ETV Bharat / bharat

গৃহৰাজ্যত ভয়ংকৰ অঘটন: আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত প্ৰধানমন্ত্ৰী মোদী - AIR INDIA PLANE CRASH

চিকিৎসালয়লৈ গৈ আহতসকলৰ বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে ৷ সমগ্ৰ ঘটনাৰ বিষয়েও অধ্যয়ন কৰিলে ৷

Air India plane crash
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা (ANI)
author img

By ANI

Published : June 13, 2025 at 10:17 AM IST

2 Min Read

আহমেদাবাদ: গুজৰাটৰ আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ কেৱল দেশতে নহয় বিশ্বজুৰি শোকৰ ছাঁ পৰিছে । দেশবাসীয়ে কোনো কাৰণতে এই মৰ্মান্তিক ঘটনাক সহজভাৱে ল'ব পৰা নাই । ইয়াৰ মাজতে শুকুৰবাৰে পুৱাই আহমেদাবাদৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তাৰ পৰা পোনে পোনে মেঘনীনগৰ অঞ্চলৰ দুৰ্ঘটনাস্থলীলৈ পথেৰে যাত্ৰা কৰে । প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে উপস্থিত মন্ত্ৰী তথা বিষয়াসকলৰ পৰা পৰিস্থিতিৰ বুজ লয় । তাৰ পিছত আহমেদাবাদৰ অসামৰিক চিকিৎসালয়লৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী । য'ত তেওঁ দুৰ্ঘটনাত আহতসকলক সাক্ষাৎ কৰে ।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপু, কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰ মোহল আৰু ৰাজ্যৰ গৃহ মন্ত্ৰী হৰ্ষ সংঘৱী উপস্থিত থাকে ।

PM Modi visits the site of yesterday's Air India plane crash in Ahmedabad
আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত প্ৰধানমন্ত্ৰী (ANI)

উল্লেখ্য যে বৃহস্পতিবাৰে আহমেদাবাদৰ পৰা লণ্ডন গেটৱিক অভিমুখে যাত্ৰা কৰা বিমান AI-171 উৰণৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মাত্ৰ এগৰাকী যাত্ৰীক বাদ দি বাকী সকলো নিহত হয় ।

বিমানৰ পাইলট আৰু ক্ৰু মেম্বাৰসকলো এই দুৰ্ঘটনাত নিহত হয় । ইতিমধ্যে এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে বিমানখনত ১৬৯ গৰাকী ভাৰতীয় নাগৰিক, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক, ৭ গৰাকী পৰ্তুগীজ নাগৰিক আৰু এজন কানাডিয়ান নাগৰিক আছিল ।

PM Modi with Civil Aviation Minister Rammohan Naidu and Gujarat Chief Minister Bhupendra Patel visits the site of yesterday's Air India plane crash, in Ahmedabad
বিমান দুৰ্ঘটনাৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে (ANI)

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী, গুজৰাটৰ মুখ্যমন্ত্ৰীসহ নেতা আৰু শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰে ।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং তথ্য সংগ্ৰহ কৰে ।

লগতে পঢ়ক :ভয়ংকৰ বিমান দুৰ্ঘটনাৰ মাজতো প্ৰাণ ৰক্ষা পৰিল ৰমেশৰ; কোনখন আসনত বহিছিল তেওঁ - AIR INDIA PLANE CRASH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.