ETV Bharat / bharat

কাইলৈ ৰামেশ্বৰমত মোদীয়ে মুকলি কৰিব ভাৰতৰ প্ৰথম উলম্বভাৱে উত্তোলন কৰিব পৰা সাগৰীয় দলং - PAMBAN BRIDGE

প্ৰধানমন্ত্ৰী মোদীয়ে ৰামেশ্বৰমৰ ৰামনাথস্বস্বামী মন্দিৰ দৰ্শন কৰিব । বিভিন্ন ৰে'ল আৰু পথ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ সম্ভাৱনা আছে ।

PM To Open Pamban Bridge
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফাইল ফটো (PTI)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 6:03 PM IST

3 Min Read

চেন্নাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰামেশ্বৰমত ভাৰতৰ প্ৰথমখন উলম্বভাৱে উত্তোলন কৰিব পৰা সাগৰীয় দলং (vertical lift sea bridge) উদ্বোধন কৰিব । ইয়াৰ উপৰি তেওঁ অন্যান্য প্ৰকল্পও দেশবাসীৰ নামত উৎসৰ্গা কৰিব । এই অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত ভাৰতীয় ৰে'লৱেই নতুন পাম্বান দলংখনৰ এটা প্ৰচাৰমূলক মনোৰম ভিডিঅ' প্ৰকাশ কৰিছে ।

ৰে'ল মন্ত্ৰণালয়ে কয়, "অতীতক সংযোগ কৰি, নতুনক অগ্ৰাধিকাৰ দি পাম্বন এক আকৰ্ষণীয় দৃশ্যৰে মূৰ দাঙি আছে । এই ৰাম নৱমীত ভাৰতৰ প্ৰথম উলম্বভাৱে উত্তোলিত ৰে'ল-সাগৰীয় দলং উন্মোচনৰ সাক্ষী হ'ব ।" ৫৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত দলংখন উদ্বোধনৰ পূৰ্বে উপকূলীয় চহৰখনত কটকটীয়া নিৰাপত্তা গ্ৰহণ কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীয়ে নতুন পাম্বন ৰে'ল দলংখন বিয়লিৰ ভাগত উদ্বোধন কৰিব আৰু ৰামেশ্বৰম-তাম্বাৰামৰ (চেন্নাই) নতুন ৰে'ল সেৱাৰো শুভাৰম্ভ কৰিব । আনহাতে, দলংখন ওপৰলৈ উঠি অহাৰ লগে লগে তাৰ তলেৰে প্ৰথমবাৰৰ বাবে পাৰ হ'বলৈ উপকূলৰক্ষী বাহিনীৰ এখন জাহাজৰো ফ্লেগ-অফ কৰা হ'ব ।

উল্লেখ্য যে, মোদীয়ে দিনৰ প্ৰায় ১২.৪৫ বজাত ৰামেশ্বৰমৰ প্ৰখ্যাত ৰামনাথস্বামী মন্দিৰ দৰ্শন কৰাৰ উপৰি পূজা কৰিব । তাৰ পিছত আধাৰশিলা স্থাপন কৰিব আৰু দিনৰ প্ৰায় ১.৩০ বজাত তামিলনাডুত ৮,৩০০ কোটি টকাৰ বিভিন্ন ৰে'ল আৰু পথ প্ৰকল্প দেশবাসীৰ নামত ভাৰ্চুৱেলী উৎসৰ্গা কৰিব বুলি আশা কৰা হৈছে । এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

এই প্ৰকল্পবোৰৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱালাজাপেট-ৰাণীপেট শাখাৰ চাৰিলেনৰ আধাৰশিলা আৰু ৩৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত 29 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিলুপ্পুৰম-পুডুচেৰী শাখা উদ্বোধন; ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ 57 কিলোমিটাৰ দৈৰ্ঘৰ পুণ্ডিয়াঙ্কুপ্পাম-সত্তানাথপুৰম শাখা আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ 48 কিলোমিটাৰ দৈৰ্ঘৰ চোলাপুৰম-থাঞ্জাভুৰ শাখা উদ্বোধন ।

এই পথবোৰে বহু তীৰ্থকেন্দ্ৰ আৰু পৰ্যটনস্থলী সংযোগ কৰিব, চহৰসমূহৰ মাজত দূৰত্ব হ্ৰাস কৰিব আৰু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু বন্দৰসমূহলৈ যাতায়াতৰ সময় হ্ৰাস কৰিব । লগতে স্থানীয় কৃষকসকলক ওচৰৰ বজাৰলৈ কৃষিজাত সামগ্ৰী পৰিবহণ কৰিবলৈ আৰু স্থানীয় চামৰা আৰু ক্ষুদ্ৰ উদ্যোগৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব ।

ইয়াৰ উপৰি দলংখনে এক গভীৰ সাংস্কৃতিক গুৰুত্বও বহন কৰিছে । ৰামায়ণৰ মতে, ৰামেশ্বৰমৰ ওচৰৰ ধনুষকোডিৰ পৰা ৰাম সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ।

ৰামেশ্বৰমক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা এই দলংখন বিশ্ব মঞ্চত ভাৰতীয় অভিযান্ত্ৰিকৰ এক উল্লেখযোগ্য কৃতিত্ব হিচাপে থিয় হৈ আছে । দলংখন ৫৫০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে । ইয়াৰ দৈৰ্ঘ্য 2.08 কিলোমিটাৰ ।

লগতে পঢ়ক :দ্বৈত নিয়ন্ত্ৰণত অসম ৰাইফলছ; প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ হস্তক্ষেপৰ আহ্বান - ASSAM RIFLES
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীলৈ শ্ৰীলংকাৰ মিত্ৰ বিভূষণ বঁটা; দ্বীপৰাষ্ট্ৰৰ সৈতে মুখ্য প্ৰতিৰক্ষা চুক্তি ভাৰতৰ - MITHRA VIBHUSHANA AWARD TO PM MODI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.