উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিগত বিমান
উত্তৰ প্ৰদেশৰ মহম্মদাবাদ বিমানপথত দুৰ্ঘটনা । দুজন পাইলটকে ধৰি পাঁচজন লোকৰ কথমপি প্ৰাণৰক্ষা । অব্যাহত আছে ঘটনাৰ তদন্ত ।


Published : October 9, 2025 at 5:23 PM IST
ফাৰুখাবাদ (উত্তৰ প্ৰদেশ): উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ মহম্মদাবাদত বৃহস্পতিবাৰে এখন ব্যক্তিগত জেটে উৰণৰ পূৰ্বে গছৰ জোপোহাত খুন্দা মাৰে । অৱশ্যে এই ঘটনাত পাইলট দুজনকে ধৰি পাঁচজন লোকৰ কথমপি ৰক্ষা পৰে । ইফালে এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত এছ ডি এম আৰু আৰক্ষী বিষযাকে ধৰি প্ৰশাসনিক বিষয়া উপস্থিত হয় । সম্প্ৰতি এই দুৰ্ঘটনা কেনেকৈ আৰু কি পৰিস্থিতিত সংঘটিত হৈছে সেই বিষয়ে তদন্ত অব্যাহত আছে ।
প্ৰশাসনৰ হোৱাটছএপ গ্ৰুপৰ জৰিয়তে জিলা দণ্ডাধীশ আশুতোষ কুমাৰ দ্বিবেদীয়ে ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি অৱগত কৰে । তেওঁ লগতে বিমানখনত থকা সকলো লোক নিৰাপদ বুলি জানিবলৈ দিয়ে ।
#WATCH | Uttar Pradesh: A private aircraft lost control while taking off from the runway in Farrukhabad and collapsed in bushes nearby. The two pilots and passengers are safe.
— ANI (@ANI) October 9, 2025
(Video Source: Police) pic.twitter.com/pWlZOl3rmG
ভূপালত নিৰ্মাণৰত বিয়েৰ কাৰখানা পৰিদৰ্শন কৰিবলৈ আহিছিল দলটো
বিয়েৰ কাৰখানাটোৰ উত্তৰ প্ৰদেশৰ প্ৰজেক্টৰ মুৰব্বী মনীষ কুমাৰ পাণ্ডেই ঘটনা সন্দৰ্ভত এক ভিডিঅ’ প্ৰকাশ কৰে । ইয়াত তেওঁ উল্লেখ কৰে যে জেট ছাৰ্ভিচ এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ ব্যক্তিগত জেট বিমান VT-DEZ বুধবাৰে বিয়লি ৩ বজাত মহম্মদাবাদ বিমানপথত অৱতৰণ কৰে । বিমানখনত পাইলট আৰু সহ-পাইলটৰ উপৰিও বিয়েৰ ফেক্টৰীৰ পৰিচালন সঞ্চালক অজয় অৰোৰা, এছ বি আইৰ মুৰব্বী সুমিত শৰ্মা, বি পি অ’ ৰাকেশ টিকু আছিল । তেওঁলোকে ভূপালৰ পৰা ফাৰুখাবাদলৈ নিৰ্মাণৰত কাৰখানাটো পৰিদৰ্শন কৰিবলৈ আহিছিল ।
পুৱা সকলো ভূপাললৈ ৰাওনা হৈছিল
এই কাৰখানাটো খিমছেপুৰ ঔদ্যোগিক এলেকাত নিৰ্মাণ কৰা হৈছে । প্ৰকল্পৰ মুৰব্বীগৰাকীয়ে কয় যে বৃহস্পতিবাৰে পুৱা সকলোৱে একেখন বিমানতে ভূপাললৈ উভতি যোৱাৰ কথা আছিল । পুৱা ১০:৩০ বজাত সকলোৱে বিমানখনত উঠিছিল আৰু মহম্মদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ বাবে ৪০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল । উৰণৰ লগে লগে বিমানখনে ভাৰসাম্য হেৰুৱাই ৰাণৱেৰ পৰা আঁতৰি জোপোহাবোৰৰ মাজলৈ সোমাই যায় ।
উত্তৰ প্ৰদেশৰ প্ৰকল্প মুৰব্বী মনীষ কুমাৰ পাণ্ডেই পাইলট দুজনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে তেওঁৰ বছ অজয় অৰোৰা আৰু আনসকলে ছিটবেল্ট পিন্ধিছিল । দুৰ্ঘটনাটোত ছিটবেল্ট ছিঙি বিমানখন ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় ।
এছ ডি এমকে ধৰি কেইবাজনো বিষয়া আহি উপস্থিত হয় ঘটনাস্থলীত
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে কোতৱালিৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ শুক্লা আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ আশীষ বাৰ্মা, চি অ’ অজয় বাৰ্মা, এছ ডি এম সদৰ ৰজনীকান্ত পাণ্ডে, অতিৰিক্ত উপ-জিলা দণ্ডাধীশ ৰবীন্দ্ৰ কুমাৰ, আৰু আঞ্চলিক একাউণ্টেণ্ট সঞ্জয় কুমাৰো দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু তথ্য সংগ্ৰহ কৰে ।
ডি এম আশুতোষ কুমাৰ দ্বিবেদীয়ে উল্লেখ কৰে যে উৰণৰ পূৰ্বে বিমানখন ৰানৱেত নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল । কাৰিকৰী বিভাগে সমস্যাৰ বিষয়ে বুজাব । তদন্ত চলি আছে । কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই ।
পৰিচালন সঞ্চালকে কয়, "কাৰিকৰী দলে তদন্ত কৰি আছে ।" চি অ’ অজয় বাৰ্মাই কয় যে মহম্মদাবাদ আৰক্ষী থানাই এখন বিমান ৰাণৱেৰ পৰা আঁতৰি যোৱাৰ তথ্য লাভ কৰিছে । লগে লগে বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । ফাৰুখাবাদৰ পৰা ভূপাললৈ যোৱা বিমানখনত পাঁচজন লোক আছিল । কাৰিকৰী দলটোৱে তদন্ত অব্যাহত ৰাখিছে ।"

