ETV Bharat / bharat

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযাব… জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পূৰ্তিত প্ৰধানমন্ত্ৰী মোদী - 50TH ANNIVERSARY OF THE EMERGENCY

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন অৱস্থা ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰে ।

50TH ANNIVERSARY OF THE EMERGENCY
প্ৰধানমন্ত্ৰী মোদীৰ ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : June 25, 2025 at 11:57 AM IST

2 Min Read

নতুন দিল্লী: দেশত জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰাৰ আজি ৫০ বছৰ পূৰ্ণ হ’ল ৷ সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে সংবিধানৰ নীতিসমূহ শক্তিশালী কৰাৰ লগতে একত্ৰিত হৈ বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।

এই প্ৰসংগত সামাজিক মাধ্যম Xত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে লিখিছে- ‘‘ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়ৰ এই দিনটোৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল ৷ সেই সময়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক আঁতৰাই ৰখা হৈছিল । ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক'লা অধ্যায় জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰাৰ আজি পঞ্চাশ বছৰ সম্পূৰ্ণ হ'ল । ভাৰতৰ জনসাধাৰণে এই দিনটোক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰে ।’’

প্ৰধানমন্ত্ৰীয়ে লগতে কয়- ‘‘আজিৰ দিনটোত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক একাষৰীয়া কৰা হৈছিল, মৌলিক অধিকাৰ স্থগিত ৰখা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি বহু ৰাজনৈতিক নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকক জেলত ভৰোৱা হৈছিল ।’’

“সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক যেন গ্ৰেপ্তাৰৰ আওতালৈ আনিছিল !”- এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ । তেওঁ লগতে কয় যে অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়া প্ৰতিজন ব্যক্তিক দেশে চেল্যুট জনায় ।

“আমি জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে হোৱা যুঁজত দৃঢ়তাৰে থিয় দিয়া প্ৰতিজন ব্যক্তিক প্ৰণাম জনাইছো ৷ এইসকল আছিল সমগ্ৰ ভাৰতৰ সকলো শ্ৰেণীৰ পৰা, বৈচিত্ৰময় মতাদৰ্শৰ পৰা ওলাই অহা লোক, যিসকলে এক লক্ষ্যৰে ইজনে-সিজনৰ লগত ঘনিষ্ঠভাৱে কাম কৰিছিল’’ বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷

নিজৰ পোষ্টটোত প্ৰধানমন্ত্ৰীয়ে কয়- ‘‘তেওঁলোকৰ সামূহিক সংগ্ৰামৰ বাবেই তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হৈছিল, য’ত দলটো বেয়াকৈ পৰাস্ত হৈছিল ।’’

সংবিধান আৰু ইয়াৰ মূল্যবোধৰ প্ৰতি থকা দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি তেওঁ কয়- ‘‘আমাৰ সংবিধানৰ নীতিসমূহ শক্তিশালী কৰাৰ লগতে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিও আমি পুনৰবাৰ প্ৰকাশ কৰিছো ৷’’

তেওঁ লগতে কয়, ‘‘আহক আমি প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰো আৰু দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰো ।’’

উল্লেখ্য যে, মোদী চৰকাৰে যোৱা বছৰ ঘোষণা কৰিছিল যে প্ৰতিবছৰে এই দিনটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰা হ’ব ।

লগতে পঢ়ক: ২৫ জুন: দেশজুৰি বিজেপিৰ সংবিধান হত্যা দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.