ETV Bharat / bharat

এখন ঘৰ, আধা ইখন দেশত আধা সিখন দেশত : ক'ত আছে জানেনে এই বিশেষ ঘৰটো ? - Indo Myanmar border

Longwa village: এটা ঘৰে দুখন দেশৰ মাজত সীমা ভাগ কৰিছে । জানিবৰ মন নাযায়নে ক’ত আছে এই বিশেষ ঘৰটো ? লংৱা গাঁৱৰ আং (ৰজা)ৰ ঘৰটোৱে বিশ্ব অভিলেখ গঢ়িছে । যিহেতু ম্যানমাৰ আৰু ভাৰতৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ৰজাৰ ঘৰৰ মাজেৰে পাৰ হৈ গৈছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 10:18 PM IST

Longwa village
এটা পৌৰাণিক ঘৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা (ETV Bharat Assam)

তেজপুৰ, ১ অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰে অলপতে ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ দিয়াৰ বাবে কৰা বহু প্ৰচাৰিত পৰিকল্পনাই দুটা ভৌগোলিক সীমা বিভাজিত কৰাই নহয়, ই প্ৰকৃততে মানুহৰ সংস্কৃতি, জাতি আৰু চহকী ইতিহাসকো ভাগ কৰিব । নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁৱৰ আং (ৰজা)ৰ ঘৰটো এনেকুৱা উদাহৰণ য’ত বেৰখন বাস্তৱায়িত হ’লে ঘৰৰ এটা অংশ ম্যানমাৰত থাকিব আৰু আনটো অংশ ভাৰতৰ লগত থাকিব ।

প্ৰজন্মৰ পিছত প্ৰজন্মৰ পৰা একে সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত জীয়াই থকা লোকসকলক এই ফেন্সিঙে বিভাজিত কৰিব । নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁও জিলাখনৰ অন্যতম এখন বৃহৎ গাঁও আৰু ইয়াত গাঁৱৰ মুৰব্বী বা আঙেই শাসক । কিন্তু এই ঠাইখনৰ আটাইতকৈ আমোদজনক কথাটো হ’ল ভাৰত আৰু ম্যানমাৰক পৃথক কৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আঙৰ ঘৰৰ মাজেৰেই গৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে লংৱা গাঁৱৰ বাসিন্দাসকলৰ দ্বৈত নাগৰিকত্ব থকাটো কোনো আচৰিত কথা নহয় ।

এখন ঘৰ, আধা ইখন দেশত আধা সিখন দেশত : ক'ত আছে জানেনে এই বিশেষ ঘৰটো ? (ETV Bharat Assam)

মন জিলাৰ ভিতৰত থকা সাতটা আঙৰ ভিতৰত লংৱাৰ আং হৈছে অন্যতম । আংসকলে কেইবাখনো সৰু সৰু গাঁৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে, ইয়াৰে কিছুমান গাঁও পূৰ্বতে মন, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰত আছিল । একেলগে তেওঁলোকৰ প্ৰথাগত, পৰম্পৰাগত আৰু সাংস্কৃতিক সম্পৰ্ক অতি শক্তিশালী আছিল ।

লংৱা গাঁৱৰ বাসিন্দাসকল ভাৰতৰ শেষৰটো হেডহাণ্টাৰ (নৰমুণ্ড চিকাৰী) কন্যাক নগা জনগোষ্ঠীৰ । কন্যাক জনগোষ্ঠীৰ বাবে হেডহাণ্টিঙৰ প্ৰথা সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ আছিল । যেতিয়া কোনো এটা প্ৰতিদ্বন্দ্বী জনগোষ্ঠীয়ে তেওঁলোকৰ লগত যুদ্ধ কৰিছিল, যিটো জনগোষ্ঠীয়েই জয়ী হৈছিল, ক্ষমতা, শক্তি, সমৃদ্ধিৰ প্ৰতীক হিচাপে শত্ৰুৰ মূৰটো কাটি ঘৰলৈ লৈ আনিছিল । এই পৰম্পৰাৰ অন্ত পৰিল ১৯৬০ চনৰ পৰা ।

কন্যাক নগাসকলৰ চহকী সংস্কৃতি আৰু পৰম্পৰাই মন জিলালৈ বহু পৰ্যটক কঢ়িয়াই আনে । লংৱা হৈছে ভ্ৰমণকাৰীসকলে সঘনাই যোৱা গাঁওসমূহৰ ভিতৰত অন্যতম, যিসকলে নগা সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী বা এই দুৰ্গম গাঁওখনৰ বাসিন্দাসকলে কেনেকৈ দ্বৈত নাগৰিকত্ব উপভোগ কৰে সেয়া জানিব খোজে তেওঁলোকৰ বাবে এই স্থান উপযুক্ত ।

কেইদিনমান পূৰ্বে পূৱ অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাও এক বিশেষ উৎসৱত অংশগ্ৰহণ কৰিবলৈ মন জিলালৈ গৈছিল আৰু তেওঁ সেই ঠাইত উপস্থিত হৈ এই আচৰিত বিভাজন প্ৰত্যক্ষ কৰি সামাজিক মাধ্যমত লিখিছে, "ই এটা বিশ্ব ৰেকৰ্ড ।"

তেওঁ ই টিভি ভাৰতক কয়, "জিলাখনৰ ভাৰতৰ অংশৰ সীমান্তত ২০ খন গাঁও আছে আৰু ম্যানমাৰৰ দিশত ১০ খন গাঁও আছে । ম্যানমাৰৰ ১০ খন গাঁও কিন্তু ম্যানমাৰৰ প্ৰশাসনৰ লগত কোনো সম্পৰ্ক নাই, সেয়া চীন অঞ্চল বুলি জনাজাত আৰু তেওঁলোক ভাৰতৰ ওপৰত নিৰ্ভৰশীল ৷ তেওঁলোকে সকলো সুবিধা ভাৰতৰ পৰা লাভ কৰি আহিছে আৰু এটা মধুৰ সম্পৰ্ক আছে ।"

সাংসদ গাৱে লগতে কয়, "সেই লোকসকলে ম্যানমাৰৰ নাগৰিকত্ব লাভ কৰিছে, কিন্তু ম্যানমাৰলৈ যোৱাৰ কোনো ধৰণৰ যোগাযোগ বা পথ নাই তাত ।" ৰজাৰ ঘৰটোৰ প্ৰৱেশদ্বাৰ ম্যানমাৰৰ দিশে ৷ তেওঁ আৰু তেওঁৰ পত্নীয়ে ভাৰতৰ দিশে এখন ফটোত প’জ দি দেখুৱাইছে লংৱা গাঁৱৰ আং (ৰজা) টনয়েই কন্যাক এতিয়া গাঁওখনৰ মুৰব্বী ।

লগতে পঢ়ক: গুৰুৰ সমান হ'ব কোন ! কাৰ্বি পাহাৰৰ এখন বিদ্যালয়ৰ দৃশ্যই আপোনাৰো চকু সেমেকাব - Retirement of a headmaster

মাদ্ৰাছা শিক্ষা বন্ধৰ অপচেষ্টা নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান আমিনুল ইছলামৰ - Madrasa Closed Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.