ETV Bharat / bharat

জলে-স্থলে-নভোমণ্ডলে চলিব আক্ৰমণ ! বন্ধ কোঠাত মাত্ৰ ছগৰাকী বিশেষ ব্যক্তিৰে বহিল প্ৰধানমন্ত্ৰী - PM MODI CHAIRS MEETING

নিপাত যাব নেকি পাকিস্তান ? প্ৰতিৰক্ষা মন্ত্ৰী, এন এছ এ, চি ডি এছ, সশস্ত্ৰ বাহিনীৰ তিনি মুৰব্বীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক ।

PM Modi chairs meeting with Defence Minister, NSA, CDS, armed forces chiefs
বন্ধ কোঠাত মাত্ৰ ছগৰাকী বিশেষ ব্যক্তিৰে বহিল প্ৰধানমন্ত্ৰী (ANI)
author img

By ANI

Published : April 29, 2025 at 7:31 PM IST

2 Min Read

নতুন দিল্লী: ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কৰিব নেকি ছাৰ্জিকেল ষ্ট্ৰাইক ? নে পাকিস্তানক কঁকাল ভাঙিবলৈ ভাৰতে আৰম্ভ কৰিছে নতুন কৌশল ? পহলগামকাণ্ডৰ পিছতে বহুতে আঙুলি টোৱাইছে ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ ওপৰত । যাৰ ফলত দেশৰ শীৰ্য নেতৃত্বই প্ৰতিদিনাই ইখনৰ পাছত সিখনকৈ বৈঠকত মিলিত হোৱা দেখা গৈছে ।

এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰীৰ সহিতে স্থল, বায়ু আৰু নৌ সেনাৰ মুৰব্বীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় । মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে অংশগ্ৰহণ কৰে ।

এই বৈঠকত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আৰু এয়াৰ চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙেও অংশগ্ৰহণ কৰে । সোমবাৰে লোক কল্যাণ মাৰ্গত ৭ বজাত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।

এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকা সন্ত্ৰাসবাদী আৰু ইয়াৰ আঁৰৰ ষড়যন্ত্ৰকাৰী সকলোৱে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলিও ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ধিক্কাৰ জম্মু কাশ্মীৰ বিধানসভাৰ

লগতে পঢ়ক : পহলগামকাণ্ডৰ অপপ্ৰচাৰ প্ৰতিহত কৰিবলৈ কেন্দ্ৰই গঠন কৰিলে মন্ত্ৰীগোট

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দুদিন পিছতে চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছিল । এই বৈঠকতে সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি বিৰোধী দলসমূহে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰিছে ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছতে কেবিনেট কমিটী অন ছিকিউৰিটিৰ (Cabinet Committee on Security চমুকৈ CCS) বৈঠক অনুষ্ঠিত হয় । উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত নিৰ্বাচন সফলভাৱে অনুষ্ঠিত হোৱাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ দিশত ইয়াৰ অবিৰত অগ্ৰগতিৰ পিছত এই আক্ৰমণ সংঘটিত হৈছে ।

সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন জনোৱাৰ বাবে পাকিস্তানলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণৰ বাবে সিন্ধু জল সন্ধি স্থগিত ৰখাকে ধৰি কেবাটাও ধাৰাবাহিক ব্যৱস্থা গ্ৰহণৰ কথা ভাৰতে ইতিমধ্যে ঘোষণা কৰিছে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদক ধ্বংস কৰাত আমাৰ সহযোগ থাকিব: চৰকাৰলৈ বিৰোধীৰ পূৰ্ণ সমৰ্থন

লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে কেনে ব্যৱস্থা ল'ব ভাৰতে ? প্ৰধানমন্ত্ৰীৰে ৰাজনাথৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.