নতুন দিল্লী : মুছলমান সমাজলৈ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডে (AIMPLB) বিশেষ আহ্বান জনাইছে । ৱাকফ (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ৰমজানৰ অন্তিম শুকুৰবাৰে জুমাৰ নামাজৰ বাবে যাওঁতে মুছলমানসকলক সোঁ হাতত ক'লা আৰ্মবেণ্ড পিন্ধিবলৈ আহ্বান জনাইছে বোৰ্ডে ।
এআইএমপিএলবিৰ সাধাৰণ সম্পাদক মৌলানা মহম্মদ ফজলুৰ ৰহিম মুজাদীদীয়ে বোৰ্ডৰ এক্স হেণ্ডেলত পোষ্ট কৰা এটা ভিডিঅ'ত এই কথা উল্লেখ কৰিছে । তেওঁ লোকসকলক নামাজৰ বাবে যাওঁতে সোঁ হাতত ক'লা আৰ্মবেণ্ড পিন্ধিবলৈ আহ্বান জনাইছে ।
তেওঁ কয়, "ৱাকফ (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে এআইএমপিএলবিৰ প্ৰতিবাদ অব্যাহত আছে । সেই পৰিপ্ৰেক্ষিতত জুমা তুল ৱিদা (ৰমজানৰ অন্তিম শুকুৰবাৰে) আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰক ।"
आज रमज़ान के आखरी जुमा (जुमातुल विदा) को काली पट्टी बांधकर वक्फ़ संशोधन बिल के खिलाफ अपना एहतिजाज दर्ज करायें!
— All India Muslim Personal Law Board (@AIMPLB_Official) March 28, 2025
President @AIMPLB_Official Maulana Khalid Saifullah Rahmani's important appeal.
This Jumma Tul Wida Let us Protest against Waqf Amendment Bill.
और इस हैशटैग को… pic.twitter.com/LuKbboQzEH
তেওঁ মুছলমানসকলক সোঁ হাতত ক'লা আৰ্মবেণ্ড পিন্ধি এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈও আহ্বান জনাইছে । লগতে সেই ভিডিঅ' ইয়াক অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ (এআইএমপিএলবি) অনলাইন ডেস্কলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে ।
ইয়াৰ পূৰ্বে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডে দেওবাৰে ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ৰ বিৰুদ্ধে দেশজুৰি আন্দোলন ঘোষণা কৰিছিল । প্ৰতিবাদৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে ২৬ আৰু ২৯ মাৰ্চত পাটনা আৰু বিজয়ৱাড়াৰ ৰাজ্যিক বিধানসভাসমূহৰ সন্মুখত বৃহৎ অৱস্থানৰ পৰিকল্পনা কৰা হৈছিল ।
ৱাকফ বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে বুধবাৰে বিহাৰক জোকাৰি গৈছিল । কিয়নো বিভিন্ন ৰাজনৈতিক দলবোৰেও পাটনাত ‘‘মহা ধৰ্ণা’’ আয়োজন কৰা এআইএমপিএলবিৰ সৈতে একত্ৰিত হৈছিল ।
নৰেন্দ্ৰ মোদী চৰকাৰে অনা এই বিধেয়কখন ঘূৰাই লোৱাৰ দাবীত আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দৰে ধৰ্মনিৰপেক্ষ নেতাসকলক বিতৰ্কিত আইনখনৰ সমৰ্থন পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ বাবে বিধান সভা চৌহদৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত এআইএমপিএলবিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
এআইএমপিএলবিৰ ৩১ জনীয়া কাৰ্য সমিতিয়ে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সকলো সাংবিধানিক, আইনী আৰু গণতান্ত্ৰিক উপায় গ্ৰহণ কৰাৰ সংকল্প লৈছে, যাক ই "বিতৰ্কিত, বৈষম্যমূলক আৰু ক্ষতিকাৰক" বুলি বৰ্ণনা কৰিছে । এআইএমপিএলবিয়ে এক বিবৃতিত কৈছে যে হায়দৰাবাদ, মুম্বাই, কলকাতা, বেংগালুৰু, মালেৰকোটলা (পঞ্জাব) আৰু ৰাঁচীত গুৰুত্বপূৰ্ণ ৰেলী অনুষ্ঠিত হোৱাৰ কথা আছে ।
সংসদৰ যুটীয়া সমিতিয়ে ৱাকফ (সংশোধনী) বিধেয়কৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ পিছতে এআইএমপিএলবিয়ে এই বিবৃতি প্ৰকাশ কৰিছিল । এতিয়ালৈ সংসদৰ কৰ্মসূচীত তালিকাভুক্ত কৰা হোৱা নাই যদিও চলিত বাজেট অধিৱেশনৰ সময়ত প্ৰস্তাৱিত আইনখন গৃহীত কৰিবলৈ অনা হ'ব পাৰে বুলি অনুমান কৰা হৈছে ।
বিধেয়কখনৰ বাবে গঠন কৰা ৩১ জনীয়া পেনেলে একাধিক বৈঠক আৰু শুনানিৰ পিছত প্ৰস্তাৱিত আইনখনত কেইবাটাও সংশোধনৰ পৰামৰ্শ দিছিল । আনকি বিৰোধী সদস্যসকলে প্ৰতিবেদনটোৰ সৈতে অসন্মত হৈছিল আৰু ভিন্নমতৰ টোকা দাখিল কৰিছিল । ৬৫৫ পৃষ্ঠাৰ প্ৰতিবেদনখন ৩০ জানুৱাৰীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাখিল কৰা হৈছিল ।