অৱশেষত অশান্তিৰ আঢ়ৈ বছৰৰ মূৰত মণিপুৰলৈ যাব ওলাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী
২০২৩ চনৰ মে’ মাহৰ পৰা অশান্ত মণিপুৰলৈ এতিয়ালৈকে প্ৰধানমন্ত্ৰী নোযোৱাৰ কাৰণে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰ চৰকাৰ। অৱশেষত এতিয়া তেওঁৰ মণিপুৰ ভ্ৰমণৰ কথা প্রকাশ পালে।

By PTI
Published : September 2, 2025 at 12:04 PM IST
নতুন দিল্লি: অশান্তি আৰম্ভ হোৱাৰ প্রায় আঢ়ৈ বছৰ পিছত মণিপুৰলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ অহা 13 ছেপ্টেম্বৰত মিজোৰাম হৈ মণিপুৰলৈ যোৱাৰ সম্ভাৱনা প্রধানমন্ত্রীৰ ৷ দেওবাৰে মোদীৰ মণিপুৰ ভ্ৰমণক লৈ চর্চা আৰম্ভ হয় ৷ অৱশেষত সোমবাৰে গভীৰ নিশা মিজোৰাম চৰকাৰৰ তৰফৰ পৰা তেওঁৰ ভ্ৰমণৰ কথা জনোৱা হয় ৷ ভ্ৰমণৰ পূর্ণাংগ কর্মসূচী এতিয়াও প্রকাশ কৰা হোৱা নাই ৷
এইবাৰ মিজোৰাম ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ বৈৰবীৰ পৰা সৈৰাংলৈ নৱনিৰ্মিত ৰে’লপথৰ উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে ৷ 51.38 কিমি দৈৰ্ঘ্যৰ এই ৰে’লপথে অসমৰ শিলচৰৰ সৈতে আইজলক সংযুক্ত কৰিব ৷ ফলত দেশৰ অন্য প্রান্তৰ পৰা শিলচৰহৈ সহজেই আইজললৈ যোৱা সম্ভৱ হৈ উঠিব ৷ দিল্লীৰ পৰা মিজোৰামলৈ আহি চৰকাৰী কর্মসূচীত অংশ লৈ আকাশপথেৰে মণিপুৰত উপস্থিত হ‘ব মোদী ৷
পূবৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্ব ভাৰতৰ উন্নয়নত গতি আনিবলৈ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ‘এক্ট ইষ্ট’ নীতি গ্ৰহণ কৰা হৈছে ৷ সেই নীতিৰ অধীনত একাধিক উন্নয়নমূলক কাম চলি আছে ৷ এই ৰে‘লপথ স্থাপনো সেই নীতিৰে এক অংশ ৷ কেন্দ্ৰ চৰকাৰে নতুন ৰে‘লপথ নিৰ্মাণৰ জৰিয়তে যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিব বিচাৰিছে ৷ তাৰ ফলত পৰিবহণৰ সমান্তৰালকৈ ব্যৱসায়ৰ ক্ষেত্ৰতো গতি আহিব বুলি ধাৰণা কৰা হৈছে ৷
2023 চনৰ মে’ মাহত সংঘৰ্য আৰম্ভ হোৱাৰ পিছৰ পৰা এয়াই প্ৰধানমন্ত্ৰীৰ প্ৰথম মণিপুৰ ভ্ৰমণ হ‘বলৈ গৈ আছে ৷ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি তৃণমূললৈকে দলবোৰে একাধিকবাৰ কটাক্ষ কৰি কৈছে যে প্ৰধানমন্ত্ৰীৰ বিদেশলৈ যোৱাৰ সময় আছে কিন্তু মণিপুৰলৈ যোৱাৰ অৱসৰ নাই ৷ এইবাৰ প্ৰধানমন্ত্ৰীৰ জাপান আৰু চীন ভ্ৰমণ সমাপ্ত নৌহওঁতেই মণিপুৰ ভ্ৰমণৰ কথা পোহৰলৈ আহিছে ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পৰ্কে এতিয়াও বিস্তাৰিত তথ্য প্ৰকাশ পোৱা নাই ৷ কিন্তু ইতিমধ্যেই মিজো- প্ৰশাসনৰ ভিতৰত তৎপৰতা আৰম্ভ হৈছে ৷ প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে মুখ্য সচিব খিল্লিৰাম মীনা ৷ ৰে’লপথ উদ্বোধনৰ সময়ত স্কুল-কলেজৰ শিক্ষাৰ্থীসকলৰ লগতে আন সকলো উপস্থিত থাকিব বুলি জনা গৈছে ৷ সেই সম্পৰ্কেই বিস্তাৰিত আলোচনা হৈছে বৈঠকত ৷ ভ্ৰমণক কেন্দ্ৰ কৰি নিৰাপত্তাৰ দিশটোকো চালি-জাৰি চোৱা হৈছে ৷ মঙলবাৰে কেবাটাও বৈঠক হোৱাৰ সম্ভাৱনা আছে ৷
2023 চনৰ মে‘ মাহৰ পৰা কুকি আৰু মেইটেই, এই দুই জনগোষ্ঠীৰ মাজৰ সংঘাতৰ ফলত মণিপুৰত অশান্তি বিৰাজ কৰি আছে ৷ দুবছৰৰো অধিক সময় ধৰি অব্যাহত এই সংঘৰ্ষৰ ফলত বহু লোক প্ৰাণ হেৰুৱাইছে ৷ সংঘৰ্ষ ৰোধ কৰিবলৈ গৈ প্ৰাণ গৈছে নিৰাপত্তা বাহিনীৰ জোৱানসকলৰো ৷ নাৰী নিৰ্যাতনৰ ঘটনায়ো দখল কৰিছে সংবাদ শিৰোনাম ৷ আইন- শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ দায় স্বীকাৰ কৰি পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৷ বৰ্তমান ৰাষ্ট্ৰপতি শাসন চলি আছে মণিপুৰত ৷
এনে অৱস্থাত লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি বিৰোধী নেতা-নেত্ৰীসকল বাৰম্বাৰ মণিপুৰলৈ গৈছে ৷ সংঘৰ্ষ বন্ধ কৰাৰ বাৰ্তা দিছে ৷ সৰ্বস্ব হেৰুওৱা পৰিয়ালৰ সৈতে কথা পাতিছে ৷ গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো ৷ প্ৰশাসনক নিৰ্দেশ দিছে ৷ কেৱল যোৱা নাই প্ৰধানমন্ত্ৰী মোদী ৷ আৰু তাকে লৈ সমালোচনাৰ জোঁৱাৰ উঠিছিল ৷ এইবাৰ সেই মণিপুৰলৈ প্ৰধানমন্ত্ৰী যাব বুলি জানিব পৰা গৈছে ৷ মণিপুৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কি বাৰ্তা দিয়ে তাৰ প্ৰতি সকলোৰে দৃষ্টি থাকিব ৷

