ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ 'মে'ক ইন ইণ্ডিয়া'ৰ ধাৰণাটো ভাল আছিল, কিন্তু... লোকসভাত ৰাহুল গান্ধী

লোকসভাত বক্তব্য ৰাখি ৰাহুল গান্ধীয়ে কয় যে এন ডি এ আৰু ইউ পি এ দুয়োখন চৰকাৰে পৰ্যাপ্ত কৰ্মসংস্থাপন সৃষ্টিত ব্যৰ্থ হৈছে ।

Lok Sabha Budget Debate 2025
ৰাহুল গান্ধী (ANI)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 6:30 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মে'ক ইন ইণ্ডিয়া' কাৰ্যসূচী এক ভাল ধাৰণা আছিল, কিন্তু ই বিফল হৈছে । তেওঁ কয়, "প্ৰধানমন্ত্ৰীয়ে 'মে'ক ইন ইণ্ডিয়া' কাৰ্যসূচীৰ প্ৰস্তাৱ আগবঢ়াইছিল । মই ভাবোঁ এইটো এক ভাল ধাৰণা আছিল... কিন্তু ইয়াৰ ফলাফল আপোনালোকৰ সন্মুখত ।"

তেওঁ কয় যে উৎপাদন খণ্ডত ২০১৪ চনৰ জি ডি পি ১৫.৩ শতাংশৰ পৰা অৱনমিত হৈ বৰ্তমান ১২.৬ শতাংশ হৈছে, যিটো ৬০ বছৰৰ ভিতৰত সৰ্বনিম্ন । কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয়, "ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰীক দোষ দিয়া নাই । তেওঁ চেষ্টা কৰা নাই বুলি কোৱাটোও উচিত নহ'ব । মই ক'ব খোজো যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে এক প্ৰচেষ্টা হাত লৈছিল, কিন্তু তেওঁ তাত বিফল হৈছে ।"

সংসদত তেওঁ কয়, "আমি এখন দেশ হিচাপে উৎপাদন সংগঠিত কৰাত ব্যৰ্থ হৈছোঁ আৰু ইয়াক চীনক হস্তান্তৰ কৰিছোঁ ।" ৰাহুল গান্ধীয়ে লগতে কয় যে এন ডি এ আৰু ইউ পি এ দুয়োখন চৰকাৰেই পৰ্যাপ্ত কৰ্মসংস্থাপন সৃষ্টি কৰাত ব্যৰ্থ হৈছে ।

কৰ্মসংস্থাপন সন্দৰ্ভত কোনো স্পষ্ট উত্তৰ নাই

লোকসভাত প্ৰদান কৰা ভাষণৰ সময়ত তেওঁ কয়, "যদিও আমাৰ বিকাশ হৈছে, আমাৰ দ্ৰুতগতিত বিকাশ হৈছে, বৰ্তমান কিছু লেহেম গতিত বিকাশ হৈছে, কিন্তু আমাৰ বিকাশ হৈ আছে । আমি সন্মুখীন হোৱা এক সাৰ্বজনীন সমস্যা হৈছে যে আমি নিবনুৱা সমস্যাৰ মোকাবিলা কৰিবলৈ অপাৰগ । ইউ পি এ চৰকাৰ বা বৰ্তমানৰ এন ডি এ চৰকাৰে দেশৰ যুৱসকলৰ বাবে কৰ্মসংস্থাপন সন্দৰ্ভত কোনো স্পষ্ট উত্তৰ প্ৰদান কৰা নাই ।"

তেওঁ সংসদৰ বাজেট অধিবেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰা শেহতীয়া ভাষণ সন্দৰ্ভতো মন্তব্য কৰে । তেওঁ কয়, "মই ক'ব বিচাৰো যে ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত কোৱা কথাবোৰৰ ওপৰত মোৰ মনোযোগ ৰাখিবলৈ মই সংগ্ৰাম কৰিবলগা হৈছিল । কিয়নো মই যোৱাবাৰ আৰু তাৰ পূৰ্বেও প্ৰায় একে ধৰণৰ ৰাষ্ট্ৰপতিৰ ভাষণ শুনিছোঁ । এইটো আছিল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ এখন তালিকা ।"

এ আই সন্দৰ্ভত ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে লগতে দাবী কৰে যে তথ্যৰ ক্ষেত্ৰত ভাৰত চীনতকৈ 10 বছৰ পিছপৰি আছে । তেওঁ কয়, "মানুহে এ আইৰ বিষয়ে কয়, কিন্তু এইটো বুজি পোৱাটো গুৰুত্বপূৰ্ণ যে এ আই নিজে নিজেই সম্পূৰ্ণভাৱে অৰ্থহীন । কিয়নো এ আয়ে তথ্যৰ ওপৰত ভিত্তি কৰি কাম কৰে । তথ্য অবিহনে এ আইৰ কোনো অৰ্থ নাই । আৰু যদি আমি আজিৰ তথ্য চাওঁ, তেন্তে এটা কথা অতি স্পষ্ট যে বিশ্বৰ উৎপাদন ব্যৱস্থাৰ পৰা ওলাই অহা প্ৰতিটো তথ্য, যিবোৰ এই ফোনটো নিৰ্মাণ কৰিবলৈ ব্যৱহৃত হৈছে, এই তথ্য বৈদ্যুতিক গাড়ী তৈয়াৰ কৰিবলৈ ব্যৱহৃত হৈছে । আজি এই গ্ৰহটোত সকলো ইলেক্ট্ৰ'নিকছ সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহৃত তথ্য মূলত চীনৰ মালিকানাধীন ।"

তেওঁ লগতে কয়, "তথ্য ব্যৱহাৰৰ মালিকীস্বত্ব আমেৰিকাৰ ওচৰত আছে... এই ক্ষেত্ৰখনত ভাৰততকৈ চীন কমেও 10 বছৰ আগবাঢ়ি আছে । চীনে বিগত 10 বছৰ ধৰি বেটাৰী, ৰবট, মটৰ আৰু অপ্টিক্সৰ ওপৰত কাম কৰি আছে আৰু আমি পিছপৰি আছোঁ ।"

লগতে পঢ়ক :দেওবাৰে ৪ খনকৈ দিল্লী নিৰ্বাচনৰ প্ৰচাৰ সভা অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ - CM HIMANTA BISWA SARMA
লগতে পঢ়ক :ব্ৰীফকেছেই নহয়, বিজেপি চৰকাৰৰ দিনত অৱসান ঘটিছিল আন এক ঔপনিৱেশিক পৰম্পৰাৰো - UNION BUDGET 2025