ETV Bharat / bharat

অৰুণাচল সীমান্তত পকী দলং নিৰ্মাণতো বাধা চীনৰ; পবিত্ৰ হোলী ট্ৰিলৈ মাত্ৰ এখন ওলোমা দলং

অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জেমিথাঙত নাই যোগাযোগৰ সু-ব্যৱস্থা । ওলোমা দলঙে ভৰষা স্থানীয় লোক তথা নিৰাপত্তা বাহিনীৰ ।

Zemithang hanging bridge
অৰুণাচল সীমান্তত পকী দলং নিৰ্মাণতো বাধা চীনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 6:58 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ: ভাৰত-চীন সীমান্ত তথা পশ্চিম অৰুণাচল প্ৰদেশৰ খিনজেমানে পাছত বিশেষ শিবিৰৰ পৰা নিৰীক্ষণ কৰা হয় দুৰ্গম পাহাৰে আগুৰা সীমান্ত ৷ ৰঙা চীনৰ লোলুপ দৃষ্টি অৰুণাচল প্ৰদেশৰ ওপৰত তাহানিৰ পৰাই থকাৰ বিপৰীতে তিব্বতৰ বিষয়টোৱেও দুয়োখন দেশৰ সীমান্তত এক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মনোভাৱ অব্যাহত ৰাখিছে ৷ এই সীমাৰে এটা কোণত আছে ভূটান ৷

আনহাতে, তিব্বতীসকলে ভাৰত-চীন সীমান্ত হিচাপে চিহ্নিত অঞ্চলক মানি লোৱাৰ পৰিৱৰ্তে এই সীমান্তক বাস্তৱতে ভাৰত-তিব্বত সীমান্ত বুলিহে ক'বলৈ বিচাৰে আৰু তিব্বতক চীনে বলপূৰ্বক দখল কৰি ৰখা বুলিও অভিযোগ কৰি আহিছে ৷

অৰুণাচল সীমান্তত পকী দলং নিৰ্মাণতো বাধা চীনৰ (ETV Bharat)

উল্লেখ্য যে, ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সীমান্তত অতি সহনশীলতাৰ মনোভাৱ প্ৰদৰ্শন কৰি অহাৰ বিপৰীতে ৰহস্যময় ড্ৰেগন বাহিনীয়ে প্ৰায়েই সীমান্ত উলংঘনৰ প্ৰয়াস কৰি আহিছে ৷ লবচং চেৰিং নামৰ এগৰাকী স্থানীয় লোকে কয়, "এই সীমান্ত চীনৰ নহয়, এয়া তিব্বতৰ সীমান্ত । আমি চীনৰ লগত সীমা ভাগ-বতৰা নকৰো । চীনে বলপূৰ্বকভাৱে তিব্বতৰ ওপৰত অত্যাচাৰ কৰি আহিছে, যাৰ ফলত আমাৰ পৰম আৰাধ্য ধৰ্মগুৰু দালাই লামাই এই পথৰে ভাৰতত প্ৰৱেশ কৰিছিল" ৷

স্থানীয় লোকৰ লগত মত বিনিময় কৰি জানিব পৰা গৈছে যে, খিনজেমানেৰ সমীপত নিৰাপত্তা বাহিনীৰ চাউনি আৰু সীমাৰ সিপাৰে চীনৰ সামৰিক চাউনিৰ মাজত আছে এক জুৰিসদৃশ নলা ৷ এই নলা বাৰে বাৰে অতিক্ৰম কৰি ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাই ড্ৰেগন বাহিনীয়ে ৷

উল্লেখ্য যে, একোটা মাহত এনে ঘটনা সংঘটিত হয় ৪-৫ বাৰ পৰ্যন্ত ৷ আনকি কিছুদিন পূৰ্বেও চীনা সেনাৰ এটা দল একেদৰেই আগবাঢ়ি আহোঁতে খিনজেমানেস্থিত দেশৰ নিৰাপত্তাৰক্ষীসকল আগবাঢ়ি গৈ আলোচনাৰ মাধ্যমেৰে তেওঁলোকক ওভতাই পঠিয়ায় ৷ এনে ঘটনা এই স্পৰ্শকাতৰ সীমাত সঘনাই হৈ থাকে ৷

Zemithang hanging bridge
অৰ্ধনিৰ্মিত দলং (ETV Bharat)

আনহাতে, ন্যামজ্ঞাং-চু নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ ক্ষেত্ৰতো বাধা দি আহিছে চীনে ৷ ভাৰতৰ নিজা ভূমিত তথা সীমান্তৰ সুৰক্ষাৰ স্বাৰ্থতে এইখন নৈৰ ওপৰত এখন পকী দলঙৰ অতি আৱশ্যক ৷ ইয়াৰ বাবে দেশৰ সীমান্ত পথ সংস্থাই যাৱতীয় সকলো ব্যৱস্থা কৰি খুঁটা নিৰ্মাণৰ কাম আৰম্ভ কৰিলে যদিও এইক্ষেত্ৰত চীনে কৰা তীব্ৰ আপত্তিৰ পৰিণতিত দলং নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ নহ'ল ৷ পৰিণতিত এই গুৰুত্বপূৰ্ণ সীমান্ত চকীলৈ যাতায়াত কৰিবলৈ হ'লে ওলোমা দলঙেই একমাত্ৰ বিকল্প ৷

স্থানীয় গাওঁবুঢ়া প্ৰধান নৱাং চোতাই ইটিভি ভাৰতক কয়, "এই ওলোমা দলংখন নিৰ্মাণ কৰিবলৈ সামগ্ৰী সাজু কৰি ৰখা হৈছে কিন্তু চীনৰ আপত্তিৰ বাবে নিৰ্মাণকাৰ্য বন্ধ হৈ আছে" ৷ তেওঁ লগতে কয়, "এতিয়া এক বুজা পৰালৈ আহিছে আৰু হয়তো অতি সোনকালে দলং নিৰ্মাণৰ কাম কৰিব পৰা যাব । আমি খিনজেমানেৰ দালাই লামাৰ পদাৰ্পণ কৰা স্থানলৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় । সেই ঠাইত সুৰক্ষা বাহিনীৰ লোকসকলৰ বাবেও উপলব্ধ নহয় ম’বাইল ফোনৰ সেৱা" ৷

উল্লেখ্য যে, প্ৰথমে একেটা সময়তে মাত্ৰ এজন লোকহে পাৰ হ'ব পৰা এখন ওলোমা দলং আছিল যদিও এতিয়া ইয়াত ৪-৫ জন এটা দিশৰ পৰা যাব পৰা এখন ওলোমা দলং নিৰ্মাণ কৰা হৈছে ৷ এনে অৱস্থাত সীমান্তৰ এই গুৰুত্বপূৰ্ণ চকীলৈ যান-বাহন যোৱাটো দূৰৰে কথা, গধুৰ অস্ত্ৰ-শস্ত্ৰ নিব পৰাটোও সম্ভৱ নহয় ৷ ৰঙা চীনৰ তীক্ষ্ণ নজৰত থকা এই অংশত সলনি হৈ পৰে ম’বাইল ফোনৰ সময় আৰু ইয়াত পোৱা নাযায় কোনো ম’বাইল নেটৱৰ্ক ৷ সীমান্তৰ এই চকীৰ পৰা ১০ কিলোমিটাৰ আভ্যন্তৰত থকা জেমিথাঙৰ লগতে প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ লুংলাতো "মেক ইন ইণ্ডিয়া" ৰ আন্দোলন চলি থকা দেশৰ ম’বাইল সেৱাৰ অধিকাংশৰে নেটৱৰ্ক পোৱা নাযায় ৷ ইয়াৰ ফলত সৰ্বসাধাৰণৰ লগতে নিৰাপত্তা বাহিনীৰ লোকসকলো যথেষ্ট সমস্যাত পৰিছে ৷

Zemithang hanging bridge
অৰ্ধনিৰ্মিত দলং (ETV Bharat)

প্ৰধান গাওঁবুঢ়া নৱাং চোতাই কয়, "লুম্পু হওঁক বা জেমিথাং এই স্থানসমূহত আমাৰ ম’বাইল নেটৱৰ্ক একেবাৰে নাই । দুই-এটা স্থানত বৰ্তমান বি এছ এন এলৰ টাৱাৰ বহুৱাইছে যদিও সেয়া কেতিয়া হ'ব নিশ্চিত নহয় । সংযোগ ব্যৱস্থা নোহোৱাৰ বাবে সেই ঠাইত সুৰক্ষা বাহিনীৰ লোকসকলৰ বাবেও উপলব্ধ নহয় ম’বাইল ফোনৰ সেৱা" ৷

তেওঁ লগতে কয়, "দেশৰ সেৱাত থকা সেনাবাহিনীৰ লোকে এই গাঁৱৰ লোকসকলক যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়াই আহিছে । এই স্থানত সুৰক্ষা বাহিনী আমাৰ লগত সদায় আছে" ৷ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে অতি পবিত্ৰ স্থাপত্য আৰু স্থান থকা জেমিথাং দেশৰ এক অন্যতম পৰ্যটনস্থলী হৈ উঠিব পাৰে যদিও সীমান্তৰ এই অঞ্চলটোত দেশৰ সুৰক্ষাৰ বাবেই হওঁক নতুবা অৰ্থনৈতিক কাৰণতে হওঁক আৰু অধিক উন্নয়নৰ আৱশ্যক আছে ৷ পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যখনত বহুতো নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমান প্ৰযুক্তিৰ সময়ত ম’বাইল ফোনৰ সংযোগৰ ক্ষেত্ৰত যথেষ্ট কম ।

লগতে পঢ়ক :দালাই লামাৰ ভাৰতত প্ৰৱেশৰ ৬৬ বছৰ: আজিও সাক্ষী হৈ থিয় হৈ আছে খিনজেমানেৰ পবিত্ৰ গছজোপা - KHINZEMANE HOLY TREE