ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৮০৭০ কোটি টকীয়া বৈৰৱী-চাইৰাং ৰে'ল প্ৰকল্প

দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল মিজোৰামৰ ৰাজধানী ।

MIZORAM RAIL LINE
দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল মিজোৰামৰ ৰাজধানী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 13, 2025 at 4:44 PM IST

2 Min Read
Choose ETV Bharat

হাফলং: প্ৰথমবাৰৰ বাবে মিজোৰামৰ ৰাজধানী সংযোগ হ'ল ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বৈৰৱী-চাইৰাং ৰে’লপথ মুকলি কৰাৰ লগে লগে মিজোৰামবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ল ।

শনিবাৰে পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইৰাঙৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে ।

মিজোৰামত তিনিখন ৰে’লৰ ফ্লেগ অফ কৰি শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "পূৰ্বৰ চৰকাৰসমূহৰ অধীনত মিজোৰামকে ধৰি উত্তৰ-পূৰ্বাঞ্চল দীৰ্ঘদিন ধৰি অৱহেলাত ভুগি আছিল । চৰকাৰ উন্নয়ন, সংযোগ আৰু যুৱ সবলীকৰণৰ জৰিয়তে অঞ্চলটোক ৰাষ্ট্ৰীয় মূলসুঁতিৰ সৈতে একত্ৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"

দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল মিজোৰামৰ ৰাজধানী (ETV Bharat Assam)

বৈৰৱী-চাইৰাঙৰ ৫১.৩৮ কিলোমিটাৰ এই নতুন ৰে'লপথ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ । আজি চাইৰাঙৰ পৰা তিনিখন যাত্ৰীবাহী ৰে'লৰ ফ্লেগ অফ কৰে চাইৰাং আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছ চাইৰাং-কলকাতা এক্সপ্ৰেছ আৰু চাইৰাং গুৱাহাটী-মিজোৰাম এক্সপ্ৰেছ। চাইৰাঙৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেল ৰাজধানী এক্সপ্ৰেছ চলিব সপ্তাহত এদিন । আনহাতে চাইৰাং-কলকাতা এক্সপ্ৰেছ সপ্তাহত তিনিদিন আৰু চাইৰাং-গুৱাহাটী -মিজোৰাম এক্সপ্ৰেছ দৈনিক চলাচল কৰিব ।

MIZORAM RAIL LINE
দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল মিজোৰামৰ ৰাজধানী (ETV Bharat Assam)

৮,০৭০ কোটি টকাৰ বৈৰৱী-চাইৰাং ৰে’লপথটো মুকলি হোৱাত যোগাযোগৰ ক্ষেত্ৰত ৰাজ্য়খন আৰু এখোপ আগুৱালে । জটিল ভূতাত্ত্বিক পৰিস্থিতিত নিৰ্মিত ৪৫টা সুৰংগৰ উপৰিও ইয়াত ৫৫ খন ডাঙৰ দলং আৰু ৮৮ খন সৰু দলং অন্তৰ্ভুক্ত কৰা হৈছে ৷

MIZORAM RAIL LINE
দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল মিজোৰামৰ ৰাজধানী (ETV Bharat Assam)

ইয়াৰ মাজত ১৯৬ নম্বৰ দলংখন হৈছে ১১৪ মিটাৰ । কুতুবমিনাৰতকৈ ৪২ মিটাৰ বেছি ওখ । কুতুবমিনাৰৰ ওখ হৈছে ৭২ মিটাৰ ।

লগতে পঢ়ক:দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল আইজল: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বৈৰৱী-চাইৰাং ৰে’লপথ

মিজোৰামৰ বাবে ঐতিহাসিক দিন; সাক্ষী হ'ব সমগ্ৰ দেশ