ভেটিকান চিটী : শনিবাৰে খ্ৰীষ্টানসকলৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ'ব । ভেটিকান চিটীত ধৰ্মগুৰুজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত তথা নেতাসকলৰ আগমন ঘটিছে । ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ইতিমধ্যে ভেটিকান চিটীলৈ ৰাওনা হৈছে । ৰাষ্ট্ৰপতিৰ উপৰিও কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ যশুৱা ডি চুজাও ভেটিকানলৈ ৰাওনা হৈছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভেটিকান চিটিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হৈছে আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ জনসাধাৰণৰ হৈ তেওঁ সমবেদনা জ্ঞাপন কৰিব ।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, "ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু পোপ ফ্ৰান্সিছৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ ভেটিকান চিটীলৈ ৰাওনা হৈছে ।" প্ৰায় ১,৩০০ বছৰৰ ভিতৰত প্ৰথম অনা-ইউৰোপীয় পোপ ফ্ৰান্সিছৰ ইষ্টাৰ সোমবাৰে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ । মুৰ্মুৱে শুকুৰবাৰে ভেটিকান চিটীৰ বেচিলিকা অৱ ছেইণ্ট পিটাৰত পুষ্পাঞ্জলি অৰ্পণ কৰি পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, "২৬ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত পবিত্ৰ পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব, য'ত সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব ।"

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে ঘোষণা কৰে পোপ ফ্ৰান্সিছৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ ভাৰতত সকলো ভৱনত সেই দিনটোত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব । ইতিমধ্যে ২২ এপ্ৰিল আৰু ২৩ এপ্ৰিলত দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে আৰু অন্ত্যেষ্টিক্ৰিয়াৰ দিনাও এদিনৰ বাবে ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব ।
লগতে পঢ়ক :৮৮ বছৰ বয়সত জীৱন নাট সামৰিলে পোপ ফ্ৰান্সিছে - POPE FRANCIS NO MORE