নতুন দিল্লী: পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এক শোকবাৰ্তাত তেওঁ পোপ ফ্ৰান্সিছক সহানুভূতি, নম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে উল্লেখ কৰে । ইতিহাসৰ প্ৰথমগৰাকী লেটিন আমেৰিকান ধৰ্মগুৰু পোপ ফ্ৰান্সিছে নিজৰ বিনম্ৰ শৈলী আৰু দৰিদ্ৰৰ প্ৰতি চিন্তাৰে বিশ্ববাসীক আকৰ্ষিত কৰিছিল । কিন্তু পুঁজিবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ সমালোচনাৰে তেওঁ ৰক্ষণশীলসকলক তীব্ৰ সমালোচনাও কৰিছিল । উল্লেখ্য যে স্থানীয় সময় মতে সোমবাৰে পুৱা ৭.৩৫ বজাত ৮৮ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে ।
Xৰ এটা পোষ্টত মোদীয়ে লিখিছে, "পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ মৃত্যুত গভীৰ দুখ পাইছো । দুখ আৰু স্মৰণৰ এই মুহূৰ্তত বিশ্ব কেথলিক সম্প্ৰদায়লৈ মোৰ আন্তৰিক সমবেদনা । পোপ ফ্ৰান্সিছক বিশ্বৰ লাখ লাখ লোকে কৰুণা, বিনম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে সদায় স্মৰণ কৰিব ।"
Deeply pained by the passing of His Holiness Pope Francis. In this hour of grief and remembrance, my heartfelt condolences to the global Catholic community. Pope Francis will always be remembered as a beacon of compassion, humility and spiritual courage by millions across the… pic.twitter.com/QKod5yTXrB
— Narendra Modi (@narendramodi) April 21, 2025
তেওঁ লগতে কয়, "সৰুৰে পৰা তেওঁ প্ৰভু যিশুখ্ৰীষ্টৰ আদৰ্শ বাস্তৱায়িত কৰিবৰ বাবে নিজকে সমৰ্পণ কৰিছিল । তেওঁ দৰিদ্ৰ আৰু দলিত লোকসকলক নিষ্ঠাৰে সেৱা আগবঢ়াইছিল । পীড়িতসকলৰ বাবে তেওঁ আশাৰ কিৰণ প্ৰজ্বলিত কৰিছিল ।"
ফ্ৰান্সিছৰ সৈতে হোৱা সাক্ষাতৰ প্ৰসংগ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছিল, "মই তেওঁৰ সৈতে হোৱা মোৰ সাক্ষাতৰ কথা আন্তৰিকতাৰে স্মৰণ কৰিছো আৰু আন্তঃকৰণেৰে সামগ্ৰিক উন্নয়নৰ প্ৰতি তেওঁৰ সমৰ্পণৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছোঁ । ভাৰতৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ মৰম সদায় সজীৱ হৈ থাকিব । ভগৱানে তেওঁৰ আত্মাক চিৰশান্তি প্ৰদান কৰক ।"
উল্লেখ্য যে সোমবাৰে পুৱা ভেটিকানৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফেৰেলে এক ঘোষণাত কয় "আজি পুৱা ৭.৩৫ বজাত ৰোমৰ বিশ্বপ ফ্ৰান্সিছ ভগৱানৰ ঘৰলৈ উভতি যায় । তেওঁৰ সমগ্ৰ জীৱন প্ৰভু আৰু তেওঁৰ গীৰ্জাৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল ।" এই ঘোষণাৰ পিছতে সমগ্ৰ ৰোমৰ গীৰ্জাৰ টাৱাৰবোৰত ঘণ্টাধ্বনি হয় ।
পোপ ফ্ৰান্সিছ দীৰ্ঘদিন ধৰি হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হৈ আছিল । যুৱ অৱস্থাতে তেওঁৰ হাঁওফাঁওৰ এটা অংশ আঁতৰোৱা হৈছিল । পোপ ফ্ৰান্সিছক 14 ফেব্ৰুৱাৰীত শ্বাস-প্ৰশ্বাসজনিত কাৰণত জেমেলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পৰৱৰ্তী সময়ত তেওঁ দুবাৰকৈ নিউমোনিয়াত আক্ৰান্ত হয় । চিকিৎসালয়ত তেওঁ 38 দিন অতিবাহিত কৰে, যিটো তেওঁৰ 12 বছৰীয়া পোপ জীৱনৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে চিকিৎসালয়ত ভৰ্তিৰ ঘটনা আছিল ।