ETV Bharat / bharat

গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি - Punjab New Governor

Punjab New Governor : পঞ্জাব চৰকাৰ আৰু ৰাজ্যপাল বনৱাৰী লাল পুৰোহিতৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ অৱসান । ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পুৰোহিতৰ পদত্যাগ পত্ৰ । গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিলে । চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপেও দায়িত্ব পালন কৰিব কাটাৰিয়াই ।

Punjab New Governor
গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 28, 2024 at 10:16 AM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ২৮ জুলাই : পঞ্জাব চৰকাৰ আৰু ৰাজ্যপালৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বাকযুদ্ধৰ অৱসান হোৱাৰ দিশে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজ্যপাল বনৱাৰী লাল পুৰোহিতৰ পদত্যাগ গ্ৰহণ কৰিছে । যাৰ ফলস্বৰূপে এতিয়া অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে । ৰাষ্ট্ৰপতি ভৱনে এই তথ্য প্ৰকাশ কৰিছে ।

বনৱাৰী লাল পুৰোহিতক ২০২১ চনৰ ৩১ আগষ্টত পঞ্জাবৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছিল । ইফালে পঞ্জাব চৰকাৰ আৰু ৰাজ্যপালৰ আভ্যন্তৰীণ মনোমালিন্য চলি থকাৰ সময়ত ৰাজ্যপালে ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ।

লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি :

একেদৰে ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক গুলাব চান্দ কাটাৰিয়াৰ স্থানত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁক মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে । জ্যেষ্ঠ বিজেপি নেতা ওম প্ৰকাশ মাথুৰক ছিকিমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।

পঞ্জাব চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বাকযুদ্ধ :

বনৱাৰী লাল পুৰোহিতৰ ৰাজ্যপালৰ কাৰ্যকালত পাঞ্জাবৰ ভগৱন্ত মান চৰকাৰৰ সৈতে বহুতো বিবাদ হৈছিল । বিষয়টোৱে উচ্চতম ন্যায়ালয় পাইছিল । বনৱাৰী লাল পুৰোহিতৰ ৰাজ্যপাল হিচাপে সীমান্ত সমষ্টি ভ্ৰমণ সন্দৰ্ভত চৰকাৰে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল । ইয়াৰ মাজতে চৰকাৰৰ বহুতো সিদ্ধান্ত সন্দৰ্ভত দুয়োপক্ষৰ মাজত বাকযুদ্ধও কেইবাবাৰো দেখা গৈছে ।

এই ৰাজ্যসমূহতো নতুন ৰাজ্যপাল নিযুক্তি :

সন্তোষ কুমাৰ গাংৱাৰক ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ইয়াৰ লগতে ঝাৰখণ্ডৰ ৰাজ্যপাল হৈ থকা চি পি ৰাধাকৃষ্ণণ এতিয়া মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হ'ব । লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে, তেওঁ মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও লাভ কৰিব ।

চি এইচ বিজয় শংকৰক মেঘালয়ৰ ৰাজ্যপাল, ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল, হৰিভাউ কিষাণৰাও বাগদেক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি, জিষ্ণু দেৱ বৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি আৰু ওম প্ৰকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ৰাষ্ট্ৰপতি ভৱনৰ বিবৃতিটোত কোৱা হৈছে যে এই নিযুক্তিসমূহ তেওঁলোকে নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব ।

পুডুচেৰীত লেফটেনেণ্ট গভৰ্ণৰ নিযুক্তি :

কে কৈলাশনাথনক পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে । পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ কৈলাশনাথন গুজৰাট কেডাৰৰ এগৰাকী প্ৰাক্তন আইএএছ বিষয়া । কৈলাশনাথন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান সচিব আছিল । তেওঁ এই বছৰৰ ৩০ জুনত তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল । ২০১৩ চনত অৱসৰ গ্ৰহণ কৰা স্বত্বেও তেওঁক ১১ টা সেৱা সম্প্ৰসাৰণ দিয়া হৈছিল ।

লগতে পঢ়ক :ৰাজনীতি নহয় আধ্যাত্মিকতাৰ প্ৰতিহে আগ্ৰহী বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ - Nitish Kumar Son Nishant