ETV Bharat / bharat

১১ বছৰত ভাৰতৰ কিমান উন্নয়ন হৈছে ? নিজৰ মতামত দিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ উন্নয়ন যাত্ৰা সন্দৰ্ভত NaMo App ত সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে আহ্বান জনাইছে ।

PM Modi urges people to take part in survey on NaMo App on India's growth journey
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)
author img

By ANI

Published : June 9, 2025 at 7:32 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাগৰিকসকলক NaMo App ৰ জৰিয়তে বিগত ১১ বছৰত ভাৰতৰ উন্নয়ন যাত্ৰা সন্দর্ভত এক সমীক্ষাত অংশগ্রহণ কৰিবলৈ আহ্বান জনায় ৷

X ত ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে পৰ্টেলটোৰ এটা লিংক শ্বেয়াৰ কৰি এপটোত উপলব্ধ ‘‘জন মন জৰীপ’’ৰ (Jan Man Survey) জৰিয়তে নিজৰ মতামত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে ।

ছ’চিয়েল মিডিয়া পোষ্টটোত প্ৰধানমন্ত্ৰীয়ে কয়, "আপোনাৰ মতামত আটাইতকৈ গুৰুত্বপূৰ্ণ ! NaMo App ত এই সমীক্ষাত অংশগ্ৰহণ কৰক আৰু আমাক জনাওক যে আপুনি যোৱা ১১ বছৰত ভাৰতৰ উন্নয়ন যাত্ৰাক কেনেদৰে ভাবে । #11YearsOfSeva ।"

মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে চলিত বৰ্ষত কাৰ্যকালৰ ১১ বছৰ সম্পূৰ্ণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰিছিল আৰু বিগত বৰ্ষৰ ৯ জুনত একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।

ইফালে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সুশাসন, ভাৰতৰ "ৰাজনৈতিক সংস্কৃতি"ৰ পৰিৱৰ্তনকে ধৰি চৰকাৰৰ বিভিন্ন সাফল্যৰ লগতে বিগত ১১ বছৰত গ্ৰহণ কৰা কেইবাটাও সাহসী সিদ্ধান্তৰ ওপৰত আলোকপাত কৰে ।

এক সংবাদমেল সম্বোধন কৰি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৰাজনৈতিক সংস্কৃতি সলনি কৰি নতুন স্বাভাৱিক আৰু নতুন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছে ।

নাড্ডাই কয়, "আমি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ১১ বছৰ সম্পূৰ্ণ কৰিছো । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কৰা কামবোৰ অকল্পনীয় আৰু অনন্য কামৰ বাবে সোণালী শব্দৰে লিখা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৰাজনীতি, ৰাজনৈতিক সংস্কৃতি সলনি কৰি দিছে ।"

তেওঁ লগতে কয়, "মই গৌৰৱেৰে ক'ব পাৰো যে যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰে ভাৰতীয় ৰাজনীতিৰ সংস্কৃতি সলনি কৰি নতুন স্বাভাৱিক, নতুন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছে । এই চৰকাৰ কাৰ্যকৰী, এই চৰকাৰে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰে, ই এনে এখন চৰকাৰ যিয়ে অৰ্থনৈতিক অনুশাসন কঢ়িয়াই আনে ।"

৩৭০ অনুচ্ছেদ বাতিল, ট্ৰিপল তালাক নাইকীয়া, ৱাকফ সংশোধনী আইন আৰু নাগৰিকত্ব সংশোধনী আইন (CAA) অনা আদি উল্লেখযোগ্য সিদ্ধান্তসমূহৰ ওপৰত বিজেপিৰ সভাপতিগৰাকীয়ে আলোকপাত কৰে ।

নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰি আছে । বিগত বৰ্ষত তৃতীয়বাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰি ৯ জুনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ।

এই উপলক্ষে কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত বিভিন্ন খণ্ডৰ সাফল্যৰ বিশদ বিৱৰণীৰে এখন বিস্তৃত ই-বুকো প্ৰকাশ কৰে । ২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হ’ল ।

লগতে পঢ়ক : ৰাজ্যসভাত আসনো দুখন, মনোনয়নো দিলে দুজনেই: বৈশ্য-পুৰকায়স্থ দিল্লীমুখী