ETV Bharat / bharat

প্ৰজ্বল ৰেৱন্নাৰ নতুন পৰিচয় কয়দী নম্বৰ ১৫৫২৮; প্ৰথম নিশা কটালে বেংগালুৰুৰ আগ্ৰাহাৰা কেন্দ্ৰীয় কাৰাগাৰত

প্ৰজ্বল ৰেৱন্নাৰ আশা এতিয়া কেৱল উচ্চ ন্যায়ালয়ৰ ওপৰত ।

PRAJWAL REVANNA PRISONER NUMBER
প্ৰজ্বল ৰেৱন্না (ANI)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 5:41 PM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু : ঘৰৰ সহায়িকাক ধৰ্ষণ কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাচতে আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে নিলম্বিত জেডি(এছ) নেতা প্ৰজ্বল ৰেৱন্নাক । শেহতীয়াকৈ লাভ কৰা তথ্য মতে, ইতিমধ্যে প্ৰজ্বল ৰেৱন্নাক বেংগালুৰুৰ পৰপ্পনা আগ্ৰাহাৰা কেন্দ্ৰীয় কাৰাগাৰত বন্দী নম্বৰ আবণ্টন দিয়া হয় ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছৰ চুপ্ৰীমো এইচ.ডি. দেৱগৌড়াৰ নাতি ৰেৱন্নাই শনিবাৰে আদালতৰ ৰায়দানৰ পিছতে প্ৰথম নিশা কাৰাগাৰত কটায় । খবৰ অনুসৰি, ৰেৱন্নাই বহুত কান্দিছিল আৰু যথেষ্ট তেওঁক যথেষ্ট চিন্তিত থকা যেন দেখা গৈছিল । সেয়ে শনিবাৰে মাজ নিশা জেলৰ চিকিৎসকৰ দ্বাৰা তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।

এজন জ্যেষ্ঠ বিষয়াই কয়, “চিকিৎসা পৰীক্ষা কৰাৰ সময়ত তেওঁ বহু অৱেগিক হৈ পৰিছিল আৰু কৰ্মচাৰীসকলৰ আগত নিজৰ যন্ত্ৰণাৰ কথা প্ৰকাশ কৰিছিল ।”

জানিব পৰা মতে, দোষী সাব্যস্ত হোৱা গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বুলি প্ৰজ্বলে কৰ্মচাৰীসকলক অৱগত কৰিছে । বৰ্তমান প্ৰাক্তন সাংসদগৰাকীক উচ্চ নিৰাপত্তাৰক্ষী কোষত ৰখা হৈছে আৰু তেওঁক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত ৰখা হৈছে ।

কাৰাগাৰৰ বিষয়াসকলৰ মতে, দেওবাৰে পুৱা তেওঁক আনুষ্ঠানিকভাৱে ১৫৫২৮ নম্বৰ কয়দী হিচাবে আবণ্টন দিয়া হয় । শনিবাৰে প্ৰজ্বলক আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে, আদালতে তেওঁৰ বিৰুদ্ধে মুঠ ১১.৫০ লাখ টকাৰ জৰিমনা বিহিছিল ।

লগতে নিৰ্দেশ দিয়া হৈছে যে ভুক্তভোগীৰ পৰিয়ালক ১১.২৫ লাখ টকা দিবলৈ । ইয়াৰ এখন আদালতে প্ৰজ্বল ৰেৱন্না (৩৪)ক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা চাৰিটা যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰৰ ভিতৰত এটা গোচৰত দোষী সাব্যস্ত কৰে । প্ৰজ্বলক এদিন পূৰ্বে দোষী সাব্যস্ত হোৱাৰ পিছতে সাংসদ বিশেষ আদালতৰ ন্যায়াধীশ সন্তোষ গজানন ভাটে শনিবাৰে এই ৰায় প্ৰদান কৰে ।

এই গোচৰটো হাছান জিলাৰ হোলেনাৰসীপুৰাৰ গণিকাডা ফাৰ্ম হাউচত ঘৰুৱা সহায়ক হিচাপে কাম কৰা এগৰাকী ৪৮ বছৰীয়া মহিলাৰ সৈতে জড়িত । ২০২১ চনত হাছান ফাৰ্ম হাউচ আৰু তেওঁৰ বেংগালুৰু বাসগৃহত দুবাৰকৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু অভিযুক্তই এই কাৰ্য নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰিছিল ।

এই গোচৰৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে প্ৰজ্ৱলৰ ওপৰত লগোৱা ধাৰা কেইটা হ'ল-

  • ৩৭৬(২)(কে) (এগৰাকী মহিলাৰ ওপৰত নিয়ন্ত্ৰণ বা আধিপত্যৰ অৱস্থাত থকা, তেওঁৰ ওপৰত ধৰ্ষণ),
  • ৩৭৬ (২)(n) (একেগৰাকী মহিলাক বাৰে বাৰে ধৰ্ষণ),
  • ৩৫৪এ (যৌন নিৰ্যাতন), ৩৫৪বি (যৌন নিৰ্যাতন),
  • ৩৫৪বি (যৌন নিৰ্যাতন),
  • ৩৫৪বি (যৌন নিৰ্যাতন),
  • ৩৭৬(২)(কে)
  • আই পি চিৰ ৫০৬ (অপৰাধমূলক ভাবুকি)
  • ২০১ (প্ৰমাণ নোহোৱা হোৱাৰ কাৰণ)
  • আই টি আইনৰ ৬৬ ই (গোপনীয়তা উলংঘা)

আদালতে প্ৰজ্বল ৰেৱন্নাক ৩৭৬ (২) (কে) ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫ লাখ টকাৰ জৰিমনা বিহিছে । লগতে ৩৭৬ (২) (এন) ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড, যাৰ অৰ্থ হ’ব বাকী প্ৰাকৃতিক জীৱন আৰু ৫ লাখ টকাৰ জৰিমনা ।

ইয়াৰ উপৰিও ৩৫৪এ ধাৰাত তিনি বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ২৫০০০ টকা জৰিমনা, ৩৫৪ বি ধাৰাত ৭ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা, ৩ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৩৫৪ চি ধাৰাত ২৫ হাজাৰ টকা জৰিমনা বিহা হৈছে ।

লগতে পঢ়ক : ধৰ্ষণৰ গোচৰত প্ৰজ্বল ৰেৱন্নাক যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা, ভুক্তভোগীয়ে লাভ কৰিব গোটেই ধনৰাশি