খিনজেমানে(অৰুণাচল প্ৰদেশ): ভাৰত-চীন যুদ্ধৰ সেই বিভীষিকাৰ কথা হয়তো বহুতে জানে । সেই ভয়াৱহ সময়ৰ পূৰ্বেই চীনে তিব্বত অধিগ্ৰহণ কৰিছিল আৰু তিব্বতৰ ধৰ্মগুৰু চতুৰ্দশ দালাই লামাক বন্দী কৰিবলৈ চেষ্টা কৰিছিল । সেই সময়ত ধৰ্মগুৰু দালাই লামাই তিব্বতৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছিল আৰু তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল । দালাই লামাই প্ৰৱেশ কৰা সেই বিখ্যাত পথ আৰু স্থানত উপস্থিত ই টিভি ভাৰত ।
খিনজেমানে আৰু পবিত্ৰ গছজোপা
জেমিথাং উপত্যকা হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ পশ্চিম দিশত প্ৰাকৃতিক পৰিৱশৰ মাজত অৱস্থিত এখন সৰু পাহাৰীয়া ঠাই । জেমিথাঙলৈ টাৱাঙৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ আৰু জেমিথাঙৰ পৰা খিনজেমানেলৈ ১২ কিলোমিটাৰ দূৰত্ব ।
আজিৰ দিনটোতে অৰ্থাৎ ১৯৫৯ চনৰ ৩১ মাৰ্চত তিব্বতৰ ধৰ্মগুৰু দালাই লামাই পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ পাংছেন উপত্যকাৰ (Pangchen Valley) খিনজেমানেত প্ৰথম খোজ পেলাইছিল । তেওঁ সেই স্থানতে হাতত লৈ অহা লাখুটিডাল ৰাখিছিল । দালাই লামাই ভাৰতত অৰ্থাৎ খিনজেমানেত প্ৰৱেশ কৰা ৬৬ বছৰ হ'ল । এই পবিত্ৰ স্থানত তেওঁ এজোপা গছ ৰোপণ কৰিছিল আৰু সেই গছজোপাৰ (Holy Tree) কাষতে ধৰ্মগুৰু দালাই লামাৰ ফটোত বৌদ্ধ ধৰ্মৰ লোকসকলে আজিও প্ৰাৰ্থনা কৰে ।

খিনজেমানে টাৱাং জিলাৰ জেমিথাং ৰাজহ চক্ৰৰ জেমিথাং গাঁৱৰ শেষ প্ৰান্তত অৱস্থিত । চীনৰ ছানেন প্ৰদেশৰ পৰা বৈ অহা ন্যামজ্ঞাং-চু নদীৰ কাষত এই পবিত্ৰ গছজোপা তিব্বতৰ ধৰ্মগুৰু দালাই লামাই নিজহাতে ৰোপণ কৰিছিল । বৌদ্ধ ধৰ্মৰ লোকসকলে এই পবিত্ৰ স্থানলৈ আহি গছৰ ডালত বৌদ্ধ ধৰ্মৰ পবিত্ৰ খাদা(Khada) বান্ধি দালাই লামাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা কৰে । খিনজেমানেলৈ যোৱাৰ পথত আছে এখন ওলমা দলং । এই দলঙেৰে নদীখন পাৰ হৈ খিনজেমানেৰ সেই পবিত্ৰ স্থানত উপস্থিত হ'ব পাৰি । ন্যামজ্ঞাং-চু নদীৰ ওপৰৰে ওলমা দলঙেৰে প্ৰায় ১০ মিনিট যোৱাৰ পাছতে খিনজেমানেৰ সেই পবিত্ৰ স্থানত উপস্থিত হ'ব পৰা যায় । এই স্থান ভাৰতীয় সেনাৰ মাৰাঠা এল আই কোম্পানীৰ দ্বাৰা ২০২৩-২৪ চনত পুনৰ সজাই তোলা হৈছিল । এই পবিত্ৰ স্থান পাৰ হৈ ভাৰত-তিব্বত সীমান্ত আৰক্ষী চকী আছে । এই ঠাইৰ পৰা ভাৰত-চীন সীমান্তলৈ মাত্ৰ ডেৰ কিলোমিটাৰ দূৰত্ব ।

বিভিন্ন লোকে প্ৰতিদিনে এই স্থানলৈ আহি প্ৰাৰ্থনা কৰে । লবচং চেৰিং নামৰ মনপা জনজাতীয় বৌদ্ধ ধৰ্মৰ এজন লোকেও ধৰ্মগুৰু দালাই লামাৰ পবিত্ৰ গছজোপাত ধৰ্মীয় খাদা বান্ধি প্ৰাৰ্থনা কৰে । তেওঁ কয়, "এই ঠাইখন বহুত পবিত্ৰ ঠাই হিচাপে বিবেচিত । কাৰণ ধৰ্মগুৰু দালাই লামাই ইয়াত আহি প্ৰথম জিৰণি লৈছিল । চীনে তিব্বতৰ লোকসকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল । ফলস্বৰূপে ধৰ্মগুৰু তাৰ পৰা পলাই আহি ভাৰতত আশ্রয় লৈছে ।" তেওঁ লগতে কয়, "আমাৰ সীমা তিব্বতৰ লগতহে আছে, চীনৰ লগত নহয় ।"
উল্লেখ্য যে ই টিভি ভাৰতে জানিব পৰা মতে জেমিথাঙৰ খিনজেমানে সীমান্তৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত এল এ চি আৰু সীমান্তত ভাৰত আৰু চীনৰ সেনাই সমান্তৰালভাৱে টহল দি থাকে ।

দালাই লামাৰ ভাৰতত আশ্ৰয় :
১৯৫৯ চনত চীনে তিব্বত দখল কৰাৰ পিছত দালাই লামাই তেওঁৰ পৰিয়াল, মন্ত্ৰী আৰু প্ৰায় ৮০ গৰাকী তিব্বতীয়ানৰ সৈতে ১৭ মাৰ্চত তিব্বতৰ পৰা পলায়ন কৰিছিল আৰু কেইবাখনো নদী, পাহাৰ অতিক্ৰম কৰি ৩১ মাৰ্চত অৰ্থাৎ আজিৰ দিনটোতে খিনজেমানে পাছত উপস্থিত হৈছিল আৰু ভাৰতত আশ্ৰয় লৈছিল ।
দালাই লামা আৰু তেওঁৰ দলটোৱে খিনজেমানে পাছত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে আৰু তাৰ পিছত দুদিনমান জিৰণি লৈ টাৱাঙত থকা অসম ৰাইফলছৰ শিবিৰলৈ যায় আৰু তাতেই তেওঁ চাৰিদিন থাকে ।

উল্লেখ্য যে সেই সময়ত এই খিনজেমানেৰ পৰা দালাই লামাক টাৱাঙলৈ আনিছিল অসম ৰাইফলছৰ হাবিলদাৰ স্বৰ্গীয় নাৰায়ণ চন্দ্ৰ দাসে । সম্পূৰ্ণ পথ অসম ৰাইফলছৰ সেনা আৰু লামাৰ নিজৰ সেনাৰে তেওঁক সুৰক্ষা প্ৰদান কৰি অনাৰ বিষয়ে জীৱিত কালত ই টিভি ভাৰতক এক সাক্ষাৎকাৰত জনাইছিল নাৰায়ণ চন্দ্ৰ দাসে ।
লগতে পঢ়ক :জেমিথাঙৰ আধ্যাত্মিক পৰিৱেশৰ মাজত উদ্ভাসিত হৈছে শিল্প-সংস্কৃতি-প্ৰকৃতি - GORSAM KORA FESTIVAL