ETV Bharat / bharat

ডিব্ৰুগড়ত বন্দী অমৃতপালৰ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ - AMRITPAL SINGH ASSOCIATES

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ সহযোগীক পঞ্জাৱলৈ নিয়াৰ যো-জা চলাইছে আৰক্ষীয়ে ।

MP Amritpal Singh
অমৃতপালৰ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ (IANS)
author img

By ETV Bharat Assamese Team

Published : March 17, 2025 at 9:30 AM IST

2 Min Read

অমৃতসৰ : অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে 'ৱাৰিছ পাঞ্জাৱ দে' সংগঠনৰ মুৰব্বী তথা খাদুৰ চাহিব সমষ্টিৰ সাংসদ অমৃতপাল সিং আৰু তেওঁৰ একাংশ সহযোগী । অৱশ্যে তাৰ ভিতৰত অমৃতপালৰ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে শীঘ্ৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰ কৰিব । অৱশ্যে, পঞ্জাৱ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে ।

তথ্য অনুসৰি সোমবাৰৰ পৰা অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ সহযোগীসকলক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । পঞ্জাৱ আৰক্ষীয়ে সাংসদ অমৃতপাল সিঙৰ ৭ জন সহযোগীক ডিব্ৰুগড় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিব আৰু পাঞ্জাৱৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা বিভিন্ন গোচৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব । এই আটাইকেইজন অভিযুক্তক পাঞ্জাৱৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ব । ইতিমধ্যে পঞ্জাৱ আৰক্ষীৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷

পঞ্জাৱ আৰক্ষীয়ে অসমৰ পৰা স্থানান্তৰ কৰিবলগীয়া অমৃতপাল সিঙৰ সহযোগীসকলৰ ভিতৰত আছে বসন্ত সিং, ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকে, গুৰমিত সিং বুখনৱাল, দলজিৎ সিং কলাসী, গুৰিন্দৰপাল সিং ওৰফে গুৰি ওজালা আৰু হৰজিৎ সিং ওৰফে চাচা কুলৱন্ত ।

আজনালা আৰক্ষী থানাত আক্ৰমণ

ডিআইজি বৰ্ডাৰ ৰেঞ্জ অমৃতসৰ সতীন্দৰ সিঙে গোচৰটো সন্দৰ্ভত কয়,"আজনালা আৰক্ষী থানাত আক্ৰমণ হোৱাৰ সময়ত এটা গোচৰ ৰুজু কৰা হৈছিল । তাৰ অধীনত ১০ জন লোকৰ বিৰুদ্ধে এনএছএ আৰোপ কৰা হৈছে কিন্তু তেওঁলোকক এতিয়ালৈকে সেই গোচৰত গ্ৰেপ্তাৰ কৰা হোৱা নাই । আমি অনুসন্ধান চলাই আছো । আমি গোচৰ নম্বৰ ৩৯ৰ অধীনত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিম আৰু তেওঁলোকক ডিব্ৰুগড় কাৰাগাৰৰ পৰা পাঞ্জাৱলৈ আনিম আৰু তেওঁলোকক আজনালা আদালতত হাজিৰ কৰি গোচৰটোৰ অধিক তদন্ত কৰিম ।"

ডিব্ৰুগড় কাৰাগাৰতে থাকিব অমৃতপাল

তথ্য অনুসৰি সাংসদ অমৃতপাল সিং আৰু তেওঁৰ সহযোগী পাপলপ্ৰীত সিং বৰ্তমান ডিব্ৰুগড় কাৰাগাৰতে থাকিব, কিয়নো তেওঁলোকৰ এনএছএ গোচৰৰ পৰৱৰ্তী শুনানি ২২ মাৰ্চত হ'ব । তাৰ পিছত হে চৰকাৰে পৰৱৰ্তী সিদ্ধান্ত ল'ব ।

লগতে পঢ়ক :স্ব-ইচ্ছাই আমেৰিকা কিয় এৰিলে ভাৰতীয় শিক্ষাৰ্থীয়ে ? - INDIAN STUDENT SELF DEPORTS FROM US

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.