এন ডি এৰ সংসদীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা, অপাৰেশ্যন সেন্দূৰ-পহলগামৰ আক্ৰমণৰ সন্দৰ্ভত প্ৰস্তাৱ গৃহীত
৭ আগষ্টৰ পৰা আৰম্ভ হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰ্ব ৷ এই পৰ্ব আৰম্ভ হোৱাৰ দুদিনমান পূৰ্বে অনুষ্ঠিত এন ডি এৰ বৈঠক ।

Published : August 5, 2025 at 3:55 PM IST
নতুন দিল্লী: মঙলবাৰে অনুষ্ঠিত হয় এন ডি এৰ সংসদীয় দলৰ বৈঠক ৷ এই বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেশ্যন সেন্দূৰৰ সময়ত গ্ৰহণ কৰা ব্যতিক্ৰমী নেতৃত্বৰ বাবে সম্বৰ্ধনা জনোৱা হয় । সংসদীয় দলে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰাৰ উপৰিও অপাৰেশ্যন সেন্দূৰ আৰু অপাৰেশ্যন মহাদেৱৰ সময়ত সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা বীৰত্বৰ শলাগ লৈ গৃহীত কৰে এক প্ৰস্তাৱ ।
প্ৰস্তাৱটোত কোৱা হৈছে, ‘‘প্ৰধানমন্ত্ৰীগৰাকীৰ অদম্য সংকল্প, দূৰদৰ্শী নেতৃত্ব আৰু অটল স্থিতিয়ে জাতিটোক লক্ষ্যত উপনীত কৰাই নহয় বৰং সকলো ভাৰতীয়ৰ হৃদয়ত একতা আৰু গৌৰৱৰ এক নতুন মনোভাৱ জগাই তুলিছে ।’’
বৈঠকৰ আৰম্ভণিতে ‘‘হৰ হৰ মহাদেৱ, জয় শ্ৰী ৰাম আৰু ভাৰত মাতা কি জয়’’ আদি শ্লোগানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মালা পিন্ধাই আদৰণি জনাই বিজেপিৰ সভাপতি জে পি নাড্ডাই ।
#WATCH | Delhi: Prime Minister Narendra Modi arrives for the NDA parliamentary party meeting. pic.twitter.com/t34zB754cc
— ANI (@ANI) August 5, 2025
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সাংসদসকলক সম্বোধন কৰি অপাৰেশ্যন সেন্দূৰ কেনেদৰে সম্পন্ন কৰা হৈছিল আৰু কেনেকৈ বিৰোধীয়ে এটা “ভুৱা কাহিনী” ৰচনা কৰিবলৈ চেষ্টা কৰিছিল, যিটো সংসদত অপাৰেশ্যন সেন্দূৰৰ ওপৰত হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে “ভাঙি পেলাইছিল” সেই বিষয়ে ব্যাখ্যা কৰে । ৰিজিজুৱে উজ্জ্বল নিকাম, চি সদানন্দ মাষ্টৰ, হৰ্ষবৰ্ধন শ্ৰিংলাকে ধৰি সংসদৰ নতুন সদস্যসকলকো চিনাকি কৰাই দিয়ে ।
২২ এপ্ৰিলৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ সামৰিক সঁহাৰি আছিল অপাৰেশ্যন সেন্দূৰ ৷ আনহাতে, বিগত ২৮ জুলাইত অপাৰেশ্যন মহাদেৱৰ জৰিয়তে শ্ৰীনগৰৰ পাহাৰীয়া এলেকাত পহলগামৰ আক্ৰমণত জড়িত তিনি সন্ত্ৰাসবাদীক ভাৰতৰ নিৰাপত্তা বাহিনীয়ে হত্যা কৰিছিল ।
বৈঠকত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ, ৰাহুলক কটাক্ষ
বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত হোৱা আলোচনাই বিৰোধীক অধিক লজ্জিত কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘অপাৰেশ্যন সেন্দূৰৰ ওপৰত আলোচনাৰ দাবী তুলি বিৰোধীয়ে ভুল কৰিলে । নিজৰ ভৰিত গুলী চলোৱা এনে বিৰোধী ক'ত পাব ? বিৰোধীয়ে অপাৰেশ্যন সেন্দূৰক লৈ প্ৰশ্ন উত্থাপন কৰিলে, নিজৰ সেনাবাহিনীৰ বীৰত্বক লৈ প্ৰশ্ন উত্থাপন কৰিলে, যাৰ বাবে লাজ পাইছে ।’’
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ পৰা ধমক খোৱা বিৰোধী নেতা ৰাহুল গান্ধীৰ বক্তব্য সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বক্তব্য “আ বেল, মুঝে মাৰ” (কাৰোবাক বিপদ চপাই ল’বলৈ মতা, হিন্দী বাক্যাংশ)ৰ সৈতে মিল আছে ।
‘‘বিৰোধীয়ে যেতিয়া অভিযোগ উত্থাপন কৰে, কাকতলীয়ভাৱে ভগৱানেও মোক সমৰ্থন কৰে আৰু পিছত বিৰোধীয়ে উপলব্ধি কৰে যে তেওঁলোকে অপাৰেশ্যন সেন্দূৰৰ ওপৰত আলোচনাৰ দাবী কৰি ভুল কৰিলে ।’’ প্ৰধানমন্ত্ৰীয়ে কয় ৷
প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদকে নিজৰ নিজৰ সংসদীয় সমষ্টিত ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰি যিমান পাৰি সিমান লোকক ইয়াৰ লগত জড়িত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
পহলগামৰ আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত প্ৰস্তাৱ
অপাৰেশ্যন সেন্দূৰ আৰু অপাৰেশ্যন মহাদেৱৰ সময়ত বীৰত্ব প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ অতুলনীয় সাহস আৰু অটল দায়বদ্ধতাক প্ৰণাম জনাই এন ডি এ-ৰ সংসদীয় দলে প্ৰস্তাৱ গৃহীত কৰে ।
প্ৰস্তাৱটোত কোৱা হৈছে, ‘‘তেওঁলোকৰ সাহসে আমাৰ জাতি ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অদম্য সমৰ্পণক প্ৰতিফলিত কৰিছে । পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি আমি গভীৰ শোক আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো ।’’
একেখন বৈঠকতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদৰ্শন কৰা "ব্যতিক্ৰমী নেতৃত্ব"ক প্ৰশংসা কৰে এন ডি এ সংসদীয় দলে । কোৱা হৈছে যে প্ৰধানমন্ত্ৰীগৰাকীৰ অদম্য সংকল্প, দূৰদৰ্শী নেতৃত্ব আৰু অটল স্থিতিয়ে জাতিটোক লক্ষ্যত উপনীত কৰাই নহয় বৰং সকলো ভাৰতীয়ৰ হৃদয়ত একতা আৰু গৌৰৱৰ এক নতুন মনোভাৱ জগাই তুলিছে ।
#WATCH | Delhi: Defence Minister Rajnath Singh, Union Home Minister Amit Shah, BJP MP Kangana Ranaut and BJP National President JP Nadda arrive for the NDA parliamentary party meeting. pic.twitter.com/M4sS0Pufpv
— ANI (@ANI) August 5, 2025
২২ এপ্ৰিলত লস্কৰ-ই-তৈবা আৰু পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) পহলগামত এক ভয়াৱহ আক্ৰমণ চলাইছিল । প্ৰস্তাৱটোত এনেদৰে উল্লেখ কৰা হৈছে, ‘‘এই আক্ৰমণৰ ফলত ২৬ জন নিৰীহ পৰ্যটকক ভয়ংকৰ আৰু বৰ্বৰভাৱে হত্যা কৰা হয় । সন্ত্ৰাসবাদীয়ে নিজৰ ধৰ্মৰ ভিত্তিত সাধাৰণ লোকক লক্ষ্য কৰি নিৰ্মমভাৱে হত্যা কৰে । এই সন্ত্ৰাসবাদী আক্ৰমণে সকলোকে দুখী আৰু ক্ষুব্ধ কৰি তুলিছে ।’’
ইয়াত এনেদৰে লিখা আছিল, ‘‘প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগক প্ৰতিধ্বনিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰৰ মধুবনীত কৈছিল - ‘‘আজি বিহাৰৰ ভূমিৰ পৰা সমগ্ৰ বিশ্বক কওঁ; ভাৰতে প্ৰতিজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকক চিনাক্ত কৰিব, বিচাৰি উলিয়াব আৰু শাস্তি দিব ।”
প্ৰস্তাৱটোত পুনৰ কোৱা হৈছে, ‘‘বিহাৰৰ ভূমিত দিয়া তেওঁৰ পবিত্ৰ প্ৰতিজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি এই সংকল্পক কাৰ্যত পৰিণত কৰা হ'ল । পহলগাম আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ জনাই ২০২৫ চনৰ ৬-৭ মে’ৰ মাজনিশা ভাৰতে 'অপাৰেশ্যন সেন্দূৰ' আৰম্ভ কৰে । সামৰিক শক্তি আৰু দৃঢ় নেতৃত্বৰ জৰিয়তে ন্যায় লাভ কৰাতো নিশ্চিত কৰা হৈছিল ৷ ভাৰতে সন্ত্ৰাসক কেতিয়াও পাহৰি নাযায় বা ক্ষমা নকৰে ।’’
অপাৰেশ্যন সেন্দূৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ বিভিন্ন স্থানত থকা সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰত কোনো ধৰণৰ তীব্ৰতা বৃদ্ধি নোহোৱাকৈ নিখুঁতভাৱে লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ কৰা হৈছিল বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷
ইয়াত লিখা আছে, ‘‘ই ভাৰতৰ শান্তিৰ প্ৰতি দায়বদ্ধতা, সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা আৰু প্ৰয়োজন হ'লে সন্ত্ৰাসবাদী আন্তঃগাঁথনি উভালি পেলোৱাৰ বাবে সকলো সম্ভাৱ্য পদক্ষেপ গ্ৰহণ কৰাটোক প্ৰতিফলিত কৰে । ২০১৪ চনত এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা এইটো এটা নিয়মত পৰিণত হৈছে ।’’
এন ডি এৰ সাংসদসকলে কয়, ‘‘ভাৰতৰ জনসাধাৰণে ২০১৪ চনৰ আগতে সমগ্ৰ ভাৰতত ব্যাপকভাৱে বিয়পি পৰা “সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি কেনে আছিল” সেই কথা পাহৰা নাই । তেওঁলোকে কয় যে দেশৰ ডাঙৰ ডাঙৰ চহৰত বোমা বিস্ফোৰণ সংঘটিত হোৱাটো তেতিয়াৰ সময়ত আছিল সাধাৰণ কথা । তেওঁ কয় যে এই পৰিৱৰ্তনৰ ভাৰতৰ জনসাধাৰণে অতিশয় শলাগ লৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে যি দৃঢ়তাৰে নতুন স্বাভাৱিকতাক আলোকপাত কৰিলে, সেই কথাও আমি শলাগ লৈছো, যিয়ে এনে প্ৰত্যাহ্বানৰ প্ৰতি আমাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিব ।’’
প্ৰস্তাৱত উল্লেখ কৰা তিনিটা মূল কথা
- যদি ভাৰতত কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, তেন্তে তাৰ সঠিক উত্তৰ দিয়া হ’ব । আমি নিজৰ চৰ্তত সঠিক উত্তৰ দিম । সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা ওলাই আহে, তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।
- দ্বিতীয়তে, ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ভাবুকি সহ্য নকৰে । পাৰমাণৱিক ভয়-ভাবুকিৰ অন্তৰালত বিকশিত হৈ থকা সন্ত্ৰাসবাদী ঘাটিসমূহৰ ওপৰত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব ।
- সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মাষ্টাৰ মাইণ্ডৰ মাজত ভাৰতে কোনোধৰণৰ পাৰ্থক্য নাৰাখে ।
নাৰী শক্তি আৰু অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত...
প্ৰস্তাৱটোত কোৱা হৈছে যে অপাৰেশ্যন সেন্দূৰে ভাৰতৰ নাৰী শক্তিৰ পৰা বিশেষভাৱে অপৰিসীম সমৰ্থন লাভ কৰিছে । লগতে উল্লেখ কৰা হৈছে, ‘‘এই অপাৰেশ্যনৰ নামটো বিশেষকৈ মৰ্মান্তিক, কিয়নো আমাৰ সংস্কৃতিত সেন্দূৰ মানে মহিলাসকলে বিয়াৰ পিছত কপালত পিন্ধা পবিত্ৰ সেন্দূৰ ।’’
‘‘কাপুৰুষ সন্ত্ৰাসবাদীয়ে আমাৰ মহিলাসকলৰ কপালৰ পৰা সেন্দূৰ মচি দিয়াৰ বিপৰীতে আমাৰ সশস্ত্ৰ বাহিনীয়ে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে তেওঁলোকৰ নিষ্ঠুৰতাৰ প্ৰতিশোধ লৈ কোটি কোটি ভাৰতীয়ক সুৰক্ষা দিছিল” বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে ৷
এন ডি এ-ৰ সংসদীয় দলে কয় যে তেওঁলোকে এই নিৰ্ণায়ক সঁহাৰিৰ প্ৰশংসা কৰে, যিয়ে “ভাৰতৰ মাতৃ আৰু কন্যাসকলক ন্যায় প্ৰদান কৰে, যাৰ নাম সঠিকভাৱে অপাৰেশ্যন সেন্দূৰ ৰখা হৈছে ।’’
ইয়াত কোৱা হৈছে যে ই সঁচাকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জাতিটোৰ সংকল্পৰ এক শক্তিশালী প্ৰতিফলন আছিল ।
প্ৰতিৰক্ষা সংস্কাৰৰ সন্দৰ্ভত মন্তব্য
প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰা প্ৰতিৰক্ষা সংস্কাৰৰ ধাৰাবাহিকতাও লক্ষ্য কৰা বুলি এন ডি এ সংসদীয় দলে প্ৰকাশ কৰে, যিবোৰ অপাৰেশ্যন সেন্দূৰত অতি উপযোগী আছিল ।
‘‘মোদী চৰকাৰে কেনেকৈ সংস্কাৰ আৰু খিলঞ্জীয়াকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, সেই কথা মনত ৰাখিবলগীয়া । এই অভিযানত ঐক্য আৰু সংহতিৰ প্ৰতি থকা দায়বদ্ধতাও পৰিলক্ষিত হৈছিল’’ বুলি বিবৃতিটোত উল্লেখ আছে ৷
ভাৰতত ড্ৰোণ বিপ্লৱ আনিবলৈ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত দায়বদ্ধতা লাভজনক বুলি প্ৰমাণিত হোৱাৰ কথাও প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে । প্ৰস্তাৱটোত কোৱা হৈছে, ‘‘সন্ত্ৰাসবাদৰ ঘাটিত আঘাত কৰিবলৈ আমাৰ সশস্ত্ৰ বাহিনীৰ মুক্ত দুহাত আছে বুলি প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈছিল আৰু তেওঁলোকে নিজৰ পছন্দমতে সময়ত আৰু স্থানত যি কৰিব লাগে, সেয়াই কৰিছিল ৷’’
অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত বিশ্বব্যাপী প্ৰচাৰ
অপাৰেশ্যন সেন্দূৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিশ্চিত কৰে যে বিভিন্ন দলৰ পৰা ৫৯ জন সংসদীয় সদস্যই ৩২ খন দেশ ভ্ৰমণ কৰি ভাৰতৰ দৃষ্টিভংগী সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰে । প্ৰস্তাৱটোত পুনৰ কোৱা হৈছে যে ভাৰতে এতিয়ালৈকে আৰম্ভ কৰা বিশ্বব্যাপী পদক্ষেপসমূহৰ ভিতৰত এয়া অন্যতম, দেশখন কেনেদৰে সন্ত্ৰাসৰ বলি হৈছে আৰু সমগ্ৰ বিশ্বতে বিশ্বৰ যিকোনো প্ৰান্তত সন্ত্ৰাসবাদী আক্ৰমণ কিয় মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি আলোকপাত কৰা হৈছে ।
বিৰোধী সাংসদৰ অংশগ্ৰহণে “আমাৰ গণতন্ত্ৰৰ পৰিপক্কতা আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰতিফলিত কৰে, যিয়ে বিশ্বাস কৰে যে আমি সকলোৱে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ত একেলগে আছো” বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷
প্ৰস্তাৱটোত আৰু কোৱা হৈছে যে আমেৰিকাই পহলগাম আক্ৰমণৰ বাবে দায়ী দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) ক বিদেশী সন্ত্ৰাসবাদী সংস্থা (এফ টি অ’) আৰু বিশেষভাৱে নিৰ্ধাৰিত গ্ল’বেল টেৰ’ৰিষ্ট (এছ ডি জি টি) হিচাপে ঘোষণা কৰিব লাগে আৰু পহলগাম আক্ৰমণক নিন্দা কৰা ব্ৰিকছৰ যুটীয়া ঘোষণাই, “সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নিশ্চিত কৰা আৰু সন্ত্ৰাসবাদ প্ৰতিহত কৰাত দ্বৈত মানদণ্ড প্ৰত্যাখ্যান” কৰাৰ কথা স্বীকাৰ কৰি পাকিস্তানে নিজৰ মাটিত আশ্ৰয় দিয়া সন্ত্ৰাসবাদৰ কূটনৈতিক স্থিতিৰ বিৰুদ্ধে ভাৰতৰ জয় প্ৰতিফলিত কৰে ।
‘‘এই উন্নয়নে বিশ্বৰ মঞ্চত ভাৰতৰ বৰ্ধিত প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় দৃঢ়তাক প্ৰতিফলিত কৰে । বিগত ১১ বছৰত এন ডি এ চৰকাৰে শক্তিশালী, উন্নত আৰু শান্তিপূৰ্ণ বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে । আগন্তুক সময়তো এই প্ৰচেষ্টাসমূহ অধিক দৃঢ়ভাৱে অব্যাহত থাকিব’’- বুলি উল্লেখ কৰাৰ পিছত প্ৰস্তাৱটোৰ সামৰণি পৰে ।
লগতে পঢ়ক: 'অন্যায়, অযুক্তিকৰ' : ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতেই ভাৰতে দিলে প্ৰত্যুত্তৰ

