিব পৰা সম্ভাৱ্য অৱৰোধৰ মাত্ৰাকো হ্ৰাস কৰি কৌশলগত স্বনিৰ্ভৰশীলতা বৃদ্ধি কৰিব । এই সন্দৰ্ভত ৰে'ল প্ৰকল্পটো ইউনুছৰ মন্তব্যৰ দ্বাৰা উদ্ভৱ হোৱা পৰিস্থিতিয়ে কৰা আঘাতক হ্ৰাস কৰাৰ দিশত এক স্পষ্ট পদক্ষেপ । ই ভাৰতক ইয়াৰ স্থলবেষ্টিত উত্তৰ-পূৰ্বাঞ্চলক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নেটৱৰ্কৰ সৈতে ভালদৰে একত্ৰিত কৰাৰ স্থিতি প্ৰদান কৰিব, যাৰ ফলত চুবুৰীয়া দেশসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত সামুদ্ৰিক প্ৰৱেশদ্বাৰসমূহৰ আপেক্ষিক আধিপত্য হ্ৰাস হ'ব ।

লগতে পঢ়ক :ভূ-ৰাজনীতি : ভাৰত-বাংলাদেশ দুয়োখন দেশে ইখনে সিখনক ভালদৰে বুজিব লাগিব - INDIA BANGLADESH GEOPOLITICS
লগতে পঢ়ক :উত্তৰ-পূব ভাৰতক "লেণ্ড লক" আখ্যা দি বিপদত ইউনুছ: ভাৰতৰ মাজেৰে কোনো ব্যৱসায় কৰিব নোৱাৰিব বাংলাদেশে - INDIA CUTS LINK TO BANGLADESH