ETV Bharat / bharat

১ জুলাইৰ পৰা যাত্ৰীবাহী ৰে’লৰ ভাৰা বৃদ্ধি

ইতিমধ্যে পূৰ্ব সংশোধিত হাৰত জাৰি কৰা টিকটৰ ক্ষেত্ৰত সংশোধিত ভাৰা প্ৰযোজ্য নহ’ব ।

RAILWAY FARE HIKE
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 8:23 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৰে’ল মন্ত্ৰালয়ে যাত্ৰীবাহী ৰে’ল সেৱাৰ ভাৰা সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰে'ল বিভাগৰ বিবৃতি অনুসৰি ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নতুন ভাৰাৰ নিৰিখ ।

তথ্য অনুসৰি নন-এচি মেইল/এক্সপ্ৰেছত প্ৰতি কিলোমিটাৰত এক পইচা আৰু এচি আৰু ইচি/ইএ শিতানত প্ৰতি কিলোমিটাৰত দুপইচাকৈ সামান্য বৃদ্ধি কৰা হ’ব, আনহাতে উপনগৰীয়া (একক যাত্ৰাৰ ভাৰা) আৰু মাহেকীয়া ছিজন টিকট (উপনগৰ আৰু অ-উপনগৰীয়া) বৃদ্ধি নহ’ব ।

অৱশ্যে সাধাৰণ দ্বিতীয় শ্ৰেণীৰ যাত্ৰাৰ ভাৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত অপৰিৱৰ্তিত হৈ থাকিব যদিও ৫০১ৰ পৰা ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে যাত্ৰীসকলে ১৫০১ৰ পৰা ২৫০০ কিলোমিটাৰ পথৰ বাবে ৫ আৰু ১০ টকা আৰু ২৫০১ৰ পৰা ৩০০০ কিলোমিটাৰৰ বাবে ১৫ টকা দিব লাগিব ।

একেদৰে ৰে’লৱেই শ্লীপাৰ ক্লাছ সাধাৰণ আৰু ফাৰ্ষ্ট ক্লাছ সাধাৰণৰ ভাৰা আধা পইচা বৃদ্ধি কৰিছে । "তেজস ৰাজধানী, ৰাজধানী, শতাব্দী, দুৰন্ত, বন্দে ভাৰত, হামছফৰ, অমৃত ভাৰত, তেজস, মহামনা, গতিমান, অন্ত্যোদয়া, গৰীব ৰথ, জন শতাব্দী, যুবা-এক্সপ্ৰেছ, সাধাৰণ সেৱা (অ-উপনগৰ), অনুভূতি দবা আৰু এচি ভিষ্টাডোম দবা আদি অধিসূচিত সংশোধিত ভাৰা অনুসৰি ওপৰত প্ৰস্তাৱিত শ্ৰেণীভিত্তিক ভাৰা বৃদ্ধিৰ পৰিসৰলৈকে সংশোধন কৰা হৈছে ।" মন্ত্ৰালয়ে কয়

  • ইতিমধ্যে পূৰ্ব সংশোধিত হাৰত জাৰি কৰা টিকটৰ ক্ষেত্ৰত এনে টিকটত সংশোধিত ভাৰা প্ৰযোজ্য নহ’ব । সেই অনুসৰি এনে টিকটত ১ জুলাই বা তাৰ পিছত যাত্ৰাৰ ভাৰাৰ পাৰ্থক্য ৰিজাৰ্ভেচন চাৰ্টত দেখুওৱা নহ’ব । অৱশ্যে ১ জুলাইত বা তাৰ পিছত টিটিই/টিকট পৰীক্ষা কৰা কৰ্মচাৰীয়ে ৰে’ল বা ষ্টেচনত যিকোনো নতুন টিকটৰ মূল্য সংশোধিত হাৰত লোৱা হ’ব ৷
  • ষ্টেচনসমূহত জনসাধাৰণৰ আগত প্ৰদৰ্শিত ভাৰা তালিকাখনো সংশোধন কৰি ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাৰা দেখুওৱা হ’ব ৷
  • মেনুৱেল টিকট ব্যৱস্থা আৰু পিআৰএছ আৰু ইউটিএছত কৰিবলগীয়া পৰিৱৰ্তনসমূহ নিশ্চিত কৰা হ’ব ৷
  • প্ৰয়োজনীয় নিৰ্দেশনা আৰু সংশোধিত যাত্ৰী ভাৰাৰ তালিকা কৰ্মচাৰীসকলক বহু আগতেই জনোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব । সংশ্লিষ্ট কৰ্মচাৰীসকলে যাতে এই পৰিৱৰ্তনসমূহ সম্পূৰ্ণৰূপে বুজি পায় আৰু সঠিকভাৱে কাৰ্যকৰী কৰে তাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷
  • সংবাদ মাধ্যম আৰু ষ্টেচনত অধিসূচনা আৰু ঘোষণাৰ জৰিয়তে ১ জুলাইৰ পৰা ভাৰা আৰু ভাৰা টেবুলৰ পুনৰীক্ষণৰ ব্যাপক প্ৰচাৰ মণ্ডল ৰে’লৱেই কৰিব ।

লগতে পঢ়ক : আঞ্চলিক গতিশীলতাক নতুন দিশ প্ৰদান ৰে'লৱেৰ; গেলেফু-কোকৰাঝাৰ ৰে'ল প্ৰকল্পই উপকৃত কৰিব উত্তৰ-পূৰ্বাঞ্চলক

নক্সাল অধ্যুষিত বস্তৰত চলিব উন্নয়নৰ ৰে’ল, জৰীপ চলিছে কোঠাগুডেম-কিৰাণ্ডুল সংযোগী ৰে’লপথৰ

জুলাইত দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব মিজোৰামৰ ৰাজধানী আইজল !