ETV Bharat / bharat

"আৰোগ্যম পৰম ভাগ্যম": বিশ্ব স্বাস্থ্য দিৱসত সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীৰ

আজি বিশ্ব স্বাস্থ্য দিৱস । ২০২৫ চনৰ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়বস্তু হৈছে "স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যত" ।

World Health Day 2025
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI Photo)
author img

By ANI

Published : April 7, 2025 at 11:25 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যই হৈছে “চূড়ান্ত সৌভাগ্য আৰু ধন” বুলি উল্লেখ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে বিশ্ব স্বাস্থ্য দিৱসত এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰি কয় যে, “কেন্দ্ৰ চৰকাৰে স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দি থাকিব আৰু মানুহৰ মংগলৰ বিভিন্ন দিশত বিনিয়োগ কৰিব” ।

"বিশ্ব স্বাস্থ্য দিৱসত আহক আমি এখন সুস্থ পৃথিৱী গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰোঁ । আমাৰ চৰকাৰে স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দি থাকিব আৰু মানুহৰ মংগলৰ বিভিন্ন দিশত বিনিয়োগ কৰিব । সু-স্বাস্থ্যই হৈছে প্ৰতিখন সমৃদ্ধিশালী সমাজৰ ভেটি!"- প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰে ।

এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে মেদবহুলতাৰ বিষয়টোক আঙুলিয়াই ৰন্ধন তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ সকলোকে আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে এক উদ্ধৃতিও প্ৰকাশ কৰে- 'আৰোগ্যম পৰম ভাগ্যম' ।

প্ৰধানমন্ত্ৰীয়ে অসুস্থ জীৱনশৈলীৰ ৰোগ, বিশেষকৈ মেদবহুলতাৰ ক্ৰমবৰ্ধমান সমস্যাৰ বিষয়ে উল্লেখ কৰি এই সমস্যা দিনকদিনে স্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কথাটোত গুৰুত্ব আৰোপ কৰে । ২০৫০ চনৰ ভিতৰত ৪৪ কোটিৰো অধিক ভাৰতীয় মেদবহুলতাৰ দ্বাৰা আক্ৰান্ত হ’ব বুলি ভৱিষ্যদ্বাণী কৰা শেহতীয়া প্ৰতিবেদনৰ বিষয়েও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে ।

"আৰোগ্যম পৰম ভাগ্যম, আৰোগ্য হি পৰম ভাগ্য, পৰম ধন হ্যে” (স্বাস্থ্যই হৈছে চূড়ান্ত সৌভাগ্য, চূড়ান্ত সম্পদ) বুলি প্ৰধানমন্ত্ৰীয়ে কয় । উন্নত স্বাস্থ্য হৈছে উন্নত ভৱিষ্যত সৃষ্টিৰ পথ । আজি আমাৰ পৰিৱৰ্তিত জীৱনশৈলী আমাৰ স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বানজনক ।

শেহতীয়াকৈ মেদবহুলতাৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ পাইছিল, "য'ত কোৱা হৈছে যে ৪৪ কোটিতকৈ অধিক লোকে মেদবহুলতাৰ ফল ভোগ কৰিব 2050 চনত । এই সংখ্যাবোৰ ভয়ংকৰ । আমি এতিয়াৰে পৰা সেইটোৰ ওপৰত কাম কৰিব লাগিব” বুলিও মোদীয়ে কয় ।

২০২৫ চনৰ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়বস্তু হৈছে "স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যত" ।আয়ুষ্মান ভাৰত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰতে নিজৰ স্বাস্থ্যসেৱা ব্যৱস্থাক শক্তিশালী কৰি ৰাখিছে । যাৰ ফলত মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ উন্নতি, ডিজিটেল স্বাস্থ্যসেৱাৰ প্ৰৱেশ সম্প্ৰসাৰণ আৰু জনস্বাস্থ্যৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে ।

প্ৰতি বছৰে ৭ এপ্ৰিলত পালন কৰা বিশ্ব স্বাস্থ্য দিৱস । যিয়ে বিশ্ব স্বাস্থ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু জৰুৰী স্বাস্থ্য প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সামূহিকভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় । ১৯৫০ চনত বিশ্ব স্বাস্থ্য সংস্থা(WHO) ই প্ৰথমবাৰৰ বাবে এই দিনটো পালন কৰিবলৈ আৰম্ভ কৰিছিল । এই সংস্থাটোৱে প্ৰতি বছৰে স্বাস্থ্যজনিত জটিল সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ, প্ৰতিষ্ঠান আৰু সম্প্ৰদায়সমূহক একত্ৰিত কৰে ।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ জনস্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । এই অগ্ৰগতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে মুখ্য ভূমিকা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: এফালে ৱাকফ(সংশোধনী) আইনৰ বিতৰ্ক, আনফালে ৰামৰ বন্দনাত মগ্ন মুছলমান মহিলা