ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত

দেওবাৰে অনুষ্ঠিত হোৱা এই বৈঠকৰ মাজত যুদ্ধবিৰতি উলংঘনৰ কোনো খবৰ পোৱা হোৱা নাই ৷

MODI CHAIRS SECURITY MEET
উচ্চস্তৰীয় বৈঠক ((PMO/X) আৰু (IANS))
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 5:38 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ এদিন পিছত অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাসগৃহত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে ।

এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে ।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এই বৈঠক অনুষ্ঠিত হয় যদিও বৰ্তমানলৈকে নতুনকৈ যুদ্ধবিৰতি উলংঘাৰ কোনো খবৰ লাভ কৰা নাই ৷ শনিবাৰে যুদ্ধবিৰতি মানি চলিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কেইঘণ্টামানৰ পিছতে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছিল ৷ অৱশ্যে নিশাৰ ভাগত পৰিস্থিতি স্বাভাৱিক হৈয়ে থাকে ।

শনিবাৰে প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷ নতুন দিল্লীয়ে কৈছিল যে ভাৰত আৰু পাকিস্তানে গুলীচালনা বন্ধ আৰু সামৰিক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এক বুজাবুজিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ভাৰতে শনিবাৰে নিশা পাকিস্তানে যুদ্ধবিৰতিৰ চৰ্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল ৷

কেইবাদিনো ধৰি পাকিস্তানে অব্যাহত ৰখা গোলাবৰ্ষণ আৰু ড্ৰোণ আক্ৰমণৰ পিছত কেইবাটাও সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলে আতংকত ভুগি আছিল ৷ শনিবাৰে নিশাৰে পৰা অৱশ্যে এই পৰিস্থিতি স্বাভাৱিক হৈ পৰে ৷

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে স্পষ্টভাৱে কৈছিল যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে দৃঢ় আৰু আপোচবিহীন স্থিতি বজাই ৰাখিছে আৰু এয়া অব্যাহত থাকিব । পৰৱৰ্তী সময়ত আমেৰিকাৰ হস্তক্ষেপত দুয়োখন দেশে যুদ্ধবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও পাকিস্তানে ইয়াৰ কেইঘণ্টামানৰ পিছতে পুনৰ যুদ্ধবিৰতি উলংঘন কৰে ৷

ভাৰতে স্পষ্টভাৱে কয় যে গুজৰাটৰ কিছু অংশ, শ্ৰীনগৰ, ৰাজস্থানৰ বাৰ্মেৰকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত পাকিস্তানী ড্ৰোণ দেখা মাত্ৰকে ভাৰতে বাধা প্ৰদান কৰিছিল ৷ তদুপৰি কেইবাটাও সীমান্ত অঞ্চলত পুনৰ ব্লেকআউট কৰিবলগা হৈছিল ।

পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰা বুলি উল্লেখ কৰি ভাৰতে কয় যে সশস্ত্ৰ বাহিনীয়ে পৰ্যাপ্ত আৰু উপযুক্ত সঁহাৰি দিছে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শনিবাৰে গভীৰ নিশা সংবাদমেল সম্বোধন কৰি কয় যে ভাৰতে এই উলংঘাক অতি গুৰুত্ব সহকাৰে লৈছে ।

মিশ্ৰীয়ে কয়, ‘‘আমি পাকিস্তানক এই সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো আৰু পৰিস্থিতিটো গুৰুত্ব সহকাৰে আৰু দায়িত্বশীলতাৰে চম্ভালিবলৈ আহ্বান জনাইছো । সশস্ত্ৰ বাহিনীয়ে পৰিস্থিতিৰ ওপৰত কঠোৰ সতৰ্কতা বজাই ৰাখিছে আৰু তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ’ চিৰ কাষত সীমান্ত উলংঘাৰ যিকোনো পুনৰাবৃত্তিৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ।’’

পিছত পাকিস্তানে যুদ্ধবিৰতি চুক্তিখন নিষ্ঠাৰে কাৰ্যকৰী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থকা বুলি উল্লেখ কৰে । দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কয়, “পাকিস্তানে বিশ্বাস কৰে যে ই অঞ্চলসমূহক জুৰুলা কৰা আৰু শান্তি, সমৃদ্ধি আৰু স্থিতিশীলতাৰ দিশত যাত্ৰাত বাধা দিয়া সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এক নতুন আৰম্ভণি ।”

লগতে পঢ়ক: ভাৰত-পাক সংঘৰ্ষ বিৰতিক প্ৰশংসা ট্ৰাম্পৰ; কাশ্মীৰ বিষয়ত মধ্যস্থতাৰ প্ৰস্তাৱ