নতুন দিল্লী: আক্ৰমণ-প্ৰত্যাক্ৰমণৰ অন্তত অৱশেষত ভাৰত আৰু পাকিস্তানে সংঘৰ্ষ সমাপ্ত কৰাত সন্মত হৈছে । সীমান্ত অঞ্চলতো লাহে লাহে শান্তি ঘূৰি আহিছে । তাৰ মাজতে সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু চীফ অফ ডিফেন্স ষ্টাফ অনিল চৌহান, এয়াৰ চীফ মাৰ্শ্বেল এ পি সিং, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠী আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰী উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে ১১ মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে সশস্ত্ৰ বাহিনীক সীমা অতিক্ৰম কৰি গুলীচালনা আৰু গোলাবৰ্ষণৰ প্ৰতি পূৰ্ণশক্তিৰে সঁহাৰি জনাবলৈ স্পষ্ট নিৰ্দেশনা দিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছিল । সূত্ৰৰ মতে প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে অপাৰেশ্যন সেন্দূৰ সমাপ্ত হোৱা নাই আৰু নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা নিক্ষেপ কৰা প্ৰতিটো পাকিস্তানী গুলীৰ ভাৰতে বোমাৰে প্ৰত্যুত্তৰ দিব ।

সূত্ৰই লগতে কৈছিল যে পাকিস্তানে গুলী চলালে ভাৰতেও উচিত প্ৰত্যুত্তৰ দিব । ভাৰত আৰু পাকিস্তানৰ বুজাবুজিৰ পিছত ভাৰতীয় বায়ুসেনাই অৱগত কৰে যে অপাৰেশ্য়ন সেন্দূৰৰ অধীনত প্ৰতিটো লক্ষ্য নিখুঁতভাৱে আৰু পেছাদাৰিতাৰে সম্পূৰ্ণ কৰা হৈছে । ইফালে ভাৰতীয় বায়ুসেনাই সকলোকে ভুৱা বাতৰিৰ পৰা বিৰত থাকিবলৈ আৰু পৰীক্ষা নকৰা তথ্য প্ৰচাৰ নকৰিবলৈও আহ্বান জনাইছিল । ভাৰতীয় সেনাই শেহতীয়াকৈ ঘোষণা কৰা মতে সীমান্ত অঞ্চলত কোনো নতুন গুলীবৰ্ষণ বা ড্ৰোণ আক্ৰমণৰ খবৰ পোৱা হোৱা নাই । তথাপিও সীমান্তত সেনা সম্পূৰ্ণ সতৰ্ক হৈ আছে বুলিও উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক :অৱশেষত উত্তেজনাপূৰ্ণ সীমান্তলৈ লাহে লাহে ঘূৰি আহিছে শান্তি - INDIA PAKISTAN TENSIONS