ETV Bharat / bharat

নক্সাল অধ্যুষিত বস্তৰত চলিব উন্নয়নৰ ৰে’ল, জৰীপ চলিছে কোঠাগুডেম-কিৰাণ্ডুল সংযোগী ৰে’লপথৰ

ৰে’ল মানচিত্ৰত স্থান পাব নক্সাল প্ৰভাৱিত ছত্তীশগড়ৰ বস্তৰে ৷ অঞ্চলটোত হ’ব ৰে’ল সেৱা সম্প্ৰসাৰণ ৷

RAIL NETWORK TO BASTAR
বস্তৰত ৰে’ল সেৱা সম্প্ৰসাৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 27, 2025 at 5:55 PM IST

3 Min Read
Choose ETV Bharat

ৰায়পুৰ: ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত জিলা সুকমা, বিজাপুৰ আৰু দান্তেৱাড়াত সম্প্ৰসাৰণ কৰা হ’ব ৰে’লসেৱা । ছত্তীশগড়ৰ দুৰ্গম অঞ্চলসমূহক তেলেংগানাৰ সৈতে সংযোগ কৰিবলৈ প্ৰস্তাৱিত ১৬০ কিলোমিটাৰ দৈৰ্ঘৰ ৰে’লপথ নিৰ্মাণৰ প্ৰস্তুতি খৰতকীয়া কৰি তুলিছে ৰে’ল বিভাগে ।

ইয়াৰ বাবে সুকমা, দান্তেৱাড়া আৰু বিজাপুৰত চূড়ান্ত স্থান জৰীপৰ কাম চলি আছে । শুকুৰবাৰে ৰে’ল বিষয়াসকলে এই অভিলাষী প্ৰকল্পটোৱে নক্সাল অধ্যুষিত সুকমা, দান্তেৱাড়া আৰু বিজাপুৰ জিলাক প্ৰথমবাৰৰ বাবে ৰে’ল মানচিত্ৰৰ সৈতে সংযোগ কৰিব বুলি ব্যক্ত কৰে ৷ সুকমা-দান্তেৱাড়া-বিজাপুৰ জিলাত ৰে’লপথ নিৰ্মাণ হ’লে সৰ্বসাধাৰণ জনসাধাৰণ সীমাহীনভাৱে উপকৃত হ’ব ৷

কোঠাগুডেমৰ পৰা তেলেংগানাৰ কিৰাণ্ডুললৈ ৰে’লপথ নিৰ্মাণ

কোঠাগুডেমৰ পৰা কিৰাণ্ডুললৈ নতুন ৰে’লপথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰিছে ভাৰতীয় ৰে’ল বিভাগে । ১৬০.৩৩ কিলোমিটাৰ দৈৰ্ঘৰ নতুন ৰে’লপথৰ চূড়ান্ত স্থান জৰীপৰ কামত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে । ইয়াৰ পিছত জৰীপৰ কাম শেষ পৰ্যায়ত উপনীত হ’ব ।

এই প্ৰস্তাৱিত ৰে’লপথৰ ১৩৮.৫১ কিলোমিটাৰ অংশ সুকমা, দান্তেৱাড়া আৰু বিজাপুৰৰ দৰে নক্সাল প্ৰভাৱিত জিলাত হ’ব । অৰ্থাৎ ইয়াৰ মাজেৰে ৰে’লপথ নিৰ্মাণ কৰা হ’ব । স্বাধীনতাৰ পিছৰে পৰা এই অঞ্চলটো ৰে’ল মানচিত্ৰৰ বাহিৰত আছিল ৷

এই প্ৰকল্প ৰূপায়ণৰ লগে লগে সাধাৰণ লোকে যাতায়াতৰ আন এক মাধ্যম লাভ কৰিব ৷ যাৰ দ্বাৰা এই জিলাসমূহৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰতো বৈপ্লৱিক পৰিৱৰ্তন আহিব ।

লিডাৰ প্ৰযুক্তিৰ জৰিয়তে অব্যাহত আছে জৰীপৰ কাম

শেহতীয়া লিডাৰ প্ৰযুক্তিৰ জৰিয়তে ভাৰতীয় ৰে’ল বিভাগে এই জৰীপৰ কাম চলাই আছে । এই ৰে’লপথ প্ৰকল্পটো ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিশেষভাৱে নিৰীক্ষণ কৰি আছে । আভ্যন্তৰীণ নিৰাপত্তাৰ লগতে আঞ্চলিক উন্নয়নৰ দৃষ্টিকোণৰ পৰা ইয়াক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে । এই কামত সুখী অনুভৱ কৰিছে বস্তৰৰ ৰাইজে ।

লাভৱান হ’ব বস্তৰবাসী

এই কামৰ বাবে ৰে’ল বিভাগে মুখ্যমন্ত্ৰী ছাইৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । ভাৰতীয় ৰে’ল বিভাগে ছত্তীশগড় চৰকাৰ আৰু মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে, যাৰ নিৰ্দেশ আৰু সহযোগৰ বাবে এই জৰীপৰ কাম পুনৰ দ্ৰুতগতিত চলিছে ।

এই ৰে’লপথটো ভৱিষ্যতে বস্তৰৰ বাবে নিৰাপত্তা, অন্তৰ্ভুক্তি আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে পৰিচিত হ’ব ৷ এই প্ৰকল্পই বস্তৰৰ জনসাধাৰণৰ বাবে শিক্ষা, স্বাস্থ্য সেৱা, ব্যৱসায় আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন পথ মুকলি কৰিব ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৰি আছে নিৰীক্ষণ

সুকমা, দান্তেৱাড়া আৰু বিজাপুৰত ৰে’লসেৱাৰ উপলব্ধতাই ৰে’ল সংযোগৰ উন্নতি সাধন কৰিব । ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই প্ৰকল্পৰ ওপৰত পোনপটীয়াকৈ নজৰ ৰাখিছে । এই ৰে’লপথ নিৰ্মাণৰ ফলত ইয়াৰ কৃষক আৰু স্থানীয় বাসিন্দাসকলৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব ৷

লগতে পঢ়ক: গজৰাজ হৈ উঠিল যমৰাজ ! আহমেদাবাদৰ ৰথযাত্ৰাত হাতীৰ ৰুদ্ৰমূৰ্তি