২২ টি শিশুক তুলি ল'ব ৰাহুল গান্ধীয়ে: ক'ত, কিয় ?
জম্মু-কাশ্মীৰ কংগ্ৰেছৰ মুৰব্বীয়ে কয় যে মে’ মাহত পুঞ্চ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে দলৰ নেতাসকলক আক্ৰান্ত শিশুৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল ।

Published : July 29, 2025 at 2:18 PM IST
জম্মু : ২২ টাকৈ শিশুৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । তেওঁ এই শিশুকেইটাক পালিত সন্তান হিচাপে অৰ্থাৎ 'দত্তক' ল'ব । চলিত বৰ্ষৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানৰ গোলাবৰ্ষণত ঘাটমাউৰা হোৱা এই শিশুকেইটাক ‘দত্তক’ ল’ব কংগ্ৰেছৰ যুৱৰাজে ।
জম্মু-কাশ্মীৰ কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ কাৰৰাই কয় যে স্নাতক উত্তীৰ্ণ নোহোৱা পৰ্যন্ত শিশুসকলৰ শিক্ষাৰ খৰচ লোকসভাত বিৰোধী দলপতিগৰাকীয়ে বহন কৰিব । বুধবাৰে আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি মুকলি কৰা হ’ব ।
সোমবাৰে জম্মুত এক সংবাদমেলত কাৰৰাই কয়, "পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃ দুয়োজনকে বা পৰিয়ালৰ কোনো এজন অভিভাৱকক হেৰুওৱা ২২টা শিশুৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ ৰাহুল গান্ধীয়ে বহন কৰিব । বুধবাৰে প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰি দিয়া হ'ব, যাতে শিশুসকলে শিক্ষা অব্যাহত ৰাখিব পাৰে ।"
"এই শিশুসকলে স্নাতক ডিগ্ৰী লাভ নকৰালৈকে এই সাহায্য অব্যাহত থাকিব ।" তেওঁ লগতে কয় ।
কাৰৰাই কয় যে মে’ মাহত পুঞ্চ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে দলৰ নেতাসকলক ক্ষতিগ্ৰস্ত শিশুৰ তালিকা এখন যুগুত কৰিবলৈ নিৰ্দেশ দিছিল । তাৰ পিছত এক সমীক্ষা কৰি চৰকাৰী তথ্যৰ পৰা পৰীক্ষণৰ পিছত চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয় ।
ৰাহুল গান্ধীয়ে ২৪ মে’ত পুঞ্চলৈ গৈ স্থানীয় এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিছিল আৰু তেওঁলোকক কৈছিল যে “চিন্তা নকৰিব, কাৰণ পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হ’ব” ।
তেওঁলোকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল, "তোমালোকে কিছু বিপদ আৰু ভয়ংকৰ পৰিস্থিতি প্ৰত্যক্ষ কৰিছে । কিন্তু চিন্তা নকৰিব, সকলো স্বাভাৱিক হ'ব । এই সমস্যাৰ প্ৰতি তোনালোকৰ সঁহাৰি জনোৱাৰ ধৰণ হ'ব লাগে কঠোৰভাৱে পঢ়া-শুনা কৰা । তোমালোকে সঁচাকৈয়ে কঠোৰভাৱে খেলত নিমগ্ন হোৱা আৰু স্কুলত যিমান সম্ভৱ পাৰা বন্ধুত্ব গঢ়ি তোলা ।"
উল্লেখ্য যে মে’ মাহত ভাৰত-পাকিস্তানৰ সশস্ত্ৰ সংঘাতৰ বোজা মূৰ পাতি ল'বলগা হৈছিল পুঞ্চ জিলাই । ৬-৭ মে’ৰ মাজৰ নিশা পাকিস্তানী বাহিনীয়ে জিলাখনৰ অসামৰিক অঞ্চলত বোমাবৰ্ষণ কৰাত কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ উপৰি শ শ ঘৰ আৰু অন্যান্য আন্তঃগাঁথনি ধ্বংস হৈছিল ।
১৬ মে’ত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেচনেল কনফাৰেন্সৰ বিধায়ক আজাজ জানে কৈছিল যে গৰিষ্ঠসংখ্যক গাঁৱতে 'গধুৰ বোমা' আঘাত কৰা হৈছে আৰু আনকি পূৰ্বতে প্ৰভাৱিত নোহোৱা অঞ্চলসমূহৰো ব্যাপক ক্ষতিসাধন কৰিছে ।
উল্লেখ্য যে ২২ এপ্ৰিলৰ পহলগাম আক্ৰমণত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ২৬ জন সাধাৰণ নাগৰিকক হত্যা কৰাৰ পিছত দুয়োখন দেশ যুদ্ধ পৰিস্থিতিৰ দিশলৈ আগবাঢ়ে । ভাৰতে এই আক্ৰমণৰ প্ৰত্যুত্তৰত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰে আৰু পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য আৰু আক্ৰমণ চলায় ।

