মধুবনী (বিহাৰ) : জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ দুদিন পিছত আজি (বৃহস্পতিবাৰ) প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে বিহাৰৰ মধুবনীত এক জনসভা সম্বোধন কৰে । ইয়াৰ পূৰ্বে বুধবাৰে মোদীৰ নেতৃত্বত সুৰক্ষা বিষয়ক লৈ এক কেবিনেট বৈঠক অনুষ্ঠিত হয় । উল্লেখ্য যে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁৰ চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি বুধবাৰে দেশলৈ উভতি আহে মোদী ।
পহলগামত সন্ত্রাসবাদী আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি
বিহাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় । মোদীয়ে কয় যে পঞ্চায়তীৰাজ দিৱস উদযাপনৰ সময়ত সমগ্ৰ দেশ মিথিলা বিহাৰৰ সৈতে সংযুক্ত হৈছে । বিহাৰ আৰু দেশৰ বিকাশৰ সৈতে জড়িত আঁচনিসমূহৰ শিলান্যাস হৈছে । যাৰ ফলত বিহাৰত সংস্থাপনৰ নতুন দুৱাৰ মুকলি হ’ব ।
সন্ত্ৰাসবাদীৰ আক্ৰমণত সমগ্ৰ দেশ শোকত ম্ৰিয়মাণ
আনহাতে, নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, "২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীয়ে যেনেধৰণে নিৰীহ দেশবাসীক নিষ্ঠুৰভাৱে হত্যা কৰিছে, ইয়াৰ বাবে দেশবাসী ব্যথিত, দুখী হৈ আছে । নিহতৰ পৰিয়ালৰ সৈতে সমগ্ৰ দেশবাসী আছে । আহতসকল যাতে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে চেষ্টা অব্যাহত আছে । সন্ত্ৰাসবাদী আক্রমণত কোনোৱে পুত্ৰ, কোনোৱে ভাতৃ নতুবা কোনোৱে নিজৰ স্বামীক হেৰুৱাইছে ।"
बिहार वो धरती है, जहां से पूज्य बापू ने सत्याग्रह के मंत्र का विस्तार किया था।
— BJP Bihar (@BJP4Bihar) April 24, 2025
पूज्य बापू के दृढ़ विश्वास था कि जब तक भारत के गांव मजबूत नहीं होंगे, तब तक भारत का तेज विकास नहीं हो पाएगा।
देश में पंचायती राज की परिकल्पना के पीछे यही भावना है।
- पीएम श्री @narendramodi… pic.twitter.com/9PLeLKGwkM
সন্ত্ৰাসবাদীয়ে শাস্তি লাভ কৰিবই
প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ ক্ষোভ সকলোৰে একে । এই আক্ৰমণ নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত নহয়, ভাৰতৰ আত্মাৰ ওপৰত দেশৰ শত্রুৱে আক্ৰমণ কৰাৰ দুঃসাহস কৰিছে । যিয়ে এই আক্ৰমণ কৰিছে সেই সন্ত্ৰাসবাদী আৰু ইয়াৰ ষড়যন্ত্ৰকাৰীসকলক তেওঁলোকে কল্পনা কৰিব নোৱৰা শাস্তি প্ৰদান কৰা হ'ব । শাস্তি লাভ কৰিবই । সন্ত্ৰাসবাদীক পুলিয়ে-পোখাই নিৰ্মূল কৰাৰ সময় আহিছে ।"
পঞ্চায়ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "পঞ্চায়ত ব্যৱস্থাক ডিজিটেল কৰাৰ ফলত জন্ম-মৃত্যুৰ প্ৰমাণ-পত্ৰ আৰু এনে বহু নথিপত্ৰ সহজে লাভ কৰিব পৰা হৈছে । দেশত ৩০ হাজাৰ নতুন পঞ্চায়ত ভৱন নিৰ্মাণ কৰা হৈছে । পঞ্চায়তক পৰ্যাপ্ত পুঁজি প্ৰদান কৰাটো চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ । ভূমি বিবাদ হৈছে গাঁও পঞ্চায়তৰ এক ডাঙৰ সমস্যা । কোন ভূমি বসতিস্থল, কোনখিনি কৃষিভূমি, কোনখিনি চৰকাৰী ভূমি ইয়াক লৈ বিবাদ হৈ আছিল । ইয়াৰ সমাধানৰ বাবে ভূমিৰ ডিজিটেলাইজেচন কৰা হৈছে । যাৰ ফলত বিবাদসমূহ সমাধান কৰাত সহায়ক হৈছে ।"
ये हमला सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है, देश के दुश्मनों ने भारत की आस्था पर हमला करने का दुस्साहस किया है।
— BJP Bihar (@BJP4Bihar) April 24, 2025
मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं कि जिन्होंने ये हमला किया है, उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी।
अब… pic.twitter.com/c3rEzNQjJl
বিহাৰৰ প্রশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী
মোদীয়ে কয়, "বিহাৰ হৈছে দেশৰ প্ৰথম ৰাজ্য, য'ত মহিলাসকলক পঞ্চায়তত ৫০ শতাংশ সংৰক্ষণ দিয়া হৈছে । মহিলাসকলৰ উন্নতি হৈছে । সকলোৰে উন্নতি কৰাটো আমাৰ উদ্দেশ্য । আমাৰ ভগ্নী-জীয়াৰীসকলে যাতে অধিক প্ৰতিনিধিত্ব লাভ কৰে তাৰবাবে প্ৰচেষ্টা অব্যাহত আছে । চৰকাৰ মিছন মোডত কাম কৰি আছে । বিহাৰত জীৱিকা দিদী কাৰ্যসূচীয়ে মহিলাৰ জীৱন সলনি কৰিছে । বিগত দিনত গ্ৰামীণ অৰ্থনীতিয়ে নতুন গতি লাভ কৰিছে ।"
বিহাৰক ১৩,৪৮০ কোটিৰ আঁচনি উপহাৰ
বৃহস্পতিবাৰে মধুবনীৰ ঝঞ্জাৰপুৰত প্ৰধানমন্ত্ৰীয়ে ১৩,৪৮০ কোটি টকাৰ কেইবাটাও প্ৰকল্প মুকলি আৰু শিলান্যাস কৰে । লগতে প্ৰধানমন্ত্ৰীয়ে পি এম এ ৱাই-গ্ৰামীণৰ ১৫ লাখ নতুন হিতাধিকাৰীক অনুমোদন-পত্ৰও প্রদান কৰে । ইয়াৰ উপৰি দেশজুৰি ১০ লাখ পি এম এ ৱাই-গ্ৰামীণ হিতাধিকাৰীৰ কিস্তি মুকলি কৰা হয় । বিহাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ১ লাখ পি এম এ ৱাই-গ্ৰামীণ আৰু ৫৪,০০০ পি এম এ ৱাই-নগৰীয়া আঁচনিৰ হিতাধিকাৰীক গৃহ প্ৰৱেশৰ মুহূৰ্তত কেইগৰাকীমান হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ছাবি প্ৰদান কৰে ।