হিংসাজৰ্জৰ মণিপুৰত প্ৰধানমন্ত্ৰী মোদীক ভ্ৰমণৰ আহ্বান ৰাহুল গান্ধীৰ
হিংসাজৰ্জৰ মণিপুৰত প্ৰধানমন্ত্ৰী মোদীক ভ্ৰমণ কৰি শান্তি ঘূৰাই অনাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷

By ANI
Published : November 17, 2024 at 9:27 AM IST
নতুন দিল্লী : পুনৰ জ্বলিছে মণিপুৰ । সোমবাৰৰ পৰা জিৰিবামত সন্ধানহীন হৈ থকা ছয়জন লোকৰ মৃতদেহ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ পিছত শনিবাৰে মণিপুৰৰ ৰাজধানীৰ ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে । মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ৷
শনিবাৰে লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে তেওঁ Xৰ এটা পোষ্টযোগে এই পৰিঘটনাক “গভীৰভাৱে বিৰক্তিকৰ” বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হিংসাত্মক পৰিস্থিতিৰে ভৰা ৰাজ্যখন ভ্ৰমণ কৰি অঞ্চলটোত পুনৰ শান্তি ঘূৰাই অনা দিশত কাম কৰিবলৈও আহ্বান জনায়।
‘‘মণিপুৰত শেহতীয়াকৈ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক সংঘৰ্ষ আৰু অব্যাহত থকা ৰক্তপাত গভীৰভাৱে আমনিদায়ক । এবছৰতকৈও অধিক সময় বিভাজন আৰু দুখ-কষ্টৰ অন্তত প্ৰতিজন ভাৰতীয়ই আশা কৰিছিল যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিলেহেঁতেন, তেতিয়া ইয়াৰ সমাধান বিচাৰি পালেহেঁতেন ৷ তেওঁ কয় ৷
সংবাদ সংস্থা ANI ৰ বাতৰিত উল্লেখ কৰা মতে, গান্ধীয়ে লগতে কয়, ‘‘মই পুনৰবাৰ প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোৰ শান্তি আৰু হিসাত্মক পৰিস্থিতি সাম কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছো ।’’
উল্লেখ্য যে, ইম্ফল পশ্চিম জিলাত শনিবাৰৰ পৰা পৰৱৰ্তী জাননী পৰ্যন্ত পুনৰ সান্ধ্য আইন জাৰি কৰা হয় ৷ ইয়াৰ পূৰ্বে 15 নৱেম্বৰৰ নিৰ্দেশ অনুসৰি 16 নৱেম্বৰৰ পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈ কৰ্তৃপক্ষই সান্ধ্য আইন শিথিল কৰিছিল যদিও এই শিথিলতাৰ আদেশ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে । স্বাস্থ্যসেৱাকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিসকলক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হ’ব বুলি আদেশত উল্লেখ কৰা হৈছে । (ANI)
ইতিমধ্যে সকলোৰে জ্ঞাত যে, সোমবাৰ (11 নৱেম্বৰ, 2024)ৰ পৰা মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা অপহৰণ হৈ আছিল 6 মেইটেই সম্প্ৰদায়ৰ লোক ৷ সন্ধানহীন লোকসকলৰ ভিতৰত আছিল 3 টা শিশু আৰু তিনিগৰাকী মহিলা ৷ কিন্তু অতি ৰহস্যজনকভাৱে শুকুৰবাৰে নিশা বৰাক নৈত উপঙি থকা অৱস্থাত দুটি শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ তিনিটা উদ্ধাৰ হৈছে । অপহৰণকাৰী দলে হত্যা কৰি মৃতদেহকেইটা নৈত পেলাই দিয়া বুলি সকলো সন্দেহ কৰে ৷
ইপিনে মৃতদেহকেইটা উদ্ধাৰ হোৱাৰ পাছত নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ আনে মণিপুৰ আৰক্ষীয়ে । এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জিৰিবামত । ইফালে সন্ধানহীন হৈ থকা আন তিনিটা মৃতদেহ শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে ৷ বৰ্তমানেও আৰক্ষীয়ে উল্লেখ কৰা নাই যে বাকী এই তিনিটা মৃতদেহ ক’ৰ পৰা উদ্ধাৰ কৰিছে ৷
জানিব পৰা মতে, এই গোটেই কেইটা মৃতদেহ সন্ধানহীন হৈ থকা 6 মেইটেই সম্প্ৰদায়ৰ লোকৰে ৷ মৃতদেহ কেইটাৰ ভিতৰত আছে এটি 8 মহীয়া শিশু ৷

