নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত দেশৰ এনডিএ নেতৃত্বাধীন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । ৰাষ্ট্ৰীয় ৰাজধানীৰ অশোকা হোটেলত অনুষ্ঠিত হয় এই বৈঠক ।
বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে । এনডিএ শাসিত ৰাজ্যসমূহৰ পৰা মুখ্যমন্ত্ৰীসকলো এই সভাত উপস্থিত থাকে ।

তাৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ', মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং ছেইনী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন পেটেল ।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা আৰু সম্ৰাট চৌধুৰী, ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ সাও আৰু বিজয় শৰ্মা, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পাৰিদা, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু একনাথ সিন্দে, নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং আৰু য়ান্থুংগো পেটন, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী প্ৰেম চান্দ বাৰৱা আৰু দীয়া কুমাৰী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক আৰু কেশৱ প্ৰসাদ মৌৰ্যও বৈঠকত উপস্থিত থাকে ।

অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰাংগাছামী এনডিএৰ মুখ্যমন্ত্ৰীসকলৰ এই বৈঠকত উপস্থিত নাই । সূত্ৰৰ মতে এই বৈঠকত নেতাসকলক অপাৰেশ্যন সেন্দূৰ আৰু শেহতীয়া পৰিস্থিতিৰ পিছত ভাৰতৰ বহল নিৰাপত্তা কৌশলৰ বিষয়ে অৱগত কৰা হয় । ভাৰতৰ সেনাই ‘‘অপাৰেশ্যন সেন্দূৰ’’ৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলোৱাৰ পিছত এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

এক সূত্ৰই এই বৈঠক সন্দৰ্ভত কয়, "পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতৰ ষ্ট্ৰাইক, অপাৰেশ্যন সেন্দূৰ আৰু যুদ্ধবিৰতি বুজাবুজিৰ বিষয়ে নেতাসকলক অৱগত কৰিবলৈ বৈঠকৰ আহ্বান কৰা হয় । বৈঠকৰ বাবে সকলো মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছিল । ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এক শক্তিশালী বাৰ্তা পোৱা যাব ।"
এই বৈঠকে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সীমান্তৰ সিপাৰৰ পৰা ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পিছত এক ঐক্যবদ্ধ বাৰ্তা প্ৰেৰণ কৰিব ।