ETV Bharat / bharat

ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাক সমৰ্থন মোদীৰ; ভাৰত সদায় শান্তিৰ পক্ষত আছে : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে স্থায়ী আৰু ন্যায্য শান্তিৰ দিশত সকলো প্ৰচেষ্টাক তীব্ৰ সমৰ্থন আগবঢ়াই যাব ।

PM Modi On Gaza Plan
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 11:27 AM IST

|

Updated : October 4, 2025 at 12:00 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫ অক্টোবৰ দেওবাৰৰ ভিতৰত হামাছে শান্তি চুক্তিত সন্মতি দিয়াৰ সময়সীমা নিৰ্ধাৰণ কৰিছে । ট্ৰাম্পে সকীয়াই দিয়ে যে যদি হামাছে এই সময়সীমা পূৰণ নকৰে তেন্তে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে এই উলটিমেটাম (Ultimatum) জাৰি কৰিছে । ইয়াৰ পিছত হামাছে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰি ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত হৈছে ।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও নিজৰ প্ৰচাৰ স্থগিত ৰখাৰ নিৰ্দেশ দিছে । নেতানিয়াহুৱে কয় যে ট্ৰাম্পৰ এই পৰিকল্পনাৰ প্ৰথম পৰ্যায় কাৰ্যকৰী কৰিবলৈ ইজৰাইল সাজু ।

PM Modi On Gaza Plan
ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদী (IANS)
  • প্ৰধানমন্ত্ৰী মোদীয়ে এটা পোষ্ট শ্বেয়াৰ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যক প্ৰশংসা কৰে । তেওঁ কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ সংকেত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "গাজাত তেওঁৰ শান্তিৰ প্ৰচেষ্টা সঠিক দিশত আগবাঢ়ি যোৱাৰ বাবে আমি ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছো । ভাৰতে স্থায়ী আৰু ন্যায্য শান্তিৰ দিশত কৰা সকলো প্ৰচেষ্টাক সদায় শক্তিশালীভাৱে সমৰ্থন কৰিব ।"

  • পূৰ্বও ট্ৰাম্পৰ পৰিকল্পনাক আদৰণি জনাইছিল

ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোদীয়ে দুবছৰীয়া ইজৰাইল-গাজা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ড’নাল্ড ট্ৰাম্পৰ পৰিকল্পনাক আদৰণি জনাইছিল । তেওঁ কয় যে ট্ৰাম্পৰ এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ নাগৰিকসকলৰ বাবে দীৰ্ঘম্যাদী আৰু স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰিছে ।

  • অষ্ট্ৰেলিয়াও সমৰ্থন কৰে

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছেও এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰিছে । তেওঁ ট্ৰাম্পৰ এই পৰিকল্পনাক সমৰ্থন প্ৰকাশ কৰে ।

তেওঁ কয় যে অষ্ট্ৰেলিয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰিকল্পনাক আদৰণি জনাইছে । হামাছে পলম নকৰাকৈ নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিব লাগে । লগতে সকলো পণবন্দীক মুকলি কৰি দিব লাগে বুলিও উল্লেখ কৰে । যুদ্ধৰ অন্ত পেলোৱা আৰু ন্যায় লাভৰ বাবে মিত্ৰশক্তিৰ সৈতে কৰা প্ৰচেষ্টাক অষ্ট্ৰেলিয়াই সমৰ্থন কৰি যাব ।

লগতে পঢ়ক : ৫ খন পাকিস্তানী এফ-১৬ যুঁজাৰু বিমান ধ্বংস, বায়ুসেনাৰ মুৰব্বীৰ বৃহৎ বিস্ফোৰণ
Last Updated : October 4, 2025 at 12:00 PM IST