ETV Bharat / bharat

ভাৰত-পেৰাগুৱেৰ সম্পৰ্ক গভীৰ কৰাৰ লক্ষ্য মোদী-ছাণ্টিয়াগোৰ

নতুন দিল্লীৰ হায়দৰাবাদ হাউছত পেৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পেলাচিঅ’ছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

PM Modi meets paraguay president santiago pena palacios at Hyderabad house
ছাণ্টিয়াগো পেনা পেলাচিঅ’ছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে (X@MEAIndia)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 4:49 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : নতুন দিল্লীৰ হায়দৰাবাদ হাউছত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পেলাচিঅ’ছক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু পেৰাগুৱেই সন্ত্ৰাসবাদ বিৰোধী যুঁজত কান্ধত কান্ধ মিলাই থিয় দিছে । চাইবাৰ অপৰাধ, সংগঠিত অপৰাধ আৰু ড্ৰাগছ সৰবৰাহৰ দৰে প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰত আৰু পেৰাগুৱে গ্ল'বেল চাউথৰ অবিচ্ছেদ্য অংগ । আমাৰ আশা, আকাংক্ষা আৰু প্ৰত্যাহ্বান একে, গতিকে আমি ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা শিকি এই প্ৰত্যাহ্বানসমূহৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিব পাৰো । আমি সন্তুষ্ট যে Covid মহামাৰীৰ সময়ত আমি ভাৰতত নিৰ্মিত ভেকচিন পেৰাগুৱেৰ জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰিবলৈ সক্ষম হৈছিলো ।"

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি পেলাচিঅ’ছে ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত উপস্থিত হৈ ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ এই ভ্ৰমণ তিনিদিনীয়া, যি ৪ জুনত শেষ হ’ব ।

মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্সৰ এটা পোষ্টত এই মুহূৰ্তটো শ্বেয়াৰ কৰি কয়, “শান্তি আৰু অহিংসাৰ মূল্যবোধক সন্মান জনাই পেৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পেলাচিঅ’ছে আজি ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায় ।”

উল্লেখ্য যে, ৰাষ্ট্ৰপতি পেলাচিঅ’ছৰ প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰি নতুন দিল্লীত উপস্থিত হয় আৰু পালাম বায়ুসেনা ষ্টেচনত গাৰ্ড অৱ অনাৰৰ সৈতে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ।

ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায় ৰাজ্যিক মন্ত্ৰী হৰ্ষবৰ্ধন

মালহোত্ৰাই দুয়োখন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে । শেহতীয়া তথ্য প্ৰদান কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰণধীৰ জয়ছৱালে কয় যে পেৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পেলাচিঅ’ছক ভাৰতলৈ প্ৰথম ৰাজ্যিক ভ্ৰমণত নতুন দিল্লীত উপস্থিত হোৱাৰ সময়ত আদৰণি জনোৱা হয় ।

জয়ছৱালে নিজৰ টুইটত লিখিছে, "ভাল খবৰ, ৰাষ্ট্ৰপতি ছেণ্টিয়াগো পেনা পেলাচিঅ'ছে ভাৰত ভ্ৰমণৰ প্ৰথমটো ৰাজ্যিক ভ্ৰমণত নতুন দিল্লীত উপস্থিত হৈছে, য'ত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । তেওঁক বিমানবন্দৰতে ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই উষ্ম আদৰণি জনায় । এই ভ্ৰমণে সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব ।"

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ২ জুনৰ পৰা ৪ জুনলৈ ৰাষ্ট্ৰপতি পেনাৰ এই ভ্ৰমণৰ লক্ষ্য ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ভাৰত-পেৰাগুৱেৰ সম্পৰ্ক গভীৰ আৰু বহল কৰা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে মন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে ।

লগতে পঢ়ক : তেলেংগানা ৰাজ্য গঠনৰ ১১ বছৰ সম্পূৰ্ণ; ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমত শুভেচ্ছা

লগতে পঢ়ক : অসম-তামিলনাডুৰ ৮ ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি