জম্মু: সহজসাধ্য হৈ পৰিব কাশ্মীৰ ভ্ৰমণ ৷ পৰ্যটকৰ সুবিধাৰ্থে অচিৰে ৰে’ল বিভাগে মুকলি কৰিব বন্দে ভাৰত এক্সপ্ৰেছ ৷ এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ৷
মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, ২৭২ কিলোমিটাৰ দৈৰ্ঘৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল সংযোগ প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাত ১৯ এপ্ৰিলত কাটৰাৰ পৰা কাশ্মীৰলৈ যোৱা প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
জম্মু-কাটৰা-শ্ৰীনগৰ বন্দে ভাৰত এক্সপ্ৰেছ প্ৰথম অৱস্থাত কাটৰাৰ পৰা চলিব কাৰণ জম্মু ৰে’ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম অব্যাহত আছে ৷
বিষয়াসকলে জনোৱা মতে, যোৱা মাহত ৰে’ল সংযোগ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছিল । কাটৰা-বাৰামুল্লা পথত ৰে’লখনৰ ট্ৰাইল ৰাণ সফলতাৰে সম্পন্ন হৈছে । ৰে’ল সুৰক্ষা আয়ুক্তই জানুৱাৰী মাহত কাটৰা-কাশ্মীৰৰ মাজত ৰে’ল সেৱাত অনুমোদন জনাইছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে ।
বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে জম্মু আৰু শ্ৰীনগৰৰ মাজত যাতায়াতৰ সময় যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত অঞ্চলটোৰ বাবে আধুনিক আৰু কাৰ্যক্ষম ৰে’ল সেৱা লাভ কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে ।
দেওবাৰে জম্মুত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে, "প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ এপ্ৰিলত উধামপুৰত উপস্থিত হ'ব । তেওঁ বিশ্বৰ সৰ্বোচ্চ ৰে'ল দলংখন পৰিদৰ্শন কৰাৰ পিছত ইয়াক উদ্বোধন কৰিব । ইয়াৰ পিছত তেওঁ কাটৰাৰ পৰা বন্দে ভাৰত ৰে'লৰ ফ্লেগ অফ কৰিব" ৷
এই ৰে’লসেৱা উদ্বোধনে কাশ্মীৰলৈ প্ৰত্যক্ষ ৰে’ল সংযোগৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব । বৰ্তমান উপত্যকাৰ সাংগলদন আৰু বাৰামুল্লাৰ মাজত আৰু কাটৰাৰ পৰা সমগ্ৰ দেশৰ গন্তব্যস্থানলৈহে ৰে’ল সেৱা চলি থাকিব ।
বিষয়াসকলে কয় যে, কাশ্মীৰক ৰে’লযোগে সংযোগ কৰাৰ অভিলাষী প্ৰকল্পটো ১৯৯৭ চনত আৰম্ভ হৈছিল যদিও ভূতাত্ত্বিক, ভূ-প্ৰকৃতি আৰু বতৰ বিজ্ঞানৰ প্ৰত্যাহ্বানৰ বাবে একাধিক পলমৰ সন্মুখীন হৈছিল ।
এই প্ৰকল্পত মুঠ ১১৯ কিলোমিটাৰ দৈৰ্ঘৰ ৩৮টা সুৰংগ অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াৰে আটাইতকৈ দীঘল সুৰংগটো হৈছে ১২.৭৫ কিলোমিটাৰ দৈৰ্ঘৰ টানেল টি-৪৯ । ইয়াৰ উপৰিও ই দেশৰ আটাইতকৈ দীঘল পৰিবহণ সুৰংগ ।
প্ৰকল্পটোত ৯২৭ খন দলং আছে, যাৰ মুঠ দৈৰ্ঘ ১৩ কিলোমিটাৰ । ইয়াৰ ভিতৰত আছে চেনাব দলং, যাৰ সামগ্ৰিক দৈৰ্ঘ ১৩১৫ মিটাৰ, তোৰণৰ দৈৰ্ঘ ৪৬৭ মিটাৰ আৰু নদীৰ তলৰ পৰা ৩৫৯ মিটাৰ ওপৰত থিয় হৈ আছে । আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ ওখ হোৱাৰ বাবে ই বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ ৰে’ল দলঙত পৰিণত হ’ব ।
লগতে পঢ়ক: সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকিৰে দেশজুৰি উদযাপন ঈদ-উল-ফিটৰ - EID AL FITR 2025