নতুন দিল্লী : শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা থাইলেণ্ডৰ ৰাজধানী বেংককলৈ ৰাওনা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ এটা পোষ্টত লিখিছে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণলৈ ৰাওনা হয় ।"
"থাইলেণ্ডলৈ চৰকাৰী ভ্ৰমণত যোৱা প্ৰধানমন্ত্ৰীয়ে ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব । তাৰ পিছত তেওঁ শ্ৰীলংকা ভ্ৰমণলৈ যাব ।" লগতে কোৱা হৈছে ।
Over the next three days, I will be visiting Thailand and Sri Lanka to take part in various programmes aimed at boosting India's cooperation with these nations and the BIMSTEC countries.
— Narendra Modi (@narendramodi) April 3, 2025
In Bangkok later today, I will be meeting Prime Minister Paetongtarn Shinawatra and…
আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দেশ দুখনৰ লগতে বিমষ্টেক দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ তেওঁ আগন্তুক তিনি দিনৰ বাবে থাইলেণ্ড আৰু শ্ৰীলংকাত থাকিব । তেওঁ থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাৰ সৈতে বৈঠকত মিলিত হ'ব আৰু বিমষ্টেক সন্মিলনত অংশগ্ৰহণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথাও উল্লেখ কৰে । ভ্ৰমণকালত তেওঁ থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণকো লগ কৰিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "আগন্তুক তিনিদিনৰ বাবে মই থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ কৰিম । এই দেশ দুখন আৰু বিমষ্টেক দেশসমূহৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম ।"
PM @narendramodi departs on a visit to Thailand & Sri Lanka.
— Randhir Jaiswal (@MEAIndia) April 3, 2025
PM will be paying an Official Visit to Thailand & participate in the 6th BIMSTEC Summit. Thereafter, he will proceed on a State Visit to Sri Lanka. pic.twitter.com/xhKqeXQuhJ
"আজি উপস্থিত হোৱাৰ পিছত বেংককত মই প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাক সাক্ষাৎ কৰিম আৰু ভাৰত-থাইলেণ্ড বন্ধুত্বৰ সম্পূৰ্ণ পৰিসৰৰ বিষয়ে আলোচনা কৰিম । কাইলৈ মই বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিম আৰু থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণকো সাক্ষাত কৰিম ।" পোষ্টটোত লগতে কোৱা হৈছে ।
আনহাতে, আগন্তুক শ্ৰীলংকা ভ্ৰমণ সন্দৰ্ভত আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "মোৰ শ্ৰীলংকা ভ্ৰমণ ৪ তাৰিখৰ পৰা ৬ তাৰিখলৈকে অনুষ্ঠিত হ'ব । ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়েকৰ ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণ কৰিো ওলাইছোঁ । আমি ভাৰত-শ্ৰীলংকা বহুমুখী বন্ধুত্বৰ বিষয়ে পৰ্যালোচনা কৰিম আৰু সহযোগিতাৰ নতুন পথৰ বিষয়ে আলোচনা কৰিম । মই তাত বিভিন্ন বৈঠকৰ বাবে অপেক্ষা কৰি আছোঁ ।"
উল্লেখ্য যে, থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী মোদীয়ে ৩-৪ এপ্ৰিলত থাইলেণ্ড ভ্ৰমণ কৰিছে । তাত থকাৰ সময়ত তেওঁ বেংককত বৰ্তমানৰ বিমষ্টেকৰ অধ্যক্ষ থাইলেণ্ডৰ দ্বাৰা আয়োজিত ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব । এইটো প্ৰধানমন্ত্ৰীৰ তৃতীয়টো থাইলেণ্ড ভ্ৰমণ ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে য়ে কয় যে ২০১৮ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত চতুৰ্থ বিমষ্টেক সন্মিলনৰ পিছত এইখন বিমষ্টেক নেতাসকলৰ প্ৰথমখন মুখামুখি বৈঠক হ'ব । ২০২২ চনৰ মাৰ্চ মাহত শ্ৰীলংকাৰ কলম্বোত অন্তিম অৰ্থাৎ পঞ্চম বিমষ্টেক সন্মিলন ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত হৈছিল । ষষ্ঠ সন্মিলনৰ বিষয়বস্তু হৈছে 'বিমষ্টেক - সমৃদ্ধ, স্থিতিস্থাপক আৰু মুক্ত' । নেতাসকলে সন্মিলনৰ সময়ত বিমষ্টেক সহযোগিতাত অধিক গতি প্ৰদান কৰাৰ উপায় আৰু পথৰ ওপৰত চিন্তা-চৰ্চা কৰিব বুলি আশা কৰা হৈছে ।

নেতাসকলে বিমষ্টেক ফ্ৰেমৱৰ্কৰ ভিতৰত সহযোগিতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু ক্ষমতা নিৰ্মাণ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিব বুলি আশা কৰা হৈছে । ভাৰতে নিৰাপত্তা বৃদ্ধিকে ধৰি আঞ্চলিক সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে বিমষ্টেকত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
ইয়াৰ ভিতৰত আছে- বাণিজ্য আৰু বিনিয়োগৰ সুবিধা; প্ৰতিষ্ঠানিক, সামুদ্ৰিক আৰু ডিজিটেল সংযোগ স্থাপন কৰা; খাদ্য, শক্তি, জলবায়ু আৰু মানৱ সুৰক্ষাত সহযোগিতা কৰা; সক্ষমতা বৃদ্ধি আৰু দক্ষতা বিকাশৰ প্ৰচাৰ আৰু মানুহৰ মাজত সম্পৰ্ক বৃদ্ধি কৰা । থাইলেণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ আমন্ত্ৰণত ৪-৬ এপ্ৰিলত শ্ৰীলংকা ভ্ৰমণ কৰিব ।