ETV Bharat / bharat

ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ মুকলি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন পাম্বান সেতু । অনুষ্ঠানত ৰে'ল মন্ত্ৰী আৰু তামিলনাডুৰ ৰাজ্যপাল উপস্থিত ।

India's first vertical lift sea bridge
ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ মুকলি (ANI)
author img

By ANI

Published : April 6, 2025 at 2:24 PM IST

3 Min Read
Choose ETV Bharat

ৰামনাথপুৰম (তামিলনাডু): দীৰ্ঘদিনীয়া প্ৰত্যাশাৰ অন্তত মুকলি হ'ল তামিলনাডুৰ ৰামনাথপুৰমৰ নতুন পামবান সেতু । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে তামিলনাডুৰ পাল্ক ষ্ট্ৰেইটত বিস্তৃত ২.০৭ কিলোমিটাৰ দৈৰ্ঘৰ এই সেতু । যি ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ হিচাপে পৰিগণিত হৈছে । এই সেতু ভাৰতৰ অভিযান্ত্ৰিক দক্ষতা আৰু দূৰদৰ্শী আন্তঃগাঁথনি বিকাশৰ এক প্ৰমাণ হিচাপেও পৰিগণিত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ উপস্থিতিত সেতুখন মুকলি কৰে । সেতুখনৰ কাৰ্যক্ষমতাই দেশৰ সামৰ্থ প্ৰদৰ্শন কৰে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে পাম্বান সেতুত বিজেপিৰ পতাকা উত্তোলন কৰাৰ সময়ত তেওঁ দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলীয় কৰ্মীসকলক অভিনন্দন জনায় । বৈষ্ণৱে এটা পোষ্টত লিখিছে, "অন্তোদয়ৰ সংকল্প আৰু 'নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট'ৰ আত্মা...। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসত সকলো কৰ্মীক আন্তৰিক অভিনন্দন ।"

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়েও সেতুখনৰ উদ্বোধনৰ পূৰ্বে ৰামেশ্বৰমৰ স্বামী মন্দিৰ পৰিদৰ্শন কৰে । এই সেতুৰ ইতিহাস বহু পুৰণি । ১৯১৪ চনত ব্ৰিটিছ অভিযন্তাসকলে মূল পাম্বান সেতু নিৰ্মাণ কৰিছিল । ৰামেশ্বৰম দ্বীপক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিবলৈ শ্চেৰ্জাৰ ৰোলিং লিফ্ট স্প্যানৰ সৈতে এটা কেণ্টিলিভাৰ । অৱশ্যে, ২০১৯ চনত অনুমোদিত নতুন সেতুখনৰ বৰ্তমানৰ সেতুতকৈ ৩ মিটাৰ অধিক, যাৰ ফলত সাগৰীয় সংযোগ উন্নত হৈছে ।

সেতুখনে তীৰ্থযাত্ৰী, পৰ্যটক আৰু বাণিজ্যৰ বাবে জীৱনৰেখা হিচাপে কাম কৰিছে । মন্ত্ৰালয়ে এক বিবৃতিত কয়, "কঠোৰ সামুদ্ৰিক পৰিৱেশ আৰু বৰ্ধিত পৰিবহণৰ চাহিদাৰ বাবে এক আধুনিক সমাধানৰ প্ৰয়োজন হৈছিল । ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰযুক্তিগতভাৱে উন্নত, ভৱিষ্যতৰ বাবে সাজু প্ৰতিস্থাপন নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল ।" ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ নৱৰত্ন পিএছইউ ৰে'ল বিকাশ নিগম লিমিটেডে (আৰভিএনএল) নতুন পাম্বান সেতু নিৰ্মাণ কৰে । আৰভিএনএলয়ে নিশ্চিত কৰিছে যে সেতুখনে তীব্ৰ গতি, বোজা আৰু সামুদ্ৰিক প্ৰয়োজনীয়তা পূৰণ কৰিছে । এই নতুন সেতুখনে সুৰক্ষা, স্থিৰতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃগাঁথনিৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে ।

নতুন পাম্বান সেতু হৈছে ভাৰতৰ প্ৰথমখন চি ৱাটাৰ ভাৰ্টিকেল লিফ্ট ব্ৰীজ । প্ৰযুক্তিগত উন্নতি আৰু অনন্য ডিজাইনৰ বাবে জনাজাত অন্যান্য বিশ্বব্যাপী স্বীকৃত দলঙৰ সৈতে ইয়াৰ সাদৃশ্য আছে । মন্ত্ৰালয়ে কয় যে ইয়াৰ ভিতৰত আছে আমেৰিকাৰ গোল্ডেন গেট ব্ৰীজ, লণ্ডনৰ টাৱাৰ ব্ৰীজ আৰু ডেনমাৰ্ক-চুইডেনৰ অৰেচুণ্ড দলং ।

লগতে পঢ়ক :আমাৰ চৰকাৰ চলি থাকিব: বিজেপিৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ আন্তৰিক বাৰ্তা - BJP 45TH FOUNDATION DAY