পুনেৰ বাছ ধৰ্ষণকাণ্ড : কুঁহিয়াৰতলিৰ পৰা আটক অভিযুক্তক
পুনেৰ স্বৰগেট বাছ আস্থানত এগৰাকী ২৬ বছৰীয়া মহিলাক বলাৎকাৰৰ অভিযোগত অভিযুক্ত দত্তত্ৰে গাড়েক পুনে আৰক্ষীয়ে আটক কৰে ।

By PTI
Published : February 28, 2025 at 10:55 AM IST
পুনে : পুনেৰ স্বৰগেট বাছ আস্থানত বাছৰ ভিতৰত এগৰাকী ২৬ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত পুনে আৰক্ষীয়ে শুকুৰবাৰে এজন লোকক আটক কৰে । অভিযুক্তটোৰ নাম হৈছে দত্তাত্ৰে গাড়ে । অভিযুক্তটোক পুনেৰ শিৰুৰ তহচিলৰ জন্মগাঁৱৰ পৰাই মাজনিশা আৰক্ষীয়ে আটক কৰে ।
অভিযুক্ত গাড়ে কুঁহিয়াৰতলিত লুকাই থকাৰ তথ্য লাভ কৰাৰ পাচতে আৰক্ষীয়ে উক্ত স্থানত তালাচী অভিযান চলায় । আৰক্ষী উপায়ুক্ত স্মাৰতানা পাটিলে কয়, "আৰক্ষীয়ে তথ্য লাভ কৰে যে অভিযুক্তই তেওঁৰ গাঁৱতে লুকাই আছে । সেই তথ্যৰ ওপৰত ভিত্তি কৰি তালাচী চলোৱাৰ পিছত অভিযুক্তক আটক কৰি জিম্মাত লোৱা হয় ।"
উল্লেখ্য যে, পূৰ্বতে বহু অপৰাধৰ লগত জড়িত অভিযুক্ত গাড়ে (৩৫) মহিলাগৰাকীক মঙলবাৰে পুৱা এখন এছ টি বাছৰ ভিতৰতে সতীত্বহৰণ কৰিছিল ৷ এই ঘটনাটো সংঘটিত কৰাৰ পিছৰে পৰা গাড়ে পলাতক হৈ আছিল অভিযুক্তটো ।
আৰক্ষীয়ে জনোৱা মতে, পুনে আৰু অহিলিয়ানগৰ জিলাত অভিযুক্ত গাড়েৰ বিৰুদ্ধে চুৰি, ডকাইতি আৰু চিলনী চোৰৰ বহু কেইটা গোচৰ আছে । এটা গোচৰত অভিযুক্ত গাড়ে ২০১৯ চনৰ পৰা জামিনত আছে ।
ইফালে আৰক্ষীয়ে পলাতক অভিযুক্ত গাড়েক ধৰিবৰ বাবে ১ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল । আনহাতে, অপৰাধীক বিচাৰি উলিওৱাত আৰক্ষীৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি একাংশ জনতাই চৰকাৰক তীব্ৰ সমালোচনাও কৰিছিল ।
ইয়াৰ পৰিপ্ৰেক্ষিতত অভিযুক্তক ধৰিবলৈ ৰাজ্যখনৰ বিভিন্ন স্থানত তেৰটা আৰক্ষী দল মোতায়েন কৰা হৈছিল । আৰক্ষীয়ে বৃহস্পতিবাৰে পুনে জিলাৰ শিৰুৰ তহচিলত অৱস্থিত উক্ত কুঁহিয়াৰতলিত অভিযুক্তটো লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাচতে স্নিফাৰ ডগ আৰু ড্ৰোণ কেমেৰা ব্যৱহাৰ কৰি অনুসন্ধান চলাইছিল । পৰৱৰ্তী সময়ত উক্ত স্থানৰ পৰাই আৰক্ষীয়ে আটক কৰে অভিযুক্ত দত্তাত্ৰে গাড়ক ৷

